ক’ভিড–১৯ত আক্রান্ত সপত্নীক ওড়িশাৰ ৰাজ্যপাল
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ওড়িশাৰ ৰাজ্যপাল প্রফেছৰ গণেশি লাল আৰু তেওঁৰ পত্নী সুশীলা দেৱী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ৰাজ্যপালগৰাকীৰ পৰিয়ালৰ অন্য চাৰিগৰাকী সদস্যও ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি আজি ৰাজভৱনৰ সূত্রই সদৰী কৰিছে৷ স্মর্তব্য যে অলপতে ৰাজভৱনৰ দুগৰাকী চিকিৎসক আৰু ব্যক্তিগত সচিব এগৰাকীয়েও ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছিল৷ ৰাজ্যপালৰ টুইটাৰ বার্তাত প্রকাশ পোৱা অনুসৰি আটাইকেইগৰাকীকে এছ ইউ এম ক’ভিড হাস্পতালত ভর্তি কৰা হৈছে৷ ভুবনেশ্বৰস্থিত হাস্পতালখনত বর্তমান চিকিৎসা চলি আছে ৰাজ্যপাল লালৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ৷ স্মর্তব্য যে ওড়িশাৰে মুঠ ১৪৭গৰাকী বিধায়কৰ এক তৃতীয়াংশ ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আক্রান্ত হোৱা বিধায়কসকলৰ ভিতৰত কেইবাগৰাকীও মন্ত্রীও আছে৷ প্রাক্তন মন্ত্রী তথা বিজেডি বিধায়ক প্রদীপ মাহান্তি যোৱা মাহত ক’ভিড পজিটিভ হৈছিল৷ অৱশ্যে বর্তমান নেতাগৰাকী সুস্থ হৈছে৷