নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত দৰ্শনত কংগ্ৰেছ সঁজাতী দলক বাধা মিজো জনতাৰ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ অশান্তজৰ্জৰ মিজোৰাম সীমান্তৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ আজি উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। দেৱব্ৰত শইকীয়াৰ লগত আছিল প্ৰাক্তন সাংসদ সুস্মিতা দে’।

সীমান্তবাসীৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছ দলটোক সীমান্তত মিজো জনতাই বাধা দিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত বিবদমান অঞ্চলটো পৰিদৰ্শন নকৰাকৈ উভতি আহে কংগ্ৰেছৰ সঁজাতী দলটো।

উল্লেখ্য যে বিগত কেইবাদিনো ধৰি অসম-মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা। লাইলাপুৰত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰিছিল দুখনকৈ বিদ্যালয়। আনহাতে অসমৰ বহু একৰ মাটি মিজোৰামৰ দখলত আছে বুলিও অভিযোগ তুলিছে একাংশই।

You might also like