নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ গণৰোষৰ বলি লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্ত

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ  শুকুৰবাৰে পুনৰ গণৰোষৰ বলি হয় লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্ত৷ মাথোঁ কেইদিনমান পূর্বে ঘুণাসুঁতিত এখন দলীয় সভাত অংশগ্রহণ কৰিবলৈ যোৱা উৎপল দত্তক উক্ত এলেকাত প্রৱেশত বাধা দিছিল তিনিটাকৈ মিচিং সংগঠনে৷ নাৱৰ পৰা নামিবলৈ লওঁতেই প্রতিবাদ কৰি মিচিং সংগঠনসমূহে তেওঁক বাধা দিছিল৷ বহু সময় উত্তাল পৰিৱেশ সৃষ্টি হৈ থকাৰ মাজতে বিধায়কজন কোনোমতে নাৱৰ পৰা নামে যদিও পুনৰ পাৰত প্রবল প্রতিৰোধ, প্রতিবাদ কৰে সংগঠনসমূহে৷ পৰিণতিত দলীয় কার্যসূচী এৰি বিধায়কজন ঘূৰি আহিবলৈ বাধ্য হৈছিল৷ উক্ত এলেকাৰ বন্যার্তক কিছুদিন পূর্বে বিধায়কজনে ধমক দিয়াৰ পৰিণতিতে এনে পৰিস্থিতিৰ সূচনা হয়৷ কালি একে ঘটনাৰ পুনৰাবৃত্তি ঘটে পূব তেলাহীত৷ পূব তেলাহী পঞ্চায়তত এখন সভাত অংশগ্রহণ কৰিবলৈ গৈছিল বিধায়ক দত্ত৷ দিছে নাৱৰ পৰা তেওঁ নামিবলৈ নাপালেই৷ পাৰত স্থানীয় একাংশ লোকে আৰম্ভ কৰে প্রতিবাদ৷ উৎপল দত্ত ঘূৰি যাওক, উৎপল দত্তৰ কাম নাই আদি শ্লোগান বর্ষণ কৰি প্রতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি পূব তেলাহীত উৎপল দত্তৰ প্রৱেশত বাধা প্রদান কৰে৷

যোৱা চাৰিটা বছৰে এবাৰো উক্ত এলেকাত বিধায়কজনে ভৰি নিদিয়াত ক্ষোভ উজাৰি স্থানীয় ৰাইজে বিধায়কজনৰ প্রৱেশত বাধাৰ সৃষ্টি কৰি সোৱণশিৰিৰ পাৰ উত্তাল কৰি তোলে৷ অৱশেষত আন এখন নাৱত অহা আৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বন্যার্তক ধমক দিয়া অথবা যোৱা সময়খিনিত পূব তেলাহীৰ দৰে দুর্গম এলেকাত বিধায়কজনে ভৰি নিদিয়াৰ ক্ষোভ উজাৰি এতিয়া বিধায়ক দত্তক বাৰম্বাৰ তেনে অঞ্চলত ৰাইজে প্রৱেশত বাধাৰ সৃষ্টি কৰিছে৷ দলীয় একাংশৰ মতে এয়া বিৰোধী দলৰ ষড়যন্ত্র৷ পিছে ৰাইজে বিধায়কজনৰ কর্মকাণ্ডত অতিষ্ঠ হৈহে তেওঁক বাধা দিয়া বুলি ক্ষোভ উজাৰে৷

You might also like