নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম দর্শন আঁচনি–৩৭৭ ধর্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাকৈ আর্থিক অনুদান

প্রতিটো ধর্মৰ লক্ষ্য হৈছে সমন্বয়ঃ মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ৰাজ্যখনৰ ১০০ বছৰ পুৰণা উপাসনাস্থলীসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিকাশৰ জৰিয়তে আধ্যাত্মিক পর্যটনৰ কেন্দ্র হিচাপে গঢ়াৰ উদ্দেশ্যে অসম চৰকাৰে গ্রহণ কৰা অসম দর্শন আঁচনিৰ দ্বিতীয় পর্যায় হিচাপে আজি ৩৭৭খন ধর্মীয় অনুষ্ঠানক ১০ লাখ টকাকৈ আর্থিক অনুদান প্রদান কৰা হয়৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত উক্ত ধর্মীয় অনুষ্ঠানসমূহৰ আধ্যাত্মিক মুৰব্বীসকলৰ উপস্থিতিত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ভাষণত কয় যে প্রতিটো ধর্মৰে লক্ষ্য হৈছে সমন্বয়৷ কোনো ধর্মই সংঘাতৰ কথা নকয়৷ ধর্মই কেতিয়াও বিভাজনৰ পোষকতা নকৰে৷ ধর্মই সকলো সময়তে সমন্বয়ৰ কথা কয়৷ সমন্বয়েই শক্তি৷ আমি সকলো ঐক্যবদ্ধ হৈ আমাৰ শক্তি বিশ্বৰ বুকুত প্রতিষ্ঠা কৰিব লাগিব৷ মানৱতা, সমন্বয়, ভাতৃত্ববোধ, মানুহে মানুহৰ বাবে কাম কৰিব লাগিব৷ আমাৰ মহান মনীষীসকলেও তাকেই কৈ গৈছে৷ যি সমাজ আধ্যাত্মিকভাৱে শক্তিশালী, বৌদ্ধিক দিশতো নেতৃত্ব বহন কৰিব পাৰে, তেনে সমাজে মানুহৰ মাজত মূল্যবোধ প্রতিষ্ঠা কৰিব পাৰে৷ তেওঁ আৰু কয় যে অসমৰ আধ্যাত্মিক–সাংস্কৃতিক ভেটি অতি শক্তিশালী৷ অসমৰ আধ্যাত্মিক অনুষ্ঠানসমূহ এনেদৰে নির্মাণ কৰিব লাগিব, যাতে দেশ–বিদেশৰ পর্যটকসকলে মানৱতা, সমন্বয়, ভাতৃত্ববোধ, মানৱীয় অনুভূতি প্রত্যক্ষ কৰিবলৈ সক্ষম হয়৷ তেনে এখন অসম গঢ়াৰ বাবে ৰাজ্য চৰকাৰে অসম দর্শন আঁচনি আৰম্ভ কৰিছে৷ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সুন্দৰভাৱে এই আঁচনিখনৰ পৰিকল্পনা কৰি ৰূপায়ণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ ইয়াৰ বাবে তেওঁ মন্ত্রী ড০ শর্মাৰ লগতে সংশ্লিষ্ট বিভাগক ধন্যবাদ জ্ঞাপন কৰে৷ ভাষণত সোণোৱালে কয়– গুৰুজনাৰ নামেৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র গঢ় লৈ উঠিছে৷ এই অনুষ্ঠানটোক আমি বিশ্বৰ বুকুত সুন্দৰ ৰূপত গঢ় দিব বিচাৰিছোঁ৷ এই অনুষ্ঠানটোৱে সকলো সময়তে আমাক এটাই কথা ক’ব– সমন্বয়ৰ দুৱাৰ, মৰম–চেনেহৰ মাজেৰে বিশ্ব জয় কৰা, ভক্তিভাবেৰে মানুহে মানুহৰ হূদয় জয় কৰাৰ৷

