নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পাছত বিপিএফৰ নাঙল মিউজিয়ামত থাকিব

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিএডিত নির্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ ইয়াৰ মাজতে বিপিএফ আৰু বিজেপিৰ মাজত চলা নির্বাচনী যুঁজখন আকর্ষণীয় হৈ উঠিছে৷ বিজেপিৰ হৈ নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিটিচিত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ৷ বাক্সাৰ মথনগুৰি আৰু ওদালগুৰিৰ ঔৰঙাজুলি চাহ বাগিচাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰে৷ দুয়োখন সভাতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ লগতে বিগত ১৭ বছৰীয়া শাসনকালত সংঘটিত দুর্নীতি–নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে নেডাৰ আহ্বায়কগৰাকীয়ে৷

২০ নম্বৰ মথনগুৰি সমষ্টিৰ বিজেপি প্রার্থী গৌতম দাসৰ হৈ বাক্সাৰ বেলগুৰিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি ড০ শর্মাই কয়–‘হাগ্রামা মহিলাৰীৰ আজি টোপনি নাহিব৷ বিপিএফ আমাৰ লগত চৰকাৰত আছিল বা আছে৷ আমাৰ এটাই উদ্দেশ্য আছিল বিটিচিত সকলোৰে অধিকাৰ অক্ষুণ্ণ থাকক৷ সকলোৱে মর্যাদাসহকাৰে জীয়াই থাকক৷ প্রতিবছৰে এহাজাৰৰ পৰা ১৫শ কোটি টকা আমি বিটিচিত দি আহিছোঁ৷ বিটিচিত আজিলৈকে অন্যান্য জাতি–জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পোৱা নাই৷ বিজেপি আৰু পাপৰ ভাগ ল’বলৈ সাজু নহয়৷ বিটিচিত প্রতিজন মানুহে ভূমিৰ অধিকাৰ লাভ কৰিব লাগিব৷ এই অধিকাৰ আমি দিম৷’ ইফালে, বিটিচিত সংঘটিত হোৱা দুর্নীতি সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে বিটিচিত বিধৱা আৰু বৃদ্ধ পেন্সন লাভ কৰিবলৈও টকা দিবলগীয়া হয়৷ দিল্লীৰ পৰা পিঠা পঠিয়াইছে, দিছপুৰৰ পৰা পিঠা পঠিয়াইছে, হাগ্রামা মহিলাৰীৰ মেকুৰী ভিচিডিচিয়ে এই পিঠা খাই পেলাইছে৷ ইফালে, হাগ্রামাৰ চৰকাৰ নাথাকিলে বিটিচিত অশান্তি হ’ব বুলি বিপিএফে কৰা প্রচাৰ সন্দর্ভত তেওঁ কয়–‘হাগ্রামা মহিলাৰীৰ শান্তি আমাক নালাগে, আমাক বিটিচি ৰাইজৰ শান্তি লাগে৷ প্রথমবাৰৰ বাবে বড়ো জনগোষ্ঠীৰ সকলো নেতাই বিটিআৰ চুক্তিত চহী কৰিছে৷ অসমখন আমি দুভাগ কৰিব নিবিচাৰোঁ৷ এই বিটিআৰ চুক্তি বেয়া বুলি ক’বলৈ আৰম্ভ কৰিছে৷ বিটিচিত চাকৰি প্রদানৰ নামতো ব্যাপক দুর্নীতি সংঘটিত হৈছে৷ পকেটত চাকৰিৰ লিষ্ট লৈ ঘূৰি ফুৰে হাগ্রামাই৷ এই লিষ্ট মতেহে চাকৰি পায়৷ পঢ়া–শুনা কৰা ল’ৰাৰ কাম নাইকিয়া হৈছে৷’

আনহাতে, হাগ্রামাক বিটিচিত চীফ বুলি কৰা সম্বোধন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ভাষণত মন্ত্রীগৰাকীয়ে কয় যে চীফ কি বস্তু৷ প্রধানমন্ত্রীয়ে নিজকে ৰাইজৰ সেৱক বুলি প্রকাশ কৰি আহিছে৷ আৰু হাগ্রামাক চীফ বুলি ক’বলগীয়া হৈছে৷ চীফ নহয়, ৰাইজৰ সেৱক হ’ব লাগিব৷ বিটিচিৰ ৰাইজক হাগ্রামাই ঘৰৰ পৰা পইচা দিয়া নাই বুলি উল্লেখ কৰি ড০ শর্মাই কয়–‘বিটিচিক ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণৰ দায়িত্ব দি আমি ভুল কৰিছিলোঁ৷ আমাৰ কোনো মিত্রতা নাই৷ বিপিএফৰ লগত আমাৰ মিত্রতা নাই৷ কোকৰাঝাৰত আমাৰ চৰকাৰ হ’ব৷ আজিৰ পৰাই টোপনি নোহোৱা হ’ব হাগ্রামা মহিলাৰীৰ৷ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ’লে ভিচিডিচিসকলৰ জে’লতো টোপনি নোহোৱা হ’ব৷ কোকৰাঝাৰত ৰাইজৰ মতে চৰকাৰ হ’ব৷ ৰাইজে বিজেপিৰ লেকাম টানি থাকিব৷ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ’লে মাটি বেচা–কিনাৰ আবেদন কৰিলে এছডিচিয়ে ১৫ দিনৰ ভিতৰত অনুমতি দিব লাগিব৷ বিটিচিত সূর্যৰ পোহৰ আহিব৷ শেষ হ’ব আন্ধাৰ৷’ একেখন নির্বাচনী সভাতে ভাষণ প্রদান কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে এইবাৰ কোকৰাঝাৰত বিজেপিৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব৷ বিজেপিৰ চৰকাৰ হ’লে দুর্নীতিত লিপ্ত ভিচিডিচিসকল জে’ললৈ যাব লাগিব৷ সভাখনতে মথনগুৰি সমষ্টিৰ বিজেপিৰ প্রার্থী গৌতম দাস বিজয়ী হ’লে বিটিচি পৰিষদৰ কার্যবাহী সদস্য হিচাপে নির্বাচিত কৰা হ’ব বুলিও তেওঁ প্রতিশ্রুতি দিছে৷ সভাখনত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি তথা সাংসদ দিলীপ শইকীয়াই তীক্ষ্ণ ভাষাৰে বিপিএফক সমালোচনা কৰে৷ শইকীয়াই কয়–‘আমি এখন হেলিকপ্ঢাৰ ভাৰা কৰি নির্বাচনী প্রচাৰ অভিযান চলাইছোঁ৷ কিন্তু ২৫খন হেলিকপ্ঢাৰ কিনিব পৰা সম্পত্তি গঢ়িছে হাগ্রামা আৰু বিপিএফৰ নেতাসকলে৷’ এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নিশ্চিত বুলি তেওঁ উল্লেখ কৰে৷ সভাত বৰপেটা সমষ্টিৰ অগপৰ বিধায়ক গুণীন্দ্র নাথ দাস, জিলা বিজেপিৰ সভাপতি শংকৰচন্দ্র দাস, মথনগুৰি সমষ্টিৰ প্রার্থী গৌতম দাসেও ভাষণ প্রদান কৰে৷

You might also like