নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবঃ ৰাজ্যসভাত এইবাৰ বিৰোধী অলপ দুর্বল

অসমসহ সাতভনীৰ ভূমিখণ্ডত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৯ৰ বিৰুদ্ধে যিমানেই প্রতিবাদ নহওক কিয়, কেন্দ্রত শাসনাধিষ্ঠিত এন ডি এ চৰকাৰৰ প্রধান দল বিজেপিয়ে বিধেয়কখন সংসদত উত্থাপন নকৰাকৈ নাথাকে ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে ৷ উত্তৰ–পূবৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠন আদিৰ সৈতে বিধেয়কখন সন্দর্ভত চলি থকা আলোচনাতো তেওঁ বিধেয়কখনক লৈ চৰকাৰৰ অনমনীয় স্থিতি প্রদর্শন কৰিছে ৷ আলোচনা কালত যিসকলে বিধেয়কখনৰ বিৰোধিতা কৰিছিল, তেওঁলোকক মন্ত্রীগৰাকীয়ে ‘কেব’ প্রত্যাহাৰ কৰা নহ’ব বুলি দৃঢ়তাৰে সৈতে কৈ থৈছে ৷ বিশেষকৈ আছুৰ প্রতিনিধিসকলক কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কোনো কাৰণতে বিধেয়ক প্রত্যাহাৰ কৰা নহয় বুলি অমিত শ্বাহে কৈছে ৷ আছুৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ‘কেব’ সন্দর্ভত ৩৮ খন বৈঠকত মিলিত হৈছিল, প্রতিখন বৈঠকতে একেই স্থিতি গ্রহণ কৰা কেন্দ্রীয় চৰকাৰ তথা বিজেপিয়ে এই মুহূর্তত বিধেয়কখনৰ পৰা এক বিন্দুও পিছহুঁহকি অহাৰ সম্ভাৱনা নাই ৷ বৰং কেন্দ্রীয় কেবিনেটত বিধেয়ক অনুমোদন কৰোৱাই বিজেপি তথা কেন্দ্রীয় চৰকাৰ সংসদৰ সন্মুখীন হ’বলৈ সাজু হৈছে ৷ ইয়াৰ পূর্বে এন ডি এ চৰকাৰৰ পূর্বৰ শাসন কালত অনুষ্ঠিত সংসদৰ অন্তিমখন অধিৱেশনত বিধেয়কখন আইনত পৰিণত কৰাৰ চেষ্টা চলোৱা হৈছিল ৷ সেইবাৰ বিৰোধীৰ প্রবল বিৰোধিতাত চৰকাৰী চেষ্টা ব্যর্থ হয় ৷ অধিৱেশনৰ পিছতে চৰকাৰৰ কার্যকাল উকলি যোৱাত এইবাৰ বিধেয়কখন নতুনকৈ সংসদত উত্থাপন কৰা হ’ব ৷ বিধেয়কখন লোকসভাত সহজেই গৃহীত হ’ব ৷ লোকসভাত বিজেপিয়ে একক শক্তিৰে বিধেয়ক গৃহীত কৰোৱাবলৈ সক্ষম ৷ কিন্তু ৰাজ্যসভাত বিজেপি অথবা এন ডি এ অদ্যাপি একক সংখ্যাগৰিষ্ঠ নহয় ৷ কিন্তু তাৎক্ষণিক তিনি তালাক নিষিদ্ধকৰণ, সংবিধানৰ পৰা ৩৭০ নং ধাৰাৰ অধীনত থকা ব্যৱস্থাৰ বিলুপ্তিকে ধৰি শেহতীয়াকৈ কেইবাখনো বিধেয়ক বিজেপিয়ে যিদৰে হেলাৰঙে গৃহীত কৰোৱাবলৈ সক্ষম হৈছে, তালৈ চালে এইবাৰ নাগৰিকত্ব (সংশোধনী) বিধেয়কখনো ডচ্চ সদনত বিশেষ বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম ৷ শেহতীয়াকৈ কেন্দ্রীয় কেবিনেটত গৃহীত হোৱা নাগৰিকত্ব (সংশোধনী) বিধেয়কত পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা ধর্মীয় কাৰণত নির্যাতিত হৈ আহি ভাৰতবর্ষত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অবৈধভাৱে বসবাস (কমেও ছবছৰ) কৰা নাগৰিকক নাগৰিকত্বপ্রাপ্তিৰ ক্ষেত্রত চৰকাৰী বিধিত থকা কঠোৰতা শিথিল কৰা হৈছে ৷ বিধেয়কখন আইনত পৰিণত হ’লে হিন্দু, খ্রীষ্টান, বৌদ্ধ, শিখকে ধৰি ছটা ধর্মৰ লোক লাভান্বিত হ’ব ৷ পাকিস্তানৰ পৰা অহা তেনে ধৰণৰ লোকৰ সিংহভাগ দিল্লী, ৰাজস্থানত বসবাস কৰি আছে ৷ কিছু পৰিমাণে হাৰিয়ানা আৰু পঞ্জাবতো ধর্মীয় কাৰণত বিতাড়িত হৈ পাকিস্তান এৰিবলগীয়া লোক আছে ৷ আফগানিস্তানৰ পৰা যি সামান্য পৰিমাণৰ তেনে লোক আহিছে, তেওঁলোকে মূলতঃ দিল্লীত বসবাস কৰে ৷ ইয়াৰ বাহিৰে দেশৰ আন অংশত ধর্মীয় কাৰণত পাকিস্তান ত্যাগ কৰি বসবাস কৰা লোকৰ সংখ্যা তেনেই তাকৰ ৷ ইয়াৰ বিপৰীতে, বাংলাদেশৰ পৰা বুজন পৰিমাণৰ হিন্দু বাঙালীয়ে পশ্চিমবংগৰ লগতে অসম, ত্রিপুৰাসহ ডত্তৰ–পূবৰ ৰাজ্যকেইখনত আহি থিতাপি লৈছে ৷ অৱশ্যে এন আৰ চিৰ তথ্যৰ আধাৰত চৰকাৰী পক্ষই বিভিন্ন মাধ্যমৰ জৰিয়তে প্রকাশ আৰু প্রচাৰ কৰি অহা অনুসৰি সংখ্যাটো দহ লাখো নহ’ব ৷ আনহাতে, প্রতিবাদী পক্ষৰ ভিন্ন ভিন্ন পৰিসংখ্যা দাবী কৰা হৈছে ৷

