নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত অকলে নির্বাচন খেলাৰ ঘোষণা দেৱব্রত শইকীয়াৰ

কংগ্রেছত নিমিলা অংক

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ অহা বিধানসভা নির্বাচনক লৈ কংগ্রেছে এতিয়াও অংক মিলাব পৰা নাই৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙে মিত্রতা সম্পর্কীয় সকলো সিদ্ধান্ত নিখিল ভাৰত কংগ্রেছ কমিটীয়েহে ল’ব বুলি সংবাদ মেলযোগে স্পষ্ট কৰি দিয়াৰ লগতে এতিয়ালৈ কোনো দলৰে কংগ্রেছৰ মিত্রতা হোৱা নাই বুলি প্রকাশ কৰিছিল৷ আনকি সম্প্রতি মিত্রতা সম্পর্কত যি চর্চা চলি আছে, যি পর্যায়ৰ নেতাই নহওক সেয়া তেওঁলোকৰ ব্যক্তিগত চিন্তা–চর্চা বুলিহে পর্যবেক্ষক সিঙে প্রকাশ্যে মন্তব্য কৰিছিল৷ কিন্তু ইমানৰ পিছতো প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এতিয়াও মহাজোঁট গঠনৰ বাবে নিজা উদ্যোগ অব্যাহত ৰাখিছে৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিক তেওঁৰ সপোনৰ মহাজোঁটলৈ আহিবলৈ এতিয়াও আহ্বান জনাই আছে৷ আনকি বিৰোধী একত্রিত নহ’লে ৰাইজে ক্ষমা নকৰিব বুলিও সভাপতি বৰাই তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ সভাপতি বৰাৰ এই স্থিতিৰ বিপৰীতে সম্প্রতি বৰাক ভ্রমণৰত বিৰোধী দলপতি তথা কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই অহা বিধানসভা নির্বাচনত কংগ্রেছে ১২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেব, প্রদেশ কংগ্রেছৰ উপ–সভাপতি তথা প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদ আদিৰ উপস্থিতিত বিৰোধী দলপতি শইকীয়াই দলীয় বৈঠকত এতিয়াও কোনো দলৰে কংগ্রেছৰ মিত্রতা হোৱা নাই বুলি স্পষ্ট কৰি দি অহা নির্বাচনত দলে প্রতিটো সমষ্টিতে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি প্রকাশ কৰে৷ কোনো দলৰে মিত্রতা হোৱা–নোহোৱাটো যিহেতু হাইকমাণ্ডৰ ওপৰতহে নির্ভৰ কৰিব, সেয়ে এই মুহূর্তত দলৰ স্থিতি ১২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰাটো৷ সেই লক্ষ্যৰেই দল অনাগত দিনত আগবাঢ়ি যাব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে ইতিমধ্যে অহা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থত ধর্মনিৰপেক্ষ–গণত্ ৰাজনৈতিক দল আৰু শক্তিৰে মিলি মহাজোঁট গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ উক্ত ক’ৰ কমিটীৰ অন্যতম সদস্য হৈছে বিৰোধী দলপতি দেৱব্রত শইকীয়া৷ আনকি ক’ৰ কমিটীয়ে যোৱা আগষ্ট মাহত প্রথমখন বৈঠকত মহাজোঁট গঠনৰ সিদ্ধান্ত লোৱাৰ পিছতেই বিগত সময়ছোৱাত দলে এআইইউডিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এমএল), অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা আদিৰে প্রাৰম্ভিক আলোচনাতো মিলিত হয়৷ তদুপৰি এই মাহৰ প্রথম ভাগতে পর্যবেক্ষক জিতেন্দ্র সিঙৰ উপস্থিতিত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ মহাজোঁট গঠনৰ প্রস্তাৱ লয়৷ কিন্তু পর্যবেক্ষক জিতেন্দ্র সিঙে মহাজোঁট গঠন সম্পর্কীয় সকলো সিদ্ধান্ত হাইকমাণ্ডেহে ল’ব বুলি প্রকাশ কৰাৰ পিছতেই কংগ্রেছত নিমিলা অংক আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ স্পষ্ট প্রতিফলন ঘটিছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই বৰাক উপত্যকাত উপস্থিত হৈ প্রকাশ কৰা মন্তব্যত৷ অৱশ্যে কেৱল দেৱব্রত শইকীয়াৰ ক্ষেত্রতেই নহয়, ক’ৰ কমিটীৰ বৈঠকত মহাজোঁট গঠনৰ সিদ্ধান্ত লৈ এআইইউডিএফৰে আলোচনাত মিলিত হৈ পৰৱর্তী পর্যায়ত আজমলৰ দলৰে মিত্রতা হোৱা নাই বুলি সভাপতি ৰিপুণ বৰা, উপ–সভাপতি ৰকিবুল হুছেইনেও ইতিমধ্যে পাভলুটি মৰা পৰিলক্ষিত হৈছে৷ মহাজোঁট গঠন বা মিত্রতাৰ ক্ষেত্রত হাইকমাণ্ডৰ পৰা সেউজ সংকেত লাভ নকৰাৰ বাবেই কংগ্রেছত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে নে মিত্রতাক কেন্দ্র কৰি দলত উদ্ভৱ হ’ব পৰা বিদ্রোহে কালৰূপ ধাৰণৰ আশংকাতে দলটোৱে ক’ৰ কমিটীৰ বৈঠকত এটা সিদ্ধান্ত লোৱাৰ বিপৰীতে বাহিৰত আন এক স্থিতি গ্রহণ কৰিছে৷ ইয়াৰ ফলত কংগ্রেছৰ অংক দুর্বোধ্য সাঁথৰ হৈ পৰিছে৷

You might also like