অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত খানাপাৰা
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত হৈছে মহানগৰীৰ খানাপাৰা৷ ৰাজধানী দিছপুৰৰ পৰা মাত্র কেইকিলোমিটাৰ নিলগত থকা খানাপাৰা অঞ্চলত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত গঢ় লৈ উঠা একাংশ অস্থায়ী দোকান–পোহাৰত দিন–দুপৰতে অবৈধ সুৰা–জুৱাৰ আড্ডা পতাৰ লগতে অন্যান্য অসামাজিক কার্যকলাপ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ খানাপাৰাৰ একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে, ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে গঢ়ি উঠা একাংশ অস্থায়ী হোটেল অথবা পাণদেকানত দিন–দুপৰতে মুকলিভাৱে সুৰা বিক্রী কৰাৰ লগতে একাংশ দোকানত উদণ্ড যুৱকে সুৰাৰ আড্ডা পাতি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ অভিযোগ অনুসৰি খানাপাৰাৰ পৰা উজনি অসমলৈ যোৱা একাংশ যাত্রীবাহী বাহনৰ চালক আৰু কর্মচাৰীয়ে খানাপাৰা উৰণীয়া সেতুৰ সমীপৰ অস্থায়ী হোটেল তথা চাহৰ দোকানত বহি সুৰা সেৱন কৰে৷ তদুপৰি এই অস্থায়ী দোকান–পোহৰত বহি একাংশই পুৱাৰে পৰা গধূলিলৈকে তাচপাতৰ জুৱা খেলি পৰিৱেশ বিনষ্ট কৰিছে৷ আৰক্ষী–প্রশাসনৰ সন্মুখতে খানাপাৰাত এনে অসামাজিক কার্যকলাপ চলি আছে যদিও আৰক্ষী –প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ তদুপৰি খানাপাৰা উৰণীয়া সেতুৰ সমীপৰ মুকলি ঠাইত একাংশ উদণ্ড যুৱকে ডেনড্রাইট সেৱন কৰি পথৰ দাঁতিত ৰৈ থকা যাত্রী তথা পথচাৰীসকলক নির্যাতন চলোৱাৰ অভিযোগ কৰে একাংশ স্থানীয় লোকে৷ উল্লেখ্য যে নিশা সুৰাৰ বিপণী বন্ধ হোৱাৰ পাছত পথৰ দাঁতিত গঢ় লৈ উঠা প্রায়বোৰ অস্থায়ী দোকান–পোহাৰত উপলব্ধ হোৱা সুৰা ক্রয় কৰিবলৈ মহানগৰীৰ বিভিন্ন প্রান্তৰ পৰা অহা লোকে ভিৰ কৰে৷ অবৈধ সুৰাৰ প্রচলনে সমগ্র খানাপাৰা অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰাৰ পাছতো আবকাৰী অথবা আৰক্ষী–প্রশাসনে এনে কার্যকলাপ ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ সেয়েহে এইক্ষেত্রত আৰক্ষী –প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