নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিত আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ যোগী চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ পূর্বে যোগী আদিত্যনাথ চৰকাৰে আতচবাজী নিষিদ্ধ কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে৷  চৰকাৰে এক বিবৃতিত সদৰী কৰিছে যে ৰাষ্ট্রীয় ৰাজধানী অঞ্চল, মুজাফফৰ নগৰ, আগ্রা, বাৰাণসী, মীৰাট, হাপুৰ, গাজিয়াবাদ, কানপুৰ, মোৰাদাবাদ, নয়দা, গ্রেটাৰ নয়দা, বাঘপট আৰু বুলাণ্ডশ্বৰত সকলো ধৰণৰ আতচবাজীৰ বিক্রী আৰু ব্যৱহাৰ নিষিদ্ধ হ’ব৷  নিশাৰ পৰা ১ ডিচেম্বৰৰ নিশালৈকে এই চহৰসমূহত আতচবাজীৰ বিক্রী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে যোগী চৰকাৰে৷

লক্ষণীয়ভাৱে যিবোৰ চহৰত বায়ু প্রদূষণ কম থাকে তাত একমাত্র সেউজ আতচবাজী ব্যৱহাৰ কৰাৰ নির্দেশ দিছে চৰকাৰে৷

You might also like