স্নাবিং ইউনিটৰ সফলতা ১৭২ দিনৰ অন্তত বাঘজানৰ জুই নুমাল
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বাঘজানৰ আকাশ ছানি ধৰা জুই–ধোঁৱা আৰু অবিৰাম শব্দৰ কোলাহলৰ পৰা সম্প্রতি মুক্ত বাঘজানবাসী৷ ১৭২টা দিন ধৰি প্রতিপলে ভয়াৱহ প্রতিচ্ছবি এখন সন্মুখত লৈ দুর্বিষহ জীৱন কটোৱা বাঘজানবাসীৰ মুখত এতিয়া হঁাহিৰ ৰেঙনি৷ যোৱা ২৭ মে’ৰ দিনা বাঘজান তৈলক্ষেত্রৰ বি জি এন–৫ নং খাদটোত সংঘটিত ব্ল’–আউট আৰু পৰৱর্তী ৯ জুনত কনডেনছেট তেল–গেছ নির্গমিত উক্ত খাদটো বিস্ফোৰিত হোৱাৰ পাছত জুইৰ লেলিহান শিখাই খন্তেকতে ছাইত পৰিণত কৰিছিল গঞা ৰাইজৰ আপোন ঘৰখন, সেউজ খেতিভূমি৷ দীর্ঘদিনীয়া অনিয়ন্ত্রিত খাদটোৰ পৰা যিকোনো মুহূর্ততে পুনৰ উদ্ভৱ হ’ব পৰা ভয়াৱহ সমস্যাৰ পৰা এতিয়া মুক্ত হোৱাৰ পথ দেখিছে বাঘজানবাসীয়ে৷ বর্তমান বাঘজানত জুই–ধোঁৱাৰ প্রকোপ নাই৷ নাই শব্দৰ কোলাহল৷ চৌদিশে নীৰৱ আৰু শান্ত পৰিৱেশ৷
উল্লেখ্য যে বাঘজানৰ অপাৰেচনৰ আৰম্ভণিতে ব্ল’–আউট নিয়ন্ত্রণ কৰিবৰ বাবে খাদ অর্থাৎ কূপটোৰ শীর্ষত দুবাৰকৈ বি অ’ পি ষ্টেক স্থাপনৰ কাৰিকৰী ব্যর্থতাৰ অন্তত ১৭ আগষ্টত বি অ’ পি অর্থাৎ ব্ল’–আউট প্রিভেণ্টসহ ৰাইজাৰ(Riser) সফল স্থাপন আৰু পৰৱর্তী কালত খাদটোৰ পৰা উচ্চ চাপত প্রৱাহিত গেছ পাইপযোগে খাদৰ সমীপতে অৱস্থিত ফ্লেয়াৰপিটলৈ আৰু সমান্তৰালভাৱে ই পি এছলৈ প্রৱাহিত কৰি খাদটো কাৰিকৰীভাৱে নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হৈছিল অইল আৰু বিশেষজ্ঞৰ দলে৷ ইয়াৰ ফলত কূপৰ মুখৰ বি অ’ পিৰ সংলগ্ণ ৰাইজাৰৰ মুখেদি নির্গত গেছ প্রৱাহ বন্ধ হৈ পৰাত জ্বলন্ত জুইকুৰা সাময়িকভাৱে প্রশমিত কৰিবলৈও সমর্থ হৈছিল৷ তাৰ পৰৱর্তী অপাৰেচনত বিদেশৰ পৰা অনা স্নাবিং ইউনিটৰ দ্বাৰা খাদৰ কিলিং প্রচেষ্টা সম্পূর্ণ কৰাৰ কৌশল অৱলম্বন কৰি শেহতীয়া অপাৰেচন অব্যাহত ৰাখিছে অইল ইণ্ডিয়াই৷
স্মর্তব্য যে সুদূৰ কানাডাৰ কেলেগেৰীৰ পৰা বিশ্বৰ সর্ববৃহৎ এন ১২৪ (এণ্ট’নভ) এয়াৰ ক্রাফটে কঢ়িয়াই অনা জুই নুমোৱা যন্ত্রাংশ স্নাবিং ইউনিটটো যোৱা ৫ নৱেম্বৰৰ দিনা বাঘজানলৈ অনাৰ পাছত যাৱতীয় কাম সম্পাদন কৰি ৯ নৱেম্বৰৰ পৰা মূল খাদটোত অপাৰেচন চলাইছিল৷ এই অপাৰেচনত ছিংগাপুৰ এলার্ট ডিজেষ্টাৰ কোম্পানীৰ ৪জন বিশেষজ্ঞৰ সৈতে স্নাবিং ইউনিটৰ আন ৪জনসহ মুঠ ৮জন বিশেষজ্ঞই সক্রিয় সহযোগ আগবঢ়াই আজি সপ্তম দিনা জুই নির্বাপণত বিশেষ সফলতা লাভ কৰিছে৷ এইক্ষেত্রত অইল ইণ্ডিয়াৰ জনসম্পর্কৰক্ষী বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বাঘজান ব্ল–আউট কূপটোৰ কিলিং অপাৰেচন কার্য সফলতাৰে সম্পন্ন হয়৷ ব্রাইন ছলিউচনৰ সহায়ত কূপটোৰ কিলিং কার্য সম্পন্ন হয় আৰু বর্তমান নিয়ন্ত্রণৰ ভিতৰত আছে৷
অপাৰেচনত বিধ্বংসী জুইকুৰা সম্পূর্ণভাৱে নির্বাপিত হয় বুলি অইল ইণ্ডিয়াই উল্লেখ কৰি লগতে জানিবলৈ দিছে যে বর্তমান কূপটোত কোনো ধৰণৰ চাপ নাই আৰু কোনো পৰিমাণৰ গেছ মাইগ্রেচন তথা চাপ সৃষ্টি হৈছে নেকি, সেয়া নিশ্চিত হ’বৰ বাবে ২৪ ঘণ্টা সময় নিৰীক্ষণ কৰা হ’ব৷ ব্ল’–আউট কূপটো পৰিত্যক্ত কূপলৈ পর্যবসিত কৰিবৰ বাবে অন্যান্য অপাৰেচন কার্যসমূহ বর্তমানে অব্যাহত আছে৷ এই সন্দর্ভত অইল ইণ্ডিয়াৰ সঞ্চালক (অন্বেষণ আৰু বিকাশ) পি চন্দ্রশেখৰণ, সঞ্চালক (অপাৰেচন) পি কে গোস্বামী আৰু আৱাসিক মুখ্য বিষয়া দিলীপ কুমাৰ দাসে বাঘজান তৈলক্ষেত্র পৰিদর্শন কৰি এলার্ট ডিজেষ্টাৰ আৰু অইলৰ বিশেষজ্ঞসকলৰ সৈতে বিতং আলোচনাত মিলিত হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অভিশপ্ত খাদটো বিস্ফোৰিত হোৱাৰ পাছত দুর্ঘটনাক্রমে যোৱা ৯ জুনত দুজনকৈ অগ্ণিনির্বাপক কর্মচাৰী দুর্লভ গগৈ আৰু তীখেশ্বৰ গোহঁাইৰ লগতে ৯ ছেপ্ঢেম্বৰৰ দিনা জ্যেষ্ঠ অভিযন্তা অর্ণৱ কিশোৰ বৰদলৈৰ শোকাৱহভাৱে মৃত্যু হয়৷