নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ নীলাপানী হ্ৰদত প্ৰশাসনৰ সজাগতা সভা :স্থানীয় শক্তিশালি সমিতি গঠনৰ প্ৰস্তুতি

১৪৪ ধাৰা জাৰি নীলাপানী হ্ৰদত জিলা প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ  নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অধীনৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নীলাপানী হ্ৰদত দুজনকৈ যুৱকৰ মৃত্যু হোৱাৰ পিছত কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে জিলা প্ৰশাসনে ৷এই ক্ষেত্ৰত যোৱা কালি কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওঁগ চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেকে ধৰি বহুকেইজন বিষয়া কঠাগুৰি অঞ্চলৰ নীলাপানী হ্ৰদত উপস্থিত হৈ এখন সজাগতা সভাত অংশগ্ৰহণ কৰে ৷ উক্ত সজাগতা সভাখনতে স্থানীয় সচেতন ৰাইজক লৈ এখন শক্তিশালি সমিতি গঠনৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে নৱতম পৰ্য্যটন ক্ষেত্ৰ ৰূপে বহুলভাৱে জনপ্ৰিয় হৈ উঠা নীলাপানী হ্ৰদত অনিৰ্দিষ্ট কালৰ বাবে ১৪৪ ধাৰা জাৰি কৰে জিলা প্ৰশাসনে।উল্লেখ্য যে শেহতীয়াকৈ নীলাপানী হ্ৰদৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহি অসতৰ্কতামূলক ভাবে প্ৰায় ১৫০ ফুট গভীৰ হ্ৰদটোৰ জলৰাশিত সাঁতুৰিবলৈ যোৱাৰ ফলত প্ৰায় ২৫ দিনৰ অন্তৰালতে সংঘটিত হৈছিল দুটাকৈ শোকাবহ ঘটনা ৷ গুৱাহাটীৰ বিকি কলিতা আৰু নগাঁৱৰ আয়’নাভ হাজৰিকা নামৰ যুৱক দুজনৰ হ্ৰদটোত সলিল সমাধি ঘটাত কলিয়াবৰ মহকুমা প্ৰশাসনে যোৱা কালিৰ পৰা কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে সৌন্দৰ্য্য চাবৰ বাবেহে নৱতম পৰ্য্যটন ক্ষেত্ৰ নীলাপানী হ্ৰদলৈ যিকোনো পৰ্যটক আহিব পাৰিব । ১৪৪ ধাৰৰ জৰিয়তে প্ৰশাসনে কঠোৰভাৱে হ্ৰদৰ পানীত নমা তথা সাঁতুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ উপৰিও পৰ্য্যটন থলী খনত নিষিদ্ধ কৰা হয় নিচাযুক্ত দ্ৰব্য সেৱন। অন্যথা আইন অমান্যকাৰিৰ বিৰুদ্ধে আই.পি.চি. ১৮৮ ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি শাস্তি প্ৰদান কৰা হব বুলি মহকুমাধিপতি বিতোপন নেওঁগে জানিবলৈ দিয়ে সংবাদ মাধ্যমক। লগতে নীলাপানী হ্ৰদত কোনো ধৰণৰ শোকাবহ দুৰ্ঘটনা তথা পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তৎকালিন ভাৱে অস্থায়ীকৈ বেৰিকেডিং কৰাৰ ঘোষণা কৰে মহকুমাধিপতি গৰাকীয়ে। নীলাপানী হ্ৰদটো পূৰ্ণ পৰ্য্যটন ক্ষেত্ৰলৈ পৰ্যবেসিত কৰাৰ পৰিকল্পনা প্ৰশাসনে ইতিমধ্যে হাতত লৈছে যদিও স্থানীয় লোকৰ সহযোগত এখন শক্তি শালি পৰিচালনা সমিতি গঠন কৰি পৰ্যটকৰ আকৰ্ষণ কেনেকৈ কৰিব পৰা যাব সেই সন্দৰ্ভত স্থানীয় সচেতন ৰাইজৰ লগত মত বিনিময় কৰে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলে ৷

You might also like