ইপিনে মন্ত্রী ড০ শর্মাই ভাষণত কয় যে ২০১৯–২০ বর্ষৰ বাজেটত ১০০ বছৰৰ পুৰণা মন্দিৰ, মছজিদ, গির্জাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম দর্শন আঁচনিখন আৰম্ভ কৰা হয়৷ সেই বছৰ ৯১৫খন তেনে ধৰণৰ উপাসনাস্থলীৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ টকাকৈ আগবঢ়োৱা হয়৷ তদুপৰি সেই উপাসনাস্থলীসমূহলৈ যোৱাৰ বাট–পথ নির্মাণৰ বাবে লোকনির্মাণ বিভাগে প্রায় ৭৬৬ কোটি টকা ব্যয় কৰে৷ আন্তঃগাঁথনি উন্নয়নৰ বাবে দিয়া ১০ লাখ টকাৰ কাম ক’ভিড পৰিস্থিতিৰ বাবে যোৱা সময়ছোৱাত আৰম্ভ হোৱা নাছিল যদিও যোৱা এক–ডেৰ মাহৰ পৰা সেই কাম আৰম্ভ হৈছে৷ প্রথম কিস্তিৰ ১০ লাখ টকাৰ কাম ভালদৰে কৰিলে সেই অনুষ্ঠানসমূহক পৰৱর্তী দিনত আৰু ১৫ লাখ টকাকৈ চৰকাৰে প্রদান কৰিব৷ কিন্তু ২০১৯–২০ বর্ষত ৯১৫খন উপাসনাস্থলীক ১০ লাখ টকাকৈ আগবঢ়োৱাৰ পাছতো বহু এশ বছৰৰ পুৰণি উপাসনাস্থলী বাদ পৰি যোৱাত ২০২০–২১ৰ বাজেটতো আঁচনিখন গ্রহণ কৰা হয়৷ সেই অনুসৰি আজি ৩৭৭খন অনুষ্ঠানক ১০ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে চৰকাৰে কালিয়েই ৩৭.৭০ কোটি টকা সংশ্লিষ্ট অনুষ্ঠানসমূহলৈ মোকলাই দিছে৷ পূর্বৰ উপাসনাস্থলীসমূহলৈ যোৱাৰ বাট–পথ লোকনির্মাণ বিভাগে যিদৰে নির্মাণ–উন্নয়ন সাধন কৰিছে, আজি আর্থিক অনুদান প্রদান কৰা ধর্মীয় অনুষ্ঠানৰো বাট–পথ নির্মাণ কৰা হ’ব৷ তদুপৰি আজি আগবঢ়োৱা ১০ লাখ টকাৰ সুব্যৱহাৰ কৰিলে অনাগত দিনত এই অনুষ্ঠানসমূহকো ১৫ লাখ টকাকৈ পুনৰ আগবঢ়োৱা হ’ব৷ ভাষণত মন্ত্রী ড০ শর্মাই কয় যে ভিন্নতাৰ মাজতো সনাতন ধর্মৰ অদ্ভুত মিলন শক্তিয়ে আমাৰ সমাজখন একত্রিত কৰি ৰাখিছিল৷ প্রাচীন ঐতিহ্যৰ মাজত সমন্বয় দেখা গৈছিল৷ সেই সময়ত এটা ধর্মৰ অনুষ্ঠানৰ প্রতি আন এটা অনুষ্ঠানৰ লগত জড়িত ব্যক্তিৰ প্রতি শ্রদ্ধা আছে৷ কিন্তু আজি কিছু বছৰৰ পৰা লক্ষ্য কৰিছোঁ, আমাৰ সমাজখনত অসহিষ্ণুতা আহিছে৷ আন ধর্মৰ প্রতি আস্থা, বিশ্বাস হেৰুৱাই ক’ৰবাত আমি আক্রমণাত্মক ভূমিকা ল’ব খুজিছোঁ৷ যোৱা কেইটামান দিনত শংকৰদেৱ কলাক্ষেত্রক সামৰি যি বিতর্কই দেখা দিছে, সেয়া প্রাচীন সভ্যতা–সংস্কৃতিৰ পৰিচয় নহয়৷ বটদ্রৱা সত্রৰ মাটি বেদখলৰ চিন্তা–চর্চাই আমাৰ সমাজ জীৱনত এটা প্রতিকূল প্রভাৱ পৰিছে৷ এটা সভ্যতাই যেতিয়া আন এটা সভ্যতাক আক্রমণ কৰে, তেতিয়া আনসকল ব্যক্তিয়েও ৰক্ষণাত্মক হৈ পৰাটো স্বাভাৱিক৷ আজি কোনোবাই যদি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আন এটা ব্যৱস্থা আৰম্ভ কৰাৰ কথা কয়, ইয়াৰ সৈতে আৱেগ জড়িত হৈ থকা ব্যক্তিসকলৰ মনত ক্ষোভ সৃষ্টি হোৱাটো স্বাভাৱিক৷ হাজোৰ পোৱামক্কাত আন এটা সংস্কৃতি প্রভাৱিত কৰিব বিচাৰিলে তাৰ সৈতে জড়িত ব্যক্তিসকলৰ খং