নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ অসমসহ উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ কি হ’ল? ২০১১ চনৰ লোকপিয়ল থকা সত্ত্বেও ২০০১ চনৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া কিয় হাতত লোৱা হৈছে? এনে ধৰণৰ কেতবোৰ প্রশ্ন সন্মুখত ৰাখি যোৱা মে’ মাহৰ পৰা উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰলৈ একাধিক জাননী জাৰি কৰিছিল৷ কিন্তু আজিকোপতি এই জাননীসমূহৰ কোনো উত্তৰ নিদিয়াত ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বৰ্ডে নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠে দীর্ঘদিনৰ বিৰতৰ অন্তত সমগ্র বিষয়টোক লৈ আজি পুনৰ শুনানি গ্রহণ কৰে৷ ক্ষুব্ধ তিনিজনীয়া খণ্ড বিচাৰপীঠখনে অহা দুসপ্তাহৰ ভিতৰত কেন্দ্র আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰলৈ গুচৰীয়া পক্ষসমূহে উত্থাপন কৰা প্রশ্নৰ উত্তৰ প্রদান কৰিবলৈ আজি পুনৰ জাননী জাৰি কৰে৷ মুখ্য ন্যায়াধীশ ব’ৰ্বডেই আজি ইমানেই ক্ষুব্ধ হৈ পৰিছে যে নির্ধাৰিত সময়ৰ ভিতৰত উত্তৰ নিদিলে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া আবেদনৰ শুনানি একপক্ষীয়ভাৱে গ্রহণ কৰিব বুলি তেওঁ সকীয়াই দিয়ে৷ ‘অহা দুসপ্তাহৰ ভিতৰত আপোনালোকে (কেন্দ্র–ৰাজ্য চৰকাৰ) শপতনামা দাখিল নকৰিলে আপোনালোকৰ যুক্তি নুশুনাকৈ আমি এই আবেদনখন নিষ্পত্তি কৰিম৷’ –এইদৰে কয় মুখ্য ন্যায়াধীশ ব’বডেই৷
উল্লেখ্য জমিয়ত উলেমা–ই–হিন্দ আৰু জনৈক কে এম জাকাৰিয়া বৰভূঞাই অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া সন্দর্ভত কেন্দ্রীয় চৰকাৰে চলিত বর্ষৰ ২৮ ফেব্রুৱাৰীত জাৰি কৰা জাননীক প্রত্যাহ্বান জনাই যোৱা মে’ মাহত উচ্চতম ন্যায়ালয়ত পৃথকে পৃথকে আবেদন দাখিল কৰিছিল৷ যোৱা ১৭ জুলাইত ইয়াৰ অন্তিম শুনানি গ্রহণ কৰিছিল উচ্চতম ন্যায়ালয়ে৷ সেই দিনাও উচ্চতম ন্যায়ালয়ে কেন্দ্র–ৰাজ্য উভয় চৰকাৰলৈ জাননী জাৰি কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ নির্দেশক আওকাণ কৰি আহিছে কেন্দ্র–ৰাজ্য চৰকাৰে৷ মুখ্য ন্যায়াধীশ ব’বডেৰ নেতৃত্বত ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামা সুব্রমণিয়মৰে গঠিত তিনিজনীয়া বিচাৰপীঠখনে চৰকাৰৰ এনে আওকণীয়া মনোভাবক লৈ আজি ক্ষুব্ধ হৈ পৰে৷ ইয়াৰ পাছত দুসপ্তাহ নির্ধাৰণ কৰি দি চৰকাৰক শপতনামা দাখিল কৰিবলৈ চৰম সীমা বান্ধি দিয়ে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কেৱল ২০০১ চনৰ লোকপিয়লৰ আধাৰত বুলিয়েই নহয়, অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী চূড়ান্ত নোহোৱালৈকে অসমত কেনেকৈ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া আৰম্ভ কৰিব পাৰে, তাক লৈও প্রশ্ন উত্থাপন কৰিছে গুচৰীয়া পক্ষসমূহে৷