পলাশবাৰীত লাইট পোষ্টত বান্ধি সাংবাদিকক প্রহাৰ জুৱাৰীৰ
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ নামত ৰাজ্যৰ বিভিন্ন ঠাইত জুৱাৰ আড্ডা বহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে সংঘটিত হয় পলাশবাৰী তিনিআলিত জুৱাৰীৰ আক্রমণৰ বলি হ’ব লগা হ’ল গুৱাহাটীৰ পৰা প্রকাশিত দুখনকৈ বাতৰিকাকতৰ মির্জা আৰু বৰিহাটস্থিত সাংবাদিক মিলন মহন্ত৷ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই এইবাৰ পলাশবাৰী তিনিআলিত সাংবাদিকক প্রহাৰ কৰি হত্যাৰ চেষ্টা চলালে জুৱাৰীয়ে৷
জানিব পৰা মতে, কিছুদিন পূর্বে সাংবাদিক মহন্তই পলাশবাৰী তিনিআলিত বহা জুৱা সন্দর্ভত সংবাদ পৰিৱেশন কৰিছিল৷ উক্ত বাতৰিক কেন্দ্র কৰি সাংবাদিক মহন্তৰ ওপৰত ক্ষুব্ধ হৈ আছিল একাংশ জুৱাৰী৷ আজি দুপৰীয়া সাংবাদিক মহন্তই ঘৰৰ পৰা বাতৰি সংগ্রহৰ বাবে আহি তিনিআলিৰ পদপথত ৰৈ আছিল৷ তেনে সময়তে ভূ–মাফিয়া সঞ্জয় ঠাকুৰীয়া, বুদু ঠাকুৰীয়া আৰু বিশ্বজিৎ দাস নামৰ জুৱাৰী তিনিজনে সাংবাদিক মহন্তক খেদি আহি অতর্কিতে প্রহাৰ কৰে৷ পাছত লাইট পোষ্টত বান্ধি লৈ সাংবাদিক মহন্তই পিন্ধি থকা সোণৰ চেইন কাঢ়ি লৈ যোৱাৰ লগতে আন ঠাইলৈ নি প্রাণেমৰাৰ যো–জা চলাইছিল৷ মূৰ, কাণ আৰু পিঠিত গুৰুতৰভাৱে আঘাতপ্রাপ্ত সাংবাদিক মহন্তক স্থানীয় একাংশ লোকে কোনোমতে জুৱাৰীৰ দলটোৰ ৰোষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত পলাশবাৰী আৰক্ষী থানাত খবৰ দিয়াৰ কিছু সময় পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাংবাদিক মহন্তক উদ্ধাৰ কৰি থানালৈ আনি চিকিৎসা প্রদানৰ ব্যৱস্থা কৰে৷ পাছত পলাশবাৰী আৰক্ষী থানাত বৰিহাটৰ ৰাইজ তথা বিভিন্ন দল–সংগঠনৰ কর্মী উপস্থিত হৈ আৰক্ষীয়ে সাংবাদিক মহন্তক ঘটনাস্থলীৰ পৰা উদ্ধাৰৰ সলনি ৰহস্যজনক ভূমিকাহে গ্রহণ কৰা বুলি অভিযোগ তুলি শীঘ্রে ঘটনাৰ লগত জড়িত জুৱাৰীকেইজনক আটক কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায়৷ অন্যথা আৰক্ষীৰ বিৰুদ্ধে দল–সংগঠনৰ সহযোগত ৰাইজে আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে৷
গুৰুতৰভাৱে আহত সাংবাদিক মহন্তই ভূ–মাফিয়া সঞ্জয় ঠাকুৰীয়া, বুদু ঠাকুৰীয়া আৰু বিশ্বজিৎ দাসৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ঘটনা সন্দর্ভত পলাশবাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩২৪/৩২৫/৩৪ নম্বৰ ধাৰাৰ অধীনত ৫১৫/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ সাংবাদিক আক্রমণৰ এই ঘটনাক দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ’ৰাম, ছাউথ কামৰূপ, কামৰূপ জিলা সাংবাদিক পৰিষদ, কামৰূপ জিলা সাংবাদিক সন্থা, দক্ষিণ কামৰূপ সাংবাদিক সন্থা, আপকুৰ কামৰূপ জিলা সমিতি, ছয়গাঁও প্রেছ ক্লাব, দক্ষিণ কামৰূপ প্রেছ ক্লাব, দক্ষিণ ৰঙীয়া প্রেছ ক্লাব, দক্ষিণ কামৰূপ ছাত্র সন্থা, বৃহত্তৰ আমৰাংগা বৰিহাট নাগৰিক মঞ্চ, সচেতন নাগৰিক মঞ্চ, বৰিহাট আমৰাংগাৰ ত্রিধাৰা আঞ্চলিক কলা সংঘ, লক্ষ্মীপূজা সমিতি, উদীয়মান যুৱ বিকাশ কেন্দ্র, কলিকান্ত নিউজ এজেন্সী, কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা নিৰোদ দাস, বিজেপি নেতা অনুপ কুমাৰ মেধি, ৰাতুল শর্মা, অধিবক্তা তপন দাস, অগপ নেতা পংকজলোচন গোস্বামী আদিকে ধৰি বিভিন্ন দল–সংগঠনে তীব্র ভাষাৰে গৰিহণা দি দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে৷