নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বতকৈ সুস্থিৰ যদিও সংকটমুক্ত নহয় তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ৩ নবেম্বৰঃ পূৰ্বতকৈ কিছু উন্নত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছত বাৰুকৈয়ে স্বাস্থ্যৰ অবনতি ঘটিছিল গগৈৰ। তাৰ পাছতে GMCHত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজনক।

ক’ভিডৰ পৰা কিছু সুস্থ হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছিল তৰুণ গগৈক। কিন্তু সোমবাৰে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে তৰুণ গগৈ। দেহত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ GMCH ভৰ্তি কৰোৱা হল তৰুণ গগৈক। বৰ্তমান গগৈৰ স্বাস্থ্য সুস্থিৰ যদিও সংকটমুক্ত নহয় বুলি মন্তব্য কৰিছে চিকিৎসকে।

বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত আছে তৰুণ গগৈ। উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ কথা আছিল যদিও বৰ্তমান তেনেধৰণৰ পৰিকল্পনা নাই বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।

You might also like