নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাইঃ মুখ্যমন্ত্ৰী

চাহ জনজাতিৰ প্ৰাৰ্থীৰ প্ৰাক-প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ সংগ্রামৰ দ্বাৰাহে কৃতকার্যতা লাভ কৰিব পাৰি আৰু জীৱনত সফল হ’ব লাগিলে কঠোৰ পৰিশ্রমৰ কোনো বিকল্প নাই৷ সোমবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ২০১৯–২০ বর্ষৰ চাহ জনজাতি সম্প্রদায়ৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া প্রার্থীসকলৰ প্রাক্–পৰীক্ষা প্রশিক্ষণ কার্যসূচী শুভাৰম্ভ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা এই প্রশিক্ষণ ক্রমাগতভাৱে তৃতীয় বর্ষৰ বাবে অনুষ্ঠিত কৰা হৈছে আৰু এই প্রশিক্ষণৰ কার্যসূচী ৬ মাহৰ হ’ব৷ ২১০গৰাকী আবেদনকাৰীৰ ভিতৰত ৫০গৰাকী প্রার্থীক এই প্রশিক্ষণৰ বাবে নির্বাচিত কৰা হৈছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী সোণোৱালে কয় যে আজিৰ যুগটো হ’ল তীব্র প্রতিযোগিতাৰ যুগ৷ সেয়েহে এই প্রতিযোগিতাত অৱতীর্ণ হ’ব লাগিলে কঠোৰ পৰিশ্রম, অধ্যাৱসায় আৰু একাণপতীয়া প্রচেষ্টাৰ প্রয়োজন৷ চাহ জনজাতি হ’ল এক পৰিশ্রম সম্প্রদায়৷ সেয়েহে এই প্রতিযোগিতাৰ যুগত এই জনগোষ্ঠীটোৱে আগবাঢ়ি যোৱাৰ পূর্ণ সম্ভাৱনীয়তা আছে৷ এই প্রশিক্ষণৰ বাবে নির্বাচিত হোৱা ছাত্র–ছাত্রীসকলে তেওঁলোকৰ যোগ্যতা অনুযায়ী উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ বর্তমান সময় চাহ জনগোষ্ঠীসকলৰ বাবে গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁলোকে পূর্বতে সন্মুখীন হোৱা অৱজ্ঞাৰ যোগ্য প্রত্যুত্তৰ দিয়াৰ বাবে শৈক্ষিক দিশত সর্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ প্রশিক্ষণৰ বাবে নির্বাচিত হোৱা ছাত্র–ছাত্রীসকলে কৃতকার্য হৈ তেওঁলোকৰ জনগোষ্ঠীৰ হাজাৰ হাজাৰ ছাত্র–ছাত্রীক অনুপ্রেৰণা যোগাবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে জীৱনত সফলতা আৰু সুখী হোৱাৰ বাবে সুস্বাস্থ্য আৰু ইতিবাচক দৃষ্টিভংগী সদায়ে অটুট ৰখাৰ দিশত গুৰুত্ব প্রদান কৰিবলৈও প্রশিক্ষণৰ প্রার্থীসকলক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলক ছ’চিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহ প্রয়োগ কৰি অলাগতিয়াল কাম–কাজত সময় অতিবাহিত নকৰাৰ বাবেও কয়৷ এই অনুষ্ঠানত বিধায়ক তেৰছ গোৱালা, চাহ জনজাতি কল্যাণ বিভাগৰ প্রধান সচিব ড০ জে বি এক্কায়ো ভাষণ প্রদান কৰে৷ চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালক পলাশ ৰঞ্জন ঘৰফলীয়াই আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত বিধায়ক ঋতুপর্ণ বৰুৱা, চক্রধৰ গগৈ, অসম চৰকাৰৰ বেচা–কিনা নিগমৰ উপাধ্যক্ষ শিৱপ্রসাদ ভদ্রৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

You might also like