প্রতিটো পুৱাতে
হোমেন বৰগোহাঞি
কেইবছৰমান আগতে মই এখন সৰু কিতাপত এটা সৰু কাহিনী পঢ়িছিলোঁ৷ ই আছিল এটা সত্য কাহিনী৷ পঢ়িবৰ দিন ধৰি মই সেই কাহিনীটো বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ৷ প্রয়োজনৰ সময়ত সাহস আৰু শক্তি পাবলৈ মই সেই কাহিনীটো স্মৰণ কৰোঁ৷ আজি আপোনালোককো তাৰ ভাগ দিব খোজোঁ৷
মিছেছ জোনছ্ এগৰাকী ৯২ বছৰীয়া অন্ধ মহিলা৷ স্বামী–স্ত্রী কেইবাবছৰ ধৰি এটা বৃদ্ধ নিৱাসত বাস কৰিছিল৷ ৭০ বছৰ বিবাহিত জীৱন কটোৱাৰ পিছত বৃদ্ধ নিৱাসতে এদিন স্বামীৰ মৃত্যু হ’ল৷ স্বামী–স্ত্রী দুয়োজনৰ কাৰণে এটা ডাঙৰ কোঠা দিয়া হৈছিল৷ কিন্তু স্বামীৰ মৃত্যুৰ পিছত তেওঁক এটা এজনীয়া কোঠালৈ নিব লগা হ’ল৷ যিদিনা মিছেছ জোনছ নতুন কোঠাটোলৈ যাব লগা হ’ল সেইদিনা খুব ৰাতিপুৱাতে তেওঁ ধুনীয়া সাজপাৰ পিন্ধি বৃদ্ধ নিৱাসৰ বুলনিচ’ৰাত বহি নতুন কোঠাটোলৈ যাবলৈ অপেক্ষা আৰম্ভ কৰিলে৷ তেওঁ বোধহয় ভাবিছিল যে নতুন কোঠাটোলৈ যাবলৈ তেওঁ খুব বেছি সময় অপেক্ষা কৰিব নালাগিব৷ কিন্তু ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গ’ল, তেওঁক নতুন কোঠাটোলৈ নিয়াৰ প্রস্তুতিৰ কোনো লক্ষণ দেখা নগ’ল৷ কিন্তু তেওঁৰ মুখত কোনো বিৰক্তি বা অধৈর্যৰ চিন ফুটি নুঠিল৷ অবিচলিত প্রশান্তিৰে তেওঁ ধিৰ–স্থিৰ হৈ নীৰৱে বহি থাকিল৷
দীর্ঘ প্রতীক্ষাৰ অন্তত এগৰাকী নার্ছ আহি তেওঁক খবৰ দিলে যে তেওঁৰ নতুন কোঠাটো তেওঁক আদৰিবলৈ সাজু হৈছে৷ তেওঁ এতিয়া তালৈ যাব পাৰে৷ নার্ছৰ মুখত কথাটো শুনি তেওঁৰ মুখত এটা মধুৰ হাঁহি ফুটি উঠিল৷ অন্ধ মানুহে ব্যৱহাৰ কৰা লাখুটিডাল লৈ তেওঁ নার্ছগৰাকীৰ পাছে পাছে খোজ ল’লে৷ মহিলাগৰাকী এনেয়ে বৃদ্ধ, তাতে আকৌ অন্ধ৷ গতিকে তেওঁ খুব সাৱধান হৈ লাহে লাহে খোজকাঢ়িব লগা হ’ল৷ সেই সুযোগতে নার্ছগৰাকীয়ে তেওঁক নতুন কোঠাটোৰ বর্ণনা দিবলৈ ধৰিলে৷ আনকি খিৰিকীত কি ৰঙৰ পর্দা লগোৱা হৈছে সেই কথা ক’বলৈকো তেওঁ নাপাহৰিলে৷ নার্ছগৰাকীৰ কথা শুনি মিছেছ জোনছে আনন্দৰ আতিশয্যত প্রায় চিঞৰি উঠিল–
‘মোৰ নতুন কোঠাটো ইমান সুন্দৰ মই নিশ্চয় কোঠাটোক খুব ভাল পাম৷’
নার্ছগৰাকীয়ে ক’লে– ‘আইতা, আপুনি কোঠাটো এতিয়াও দেখাই নাই৷ তেনেস্থলত আপুনি ইমান উচ্ছ্বসিত হৈ পৰিছে কিয়?’
বুঢ়ীগৰাকীয়ে টপৰাই মাত লগালে– ‘মোৰ উচ্ছ্বাসৰ লগত কোঠাটো দেখা বা নেদেখাৰ সম্পর্ক কি? মোৰ কাৰণে সুখটো এনেকুৱা এটা বস্তু যে সুখী হ’বলৈ সুখৰ কাৰণটো জানিবলৈ অপেক্ষা কৰিবলৈ মই প্রয়োজন অনুভৱ নকৰোঁ৷ মই আগতেই মনটো ঠিক কৰি লওঁ যে মই সুখী হ’মেই৷ মই মোৰ নতুন কোঠাটো ভাল পাম নে নাপাম সেই কথা মই কোঠাটোৰ আচবাববোৰ কেনেকৈ সজাম তাৰ ওপৰত নির্ভৰ নকৰে৷ সি নির্ভৰ কৰে মই মোৰ মনটো কেনেকৈ সজাম তাৰ ওপৰতহে৷ মই যে কোঠাটো ভাল পাম সেই কথা মই ইতিমধ্যেই ঠিক কৰি পেলাইছোঁ৷ এই প্রসংগতে তোমাক আৰু এটা কথা কওঁ শুনা৷
মই এনে এটা নিয়ম অনুসৰণ কৰি চলোঁ যে প্রত্যেক দিনে ৰাতিপুৱা শুই উঠিয়ে মই মনে মনে এইবুলি সিদ্ধান্ত লওঁ যে আহিব ধৰা দিনটোক মই ভালপাম৷ ৰাতিপুৱা শুই উঠাৰ লগে লগে মোৰ সন্মুখত দুটা পথ খোলা থাকে৷ মই বিছনাত শুই শৰীৰৰ সেই অংগবোৰৰ কথা ভাবি ভাবি হতাশা আৰু বিষাদ অনুভৱ কৰি থাকিব পাৰোঁ, যিবোৰ অংগ এতিয়া অকামিলা আৰু নিশকতীয়া হৈ পৰিছে৷ অথবা মই বিছনাৰ পৰা উঠি এইবুলি নিজৰ ভাগ্যক ধন্যবাদ দিব পাৰোঁ যে মোৰ শৰীৰৰ কিছুমান অংগ এতিয়াও সবল আৰু সচল হৈ আছে৷
যিকেইটা অংগ এতিয়াও সবল আৰু সচল হৈ আছে সেইবোৰেৰে মোৰ জীৱনটো সুন্দৰকৈ চলি যাব পাৰে৷ প্রত্যেক ৰাতিপুৱাতে শুই উঠি মই এই কথা স্মৰণ কৰোঁ যে প্রত্যেকটো নতুন দিনেই মোৰ কাৰণে ঈশ্বৰৰ অমূল্য উপহাৰ, আৰু যিমান দিন জীয়াই থাকোঁ সিমান দিনলৈকে প্রত্যেকটো নতুন দিনক ভাল পাবলৈ আৰু উপভোগ কৰিবলৈ মই চেষ্টা কৰিম৷’