অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীৰ ৰাজগড়ত প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ গুৱাহাটীৰ ৰাজগড়ৰ বিহুতলীত সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত সচেতন নাগৰিক মঞ্চ অসমৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। বিহুতলীৰ পৰা ৰাজীৱ ভৱনলৈ সমদল। একত্ৰিত হোৱা প্ৰতিবাদকাৰীক বিহুতলীতে আবদ্ধ কৰি ৰাখিবলৈ সষ্টম মহানগৰ আৰক্ষী। প্ৰতিবাদকাৰীসকলে ভাৰত মাতা কি জয়, জয় আই অসম, অৰ্ণৱ গোস্বামীক মুক্তি দিয়ক আদি শ্লোগান দিয়ে। সমদলৰ নেতৃত্বত থাকে বিশিষ্ট অভিনেতা যতীন বৰা, প্ৰাঞ্জল শইকীয়া, ড০ জ্ঞানেন্দ্ৰ বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ট সচেতন নাগৰিক। অভিনেতা যতীন বৰাই কয়- ‘সচেতন নাগৰিক মঞ্চৰ এই কাৰ্যসূচীত আমি শিল্পী সমাজৰ হৈ যোগদান কৰিছো আৰু আমি শিল্পী সমাজে মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষীক তীব্ৰ গৰিহণা দিছো। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ আমি ঘোৰ বিৰোধিতা কৰিছো। আমি দাবী কৰো তেওঁক সোনকালে মুক্তি দিব লাগে।’ উল্লেখ্য প্ৰতিবাদী সমদলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।