ৰাজ্যৰ শিক্ষা বিভাগে মুকলি কৰিলে টেলি শিক্ষা হেল্পলাইন নম্বৰ
নিয়মীয়া বাৰ্তা, ৪ নবেম্বৰঃ অসম চৰকাৰৰ শিক্ষা বিভাগে আজিৰে পৰা চৰকাৰী প্ৰদেশীকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ টেলি শিক্ষাৰ আৰম্ভ কৰিছে। এই পদক্ষেপৰ দ্বাৰা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো কৰ্মদিনতে নিৰ্ধাৰিত কৰ্মসূচী অনুযায়ী 18003453578 ট্ৰলফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব। পাঠ্যক্ৰম সংক্ৰান্ত্ৰীয় সন্দেহ আঁতৰোৱাৰ বাবে বিশেষজ্ঞসকলৰ লগত পোনপটীয়াকৈ আলোচনা কৰিব পাৰিব। এই হেল্প লাইনৰ জড়িয়তে কভিড-১৯ অথবা ইয়াৰ পৰবৰ্তী সময়চোৱাত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে মানসিক স্বাস্থ্য আৰু মনস্তাত্বিক দিশত বিভিন্ন পৰামৰ্শ আৰু সাহায্য লাভ কৰিবলৈ সক্ষম হব।