উঠাটো স্বাভাৱিক৷ আজিৰ পৰা এশ বছৰ আগেয়ে আমাৰ পিতৃপুৰুষসকলে কাৰো লগত সংঘাতত লিপ্ত নোহোৱাকৈ নিজ নিজ স্থানত যি প্রয়াস আৰু প্রচেষ্টাৰে অনুষ্ঠান–প্রতিষ্ঠান স্থাপন কৰি সত্য সুন্দৰৰ আৰাধনা কৰিছিল, তাত সংঘাত নাছিল৷ এটা সংস্কৃতিয়ে আন এটা সংস্কৃতিক আক্রমণ কৰাৰ চিন্তা নাছিল৷ কাৰণ তেওঁলোকে বিভিন্নতাক সন্মান কৰিছিল৷ আজি মোৰ উপাসনাস্থলী, সভ্যতাৰ ওপৰত যদি আক্রমণ হয়, মানুহ ৰক্ষণাত্মক হৈ পৰাটো স্বাভাৱিক৷

নাম উল্লেখ নকৰাকৈ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দি ভাষণত মন্ত্রী ড০ শর্মাই কয়– মিউজিয়ামৰ স্থান কলাক্ষেত্র হ’ব নোৱাৰে৷ হিন্দু ধর্মই ভিন্নতাক বিশ্বাস কৰে৷ ভিন্নতাক আমি স্বীকাৰ কৰোঁ৷ কলাক্ষেত্রৰ গুৰু আসনকে ধৰি অন্যান্য সম্পদ যিদৰে শক্তিপীঠ কামাখ্যাত লৈ যোৱা নাই, সেইদৰে শক্তিপীঠ কামাখ্যাৰ আসন, মহামায়াৰ লগত জড়িত ব্যৱস্থাও কলাক্ষেত্রলৈ অনা নাই৷ হিন্দুৰ মাজতো ভিন্নতা আছে, খ্রীষ্টানৰ মাজতো ভিন্নতা আছে৷ ধর্মৰ মাজত ভিন্নতা আছে৷ ধর্মৰ ভিতৰতো ভিন্নতা আছে৷ এই ভিন্নতাক দেশৰ সংবিধানেও স্বীকৃতি দিছে৷ এইটোৱেই বৈচিত্র্যৰ মাজত ঐক্য৷ বৈচিত্র্যৰ পৰিৱর্তে আমি যেতিয়া আমাৰ প্রভুত্ব বিস্তাৰৰ চেষ্টা কৰিম, তেতিয়া ৰক্ষণাত্মক হ’ব৷ সহনশীলতা সকলোৱে মানিব লাগিব, স্বীকাৰ কৰিব লাগিব৷ তেতিয়াহে সহনশীলতা জাতিটোৰ বাবে মহামন্ত্র হৈ পৰিব৷ কিন্তু এচামে কৰিব, আন চামে নকৰিব, তেতিয়া অশান্তি অহাটো স্বাভাৱিক৷ ভাষণত মন্ত্রী ড০ শর্মাই ধর্মনিৰপেক্ষতা কেতিয়াও এটা সভ্যতাৰ আদর্শ হ’ব নোৱাৰে বুলি উল্লেখ কৰি কয়– ধর্মনিৰপেক্ষতা নিৰপেক্ষ হৈ থাকিব, আমি যেতিয়া নিৰপেক্ষ হ’ম৷ আমি যি স্থানত চিন্তা কৰোঁ, সেই স্থান আনে বাদ দিব লাগিব৷ দুই ভিন্নতাৰ মাজত আমি চিন্তা কৰিবলৈ ল’লে স্বাভাৱিকতে মনোকষ্ট দিব৷ ভিন্নতাক আমি স্বীকাৰ কৰিব লাগিব৷ আজিৰ এই অনুষ্ঠানত মন্ত্রী ড০ শর্মাই ৰাজ্যৰ ৮ হাজাৰ নামঘৰক ২.৫ লাখ টকাকৈ আগবঢ়োৱাৰ লগতে জনজাতিসকলৰ বাথৌ কৃষ্টিকে ধৰি আন কৃষ্টিৰ লগত জড়িত উপাসনাস্থলীসমূহকো অসম দর্শনৰ অধীনত সামৰি লোৱাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে৷ অহা নৱেম্বৰ–ডিচেম্বৰত্ সেই ধন আগবঢ়োৱা হ’ব বুলি প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানত প্রত্নতত্ত্ব, জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই কৰিছে৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ আধ্যাত্মিক অনুষ্ঠানসমূহ সংৰক্ষণৰ বাবে আইন প্রণয়ন কৰা বুলিও মন্তব্য কৰে৷

You might also like