নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ(স্বাধীন)অনুমতি সাপেক্ষে আত্মসমৰ্পণ কৰিছে দৃষ্টি ৰাজখোৱাইঃ পৰেশ বৰুৱা

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ আলফাৰ (স্বাধীন) শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণক লৈ নিউজ লাইভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। আলফাৰ পৰা অনুমতি সাপেক্ষে ৰাজখোৱাই আত্মসমৰ্পণ কৰা বুলি প্ৰকাশ কৰিছে পৰেশ বৰুৱাই।

আলফাৰ উপ মুখ্য সেনাধ্যক্ষগৰাকীৰ পত্নী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে পত্নীৰ পৰিচৰ্যাৰ বাবে মানৱীয়তাৰ খাতিৰত তেওঁক আত্মসমৰ্পণৰ অনুমতি প্ৰদান কৰা বুলি নিউজ লাইভৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনৰে হোৱা টেলিফোনিক বাৰ্তালাপত সদৰী কৰিছে বৰুৱাই।

বৰুৱাই স্পষ্টভাৱে কয় যে পৰিস্থিতিগত কাৰণত আলফা নেতাগৰাকীক আত্মসমৰ্পণৰ বাবে অনুমতি দিয়া হৈছে।

“দৃষ্টি অসমে আলফা স্বাধীনৰ প্ৰতি পাহাৰসদৃশ অৰিহণা আগবঢ়াই থৈ গৈছে।অতি সম্প্ৰতি তেওঁৰ সহধৰ্মিনী কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁৰ ল’ৰা-ছোৱালী নাবালক অৱস্থাতেই আছে।”—এনেদৰে কয় পৰেশ বৰুৱাই। যাৰ ফলত মানৱীয় দৃষ্টিভংগীৰে চাই দৃষ্টি ৰাজখোৱাক আত্মসমৰ্পণৰ অনুমতি প্ৰদান কৰা বুলি তেওঁ প্ৰকাশ কৰে।

You might also like