বাঘজান তৈলক্ষেত্রৰ ২৬ খাদৰ পৰা অবৈধভাৱে তেল আহৰণ অইল ইণ্ডিয়াৰ
সেউজ ন্যায়াধিকৰণ গঠিত কমিটীৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ প্রায় পাঁচ মাহ ধৰি দাওদাওকৈ জ্বলি থকা বাঘজান তৈলক্ষেত্রৰ ৫নং খাদটোৰ লগতে ইয়াৰ সকলো খাদ সম্পূর্ণ অবৈধ৷ বাধ্যতামূলক পৰিৱেশগত অনুমোদন অবিহনেই বাঘজান তৈলক্ষেত্রৰ মুঠ ২৬টা খাদৰ পৰা অইল ইণ্ডিয়া লিমিটেডে সম্পূর্ণ অবৈধভাৱে তেল আহৰণ কৰি আছে৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) গঠন কৰা কমিটীয়ে দাখিল কৰা অন্তর্ৱর্তীকালীন প্রতিবেদনত অতি চাঞ্চল্যকৰ এই অভিযোগ উত্থাপন কৰা হৈছে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বি পি কটকী নেতৃত্বাধীন কমিটীখনে আনকি অইলৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্রহণ কৰাৰ পোষকতা কৰিছে৷ মন কৰিবলগীয়া যে কলকাতাৰ পৰিৱেশ কর্মী বনানী কক্কৰ আৰু অসমৰ বেচৰকাৰী সংগঠন ৱ’ল্ড লাইফ এণ্ড এনভাইৰনমেণ্ট কনজাৰভেচন অর্গেনাইজেচনে বাঘজান কাণ্ডক লৈ দাখিল কৰা আবেদনৰ পৰিপ্রেক্ষিতত ন্যায়াধীশ এ কে গোৱেল নেতৃত্বাধীন ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ মুখ্য বিচাৰপীঠে যোৱা ২৬ জুনত ইয়াৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত এখন কমিটী গঠন কৰিছিল৷ সেইমর্মে মঙলবাৰে কটকী কমিটীয়ে সেউজ ন্যায়াধিকৰণত তদন্ত প্রতিবেদন দাখিল কৰে৷ প্রতিবেদনত কমিটীখনে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ দাঙি ধৰা পৰিলক্ষিত হৈছে৷ কোৱা হৈছে প্রযোজনীয় অনুজ্ঞাপত্র অবিহনে অইল ইণ্ডিয়া লিমিটেডে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ সমীপতেই বাঘজান তৈলক্ষেত্রৰ মুঠ ২৬টা খাদ খননৰ কাম আৰম্ভ কৰিছিল৷ আনকি দেখা গৈছে কিছু ক্ষেত্রত অইল ইণ্ডিয়া লিমিটেডে অনুমোদন লাভ কৰিছে যদিও সংশ্লিষ্ট অনুমোদন লাভ কৰাৰ বাবে ভুল তথ্য উপস্থাপন কৰা হৈছে তথা সংশ্লিষ্ট কর্তৃপক্ষক বিপথে পৰিচালিত কৰা হৈছে৷ চাঞ্চল্যকৰ কথাটো হ’ল কটকী কমিটীৰ তদন্তত বাঘজান বিস্ফোৰণ তথা এই অগ্ণিকাণ্ডৰ বাবে ইয়াৰ সমীপত বাস কৰা এগৰাকী মহিলাৰ গর্ভপাতৰ নিচিনা ঘটনা সংঘটিত হোৱাৰ কথাও উল্লেখ কৰা হৈছে৷ লগতে পশু তথা বন্যপ্রাণীৰো গর্ভপাত হৈছে৷ সেয়েহে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ওচৰত কটকী কমিটীয়ে দাখিল কৰা অন্তর্ৱর্তীকালীন প্রতিবেদনৰ পৰামর্শত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ পোষকতা কৰা হৈছে৷ কমিটীয়ে কৈছে, যে অইল ইণ্ডিয়া লিমিটেডে বাঘজানত জল, বায়ু আৰু পৰিৱেশগত সুৰক্ষা আইন পোনপটীয়াকৈ ভংগ কৰাৰ তথ্য আছে৷ লগতে ২০১৭ চনৰ ৭ ছেপ্ঢেম্বৰত উচ্চতম ন্যায়ালয়ে পৰিৱেশগত দৃষ্টিকোণৰ পৰা ঔদ্যোগিক প্রতিষ্ঠানসমূহৰ বাবে প্রদান কৰা নির্দেশনাও ভংগ কৰিছে অইল ইণ্ডিয়া লিমিটেডে৷ কমিটীৰ প্রতিবেদন অনুসৰি বাঘজান কাণ্ডৰ তদন্তত অইল ইণ্ডিয়া লিমিটেডে কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ডৰ নির্দেশনাও ভংগ কৰাটো স্পষ্ট হৈছে৷ এইক্ষেত্রত অইল ইণ্ডিয়া লিমিটেড বা ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ ব’র্ডে কমিটীৰ সন্মুখত কোনোধৰণৰ স্পষ্টীকৰণ দিবলৈকো ব্যর্থ হোৱা বুলি কমিটীয়ে সেউজ ন্যায়াধিকৰণক অৱগত কৰে৷ উল্লেখ্য যে বাঘজান কাণ্ডৰ সম্পূর্ণ তদন্ত প্রতিবেদন ১৫ ডিচেম্বৰৰ ভিতৰত প্রদান কৰিব কটকী কমিটীয়ে৷ ইপিনে কমিটীৰ অন্তর্ৱর্তীকালীন প্রতিবেদনত কোৱা হৈছে যে বাঘজানত যোৱা ৯ জুনত সংঘটিত বিস্ফোৰণৰ ফলত আশে–পাশে থকা মুঠ ৫৭টা ঘৰ সম্পূর্ণৰূপে ভস্মীভূত হৈছিল৷ কমিটীৰ প্রতিবেদনত প্রদান কৰা পৰামর্শ অনুসৰি স্থানীয় ১৭৩টা পৰিয়ালক ২৫ লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব অইল ইণ্ডিয়া লিমিটেডে৷ আনহাতে, আন ৪৩৯টা পৰিয়ালক দিব লাগিব ২০ লাখ টকাকৈ ক্ষতিপূৰণ৷ অর্থাৎ বাঘজান কাণ্ডৰ ক্ষতিপূৰণ হিচাপে কটকী কমিটীয়ে অন্তর্ৱর্তীকালীন হিচাপে ১৩১ কোটি টকা ধার্য কৰিছে৷