শুকুৰবাৰে ৰাজ্যত নতুনকৈ আক্রান্ত ২৩৩গৰাকী
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ৰাজ্যত ক’ৰোনাত আক্রান্তৰ হাৰ নিম্নগামী আৰু সুস্থতাৰ হাৰ ঊর্ধ্বমুখী হৈছে যদিও নতুনকৈ আক্রান্ত হৈয়ে আছে।
কালি ৰাজ্যখনত নতুনকৈ ২৩৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ মন কৰিবলগীয়া যে কালিলৈকে ৰাজ্যখনত মুঠ ২,১০,০৬৮গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ২,০৪,৭১৮গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷
বর্তমান বিভিন্ন হাস্পতালত ৪,৩৮৯গৰাকী সক্রিয় ৰোগী আছে৷
Assam reports 233 new #COVID19 cases and 642 discharges today.
Total cases in the State rise to 2,10,068, including 2,04,718 discharges and 958 deaths. Active cases at 4,389: State Health Minister Himanta Biswa Sarma pic.twitter.com/cNRlUUggcg
— ANI (@ANI) November 13, 2020