নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰিজান সীমান্ত আৰক্ষীৰ ২১ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দঃ আটক দুজন

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ বোকাজান মহকুমাৰ অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্ত এলেকাইদি অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ বিপৰীতে কাৰ্বি আংলং আৰক্ষীয়েও ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত ৰাখি বহু সফল অভিযান চলাই নিতৌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইটা ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰী।
আজিও অসম-নগালেণ্ড সীমান্তত আৰক্ষীয়ে নিচেই পুৱাতে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ডিলাই আৰক্ষী থানাত অনুষ্ঠিত সংবাদ মেলত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে এক গোপন তথ্যৰ ভিত্তিত অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে  পুৱা প্ৰায় ৫.৩০ বজাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তাৎক্ষণিকভাৱে বহুওৱা বিশেষ নাকাত চুবুৰীয়া ৰাজ্য মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-০৪-এচি-৫২১৩ নম্বৰৰ ছয় চকীয়া ট্ৰাকখনত তালাচী অভিযান চলায়।
আৰক্ষীয়ে তালাচীত গাড়ীখনৰ চালকৰ কেবিনৰ পৰা ৬ টা পেকেটত ভৰাই অনা অৱস্থাত প্ৰায় ২১ কোটি টকা মূল্যৰ ৩ কিলো ৪৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে মণিপুৰৰ সেনাপতি জিলাৰ গ’পিনাল গাঁৱৰ বাসিন্দা নৰবাহাদুৰ গুৰংৰ পুত্ৰ ৰামে গুৰুং (২৭) আৰু হেণ্ডিমেন ইম্ফল জিলাৰ টাংটা টুমি গাঁৱৰ বাসিন্দা অমৰ গুৰংৰ পুত্ৰ ভীম গুৰুং (৩৩) ক আটক কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলত উদ্বেগ প্ৰকাশ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয়ভাৱে এক শক্তিশালী চক্ৰই ম্যানমাৰ, থাইলেণ্ড আৰু লাউচৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী সোণালী ত্ৰিভুজৰ পৰা নিয়ন্ত্ৰণ কৰা ড্ৰাগছৰ কলা সাম্ৰাজ্যখনে সম্প্ৰতি অসমত ব্যাপক প্ৰভাৱ পেলাইছে।
অসমত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা। দৈনিক প্ৰায় পোন্ধৰ সহস্ৰাধিক লোকে এই নিষিদ্ধ ড্ৰাগছ ব্যৱহাৰ কৰি আহিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । প্ৰতিদিনে ৩৯ নং, ৩৬ নং, ৬১ নং আৰু ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথসমূহেৰে অসমলৈ সৰবৰাহ হয় বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী।
ইতিমধ্যে কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযানৰ বাবে বিশেষ দল গঠন কৰাৰ লগতে চলিত বৰ্ষৰ ২৬ জুনৰ পৰা আজিৰ তাৰিখলৈ কাৰ্বি আংলং আৰক্ষীয়ে মুঠ ১৫ কেজি ব্ৰাউন চুগাৰ আৰু হেৰ’ইন জব্দ কৰাৰ লগতে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১০০ কোটিৰো অধিক বুলি আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সংবাদ মেলৰ যোগেদি সদৰী কৰে।
উল্লেখ্য যে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰীৰ তত্ত্বাৱধানত তথা এনডিপিএছ আইনত জব্দকৃত ড্ৰাগছখিনি ছীল কৰা হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
You might also like