অচিৰেই ‘ আধুনিক পানীবিহীন মহানগৰ ’ হৈ পৰিব কাবুল
🔹 শুকাই আহিছে আফগানিস্তানৰ ৰাজধানীৰ ভূগর্ভস্থ জলস্তৰ
নিউজ ডেস্ক, ১০ জুন : এফালে দ্রুত নগৰায়ন, আনফালে জলবায়ু পৰিৱর্তন৷ ইয়াৰ ফলত ভয়াৱহ প্রভাৱ পৰিছে ভূগর্ভৰ জলস্তৰত৷ ইয়াৰ ফলতে অদূৰ ভৱিষ্যতে বিশ্বৰ প্রথম আধুনিক চহৰ হিচাপে ‘পানীবিহীন মহানগৰ’লৈ সলনি হ’বলৈ গৈ আছে আফগানিস্তানৰ ৰাজধানী কাবুল৷ এটা সংস্থাৰ প্রতিবেদনত এই দাবী কৰা হৈছে৷ মার্ছি কর্পছ অর্গেনাইজেচন নামৰ সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে কাবুলত ভূগর্ভস্থ পানী যোৱা এটা দশকত ৩০ মিটাৰ তললৈ নামি গৈছে৷
লক্ষণীয়ভাৱে কাবুলৰ অধিকসংখ্যক কুঁৱা শুকাই গৈছে৷ কিন্তু কাবুলত পানীৰ প্রধান উৎসই আছিল কুঁৱা৷ ইয়াৰ ফলত জনজীৱনত আৰম্ভ হৈছে প্রবল চাপ৷
আন এক গুৰুত্বপূর্ণ বিষয় হৈছে কাবুলৰ ভূগর্ভস্থ পানীৰ ৮০ শতাংশই ব্যৱহাৰৰ উপযোগী নহয়৷ যদি পৰিস্থিতি অপৰিৱর্তিত থাকে তেন্তে ২০৩০ চনৰ ভিতৰত কাবুলৰ ভূগর্ভৰ পানী সম্পূর্ণৰূপে শুকাই যাব৷ এই বিষয়টোক লৈ বিশেষজ্ঞসকলে আশংকা প্রকাশ কৰিছে যে অদূৰ ভৱিষ্যতে কাবুল হৈ পৰিব এখন জনশূন্য মহানগৰ৷ পানী অবিহনে কোনো জনপদ থাকিব নোৱাৰে৷ গতিকে কাবুলত পানী নোহোৱা হ’লে ইয়াৰ বাসিন্দাসকলে অন্য স্থানলৈ যাত্রা কৰিব লাগিব৷ অর্থাৎ পানীৰ বাবে মানৱশূন্য হৈ পৰিব আফগানিস্তানৰ ৰাজধানী৷ এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আফগান চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