আজিৰ তাৰিখত ৰাজ্যসভাত ২৩৯খন আসন আছে৷ অর্থাৎ ১২০টা ভোটে বিধেয়কখন আইনত পৰিণত হোৱাৰ পথ মুকলি কৰি দিব ৷ আনহাতে, বিধেয়কখনৰ সপক্ষে থকা প্রধান দল বিজেপিৰ ৰাজ্যসভাত ৮১গৰাকী সদস্য আছে ৷ এন ডি এ শিবিৰত ১০৪খন আসন আছে ৷ মূল বিৰোধীৰ ৰূপত কংগ্রেছৰ সদস্যৰ সংখ্যা আছে ৪৬খন ৷ আন এটা বিৰোধী দল তৃণমূল কংগ্রেছৰ ১৩গৰাকী সাংসদ আছে ৷ শেহতীয়াকৈ শিৱসেনাই বিধেয়কখনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে ৷ ৰাজ্যসভাত দলটোৰ সদস্য সংখ্যা তিনিজন ৷ বিৰোধী পক্ষত থকা আন আন উল্লেখযোগ্য দলৰ সমাজবাদী পার্টীৰ নজন, বহুজন সমাজবাদী পার্টীৰ চাৰিজন, চি পি আই (এম)ৰ পাঁচজন, ডি এম কেৰ চাৰিজন, টি ডি পিৰ দুজন, এন চি পিৰ চাৰিজন সদস্য আছে ৷ আনহাতে, ৰাজ্যসভাত চতুর্থটো শক্তিশালী দল হিচাপে এ আই এ ডি এম কেৰ ১১গৰাকী সদস্য আছে৷ বিধেয়কখন সন্দর্ভত অদ্যাপি দলটোৰ স্থিতি স্পষ্ট নহয় যদিও ৰাজনৈতিক মহলৰ ধাৰণা, তেওঁলোকে ভোটদানত ডপস্থিত নাথাকিব পাৰে ৷ অনুৰূপ ধৰণে এন ডি এৰ আন এটা অংশীদাৰ বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জে ডি (ইড) দলেও ভোটদানৰ পৰা বিৰত থাকিলে এন ডি এ শিবিৰে ছটা ভোট হেৰুৱাব ৷ তাৎপর্যপূর্ণভাৱে এইবাৰ অগপৰ একমাত্র ভোটটো বিধেয়কখনৰ সপক্ষে পৰিব ৷ সময়ৰ বিচাৰত সেই ভোটটোও নির্ণায়ক হৈ উঠিব পাৰে ৷ অৱশ্যে সামগ্রিকভাৱে পর্যালোচনা কৰিলে, ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্রত পূর্বৰ তুলনাত এইবাৰ বিজেপি সন্তোষজনক অৱস্থাত আছে ৷ দলটোৱে তেলেংগানাৰ টি আৰ এছ, অন্ধ্রপ্রদেশৰ ৱাই এছ আৰ কংগ্রেছ, ওডিশাৰ বিজু জনতা দলৰ সমর্থন সততে লাভ কৰি আহিছে ৷ ৰাজ্যসভাত তিনিওটা দলৰ ১৫গৰাকী সদস্য আছে ৷ গতিকে, সংখ্যাৰ গণিতৰ হিচাপত এইবাৰ বিধেয়কখন দুয়ো সদনতে গৃহীত হোৱাৰ সম্ভাৱনা আছে ৷

You might also like