নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ইতিহাসত লিখা হ’ব নতুন অধ্যায়; নৱনির্বাচিত উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ সংকল্প

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ আমেৰিকাৰ নৱনির্বাচিত উপ–ৰাষ্ট্রপতি ভাৰতীয় মূলৰ নেত্রী কমলা হেৰিছে মন্তব্য কৰিছে যে ৰাষ্ট্রপতি জ’ বাইডেনৰ সৈতে মিলিত হৈ তেওঁ আমেৰিকাৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজন ঘটাবলৈ সাজু হৈ আছে৷ দায়িত্ব গ্রহণৰ প্রথম দিনাখনৰে পৰা দেশখনৰ অর্থনীতিক পুনৰ নির্মাণ কৰি শ্রমজীৱী পৰিয়ালসমূহক ইয়াৰ সুফল দিব বুলি উল্লেখ কৰিছে হেৰিছে৷

আমেৰিকাৰ প্রথম কৃষ্ণাংগ মহিলা উপ–ৰাষ্ট্রপতি হেৰিছে উল্লেখ কৰিছে যে ক’ভিডকালীন সংকটত বিধ্বস্ত হোৱা অর্থনীতিক পুনৰ নির্মাণ কৰাৰ ক্ষেত্রত হোৱাইট হাউছত প্রথম দিনাৰে পৰা ৰাষ্ট্রপতি বাইডেনৰ সৈতে তেওঁ গুৰুত্ব প্রদান কৰিব৷ ক’ভিড–১৯ মহামাৰী প্রতিৰোধ কৰাৰ ক্ষেত্রতো গুৰুত্ব প্রদান কৰাৰ প্রতিশ্রুতি দিছে হেৰিছে৷ অর্থনীতিৰ পুনৰুদ্ধাৰ, বর্ণ সমতা তথা জলবায়ু পৰিৱর্তন বাইডেন আৰু হেৰিছৰ হ’ব এজেণ্ডাত প্রথম গুৰুত্ব প্রদান কৰিবলগীয়া বিষয়৷

ইতিমধ্যে ৱেবছাইটত বাইডেন টীমে মুকলি কৰি দিছে আগন্তুক দিনত আমেৰিকাত তেওঁলোকৰ কৰিবলগীয়া কামসমূহৰ এক তালিকা৷ আজি হেৰিছে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে বাইডেন আৰু তেওঁ আমেৰিকাৰ ইতিহাসৰ পৰৱর্তী অধ্যায় লিখিবলৈ গৈ আছে৷ অর্থাৎ আমেৰিকাক নতুন ৰূপত গঢ়াৰ সংকল্প লৈছে ভাৰতীয় মূলৰ নেত্রী কমলা হেৰিছে৷

You might also like