নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ দুলীয়াজান অধিৱেশন

সদৌ অসম ছাত্র সন্থাৰ দুলীয়াজান অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে৷ এইবাৰৰ অধিৱেশনখন আছুৰ বাবে অতি গুৰুত্বপূর্ণ৷ ইয়াৰ কাৰণ দুটা৷ প্রথমটো হ’ল, অসম জাতীয় পৰিষদ৷ আনটো কাৰণ নেতৃত্বৰ পৰিৱর্তনৰ সম্ভাৱনা৷ এইটো সর্বজনবিদিত যে অসম জাতীয় পৰিষদ গঠনৰ মূল শক্তিটো হৈছে আছু৷ মূলতঃ আছুৰ আগ্রহ আৰু পৰিকল্পনাৰ আধাৰতহে নতুন আঞ্চলিক ৰাজনৈতিক দলটো গঠন হৈছে৷ ছাত্র সংগঠনটোৱে ক্বে আৰু ‘কা’ৰ বিৰোধিতাৰে অসমত আন্দোলনটোৰ নেতৃত্ব গ্রহণ নকৰিলে নতুন ৰাজনৈতিক দলটো গঠনৰ ভেটিও প্রস্তুত নহ’লহেঁতেন৷ ৰাজনৈতিক দলটো গঠনৰ পিছত স্বাভাৱিকতে সমর্থকসকলে বিচাৰিব অসম জাতীয় পৰিষদৰ নেতৃত্ব তমানৰ আছুৰ নেতৃত্বই হন কৰক৷ দলটোৰ নেতৃত্ব গ্রহণ কৰ্বিলৈ হ’লে বৰ্তমানৰ আছু নেতৃত্বই সংগঠনটো ত্যাগ কৰ্বি লাগিব৷

কিয়নো, আছুত থাকি ৰাজনৈতিক দলৰ সদস্য পদ গ্রহণ কৰাটো ছাত্র সংগঠনৰ সংবিধানে স্বীকাৰ নকৰে৷ কিন্তু অধিৱেশনখনে বৰ্তমানৰ আছু নেতৃত্বক সেই সুযোগটো দিছে৷ যিসকল নেতাই অসম জাতীয় পৰিষদৰ জৰিয়তে ৰাজনীতিৰ পথাৰখনলৈ আহ্বি বিচাৰে, তেওঁলোকে অধিৱেশনখনতে আনুষ্ঠানিকভাৱে ছাত্র সন্থা ত্যাগ কৰি অজাপলৈ যোৱাৰ বাট মুকলি কৰি ল’ব পাৰিব৷ আৰু যদি শীর্য নেতৃত্বই পৰৱর্তী কার্যকালৰ বাবেও আছুতে থাকিব বিচাৰে, তেতিয়া জনসাধাৰণৰ মাজলৈ এটা ভুল বার্তা যাব পাৰে৷ জনসাধাৰণে ভাবিব পাৰে যে নতুন ৰাজনৈতিক দলটোৰ ভৱিষ্যৎ আশাপ্রদ নহয় বাবেই কেব আৰু ‘কা’ৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিয়াসকলে এতিয়া অসম জাতীয় পৰিষদলৈ পিঠি দিছে৷ এইটোৱে সমাগত বিধানসভা র্ন্বিাচনত নৱগঠিত ৰাজনৈতিক দলটোৰ সামর্থ্য আৰু সম্ভাৱনাত প্রশ্ন চিহ্ণ আঁকি দিব৷ কোনো ৰাজনৈতিক দলে নিৰ্বাচনী যুঁজৰ প্রথমটো খোজতে এনেদৰে উজুটি খোৱাটো নিবিবচাৰিব৷ ইয়ে আনকি নতুন দলটোৰ অভ্যন্তৰত সংঘাত নতুবা বিদ্রোহৰো সৃষ্টি কৰ্বি পাৰে৷

আনহাতে, দুলীয়াজান অধিৱেশনতে আছুৰ নেতৃত্বত হঠাৎ পৰিৱর্তন ঘটোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই আছুৰ মঞ্চ ত্যাগ কৰাৰ সম্ভাৱনা আছে৷ সুদীর্ঘকাল ধৰি ছাত্র সংগঠনটোক দক্ষতাৰে নেতৃত্ব তথা দিহা–পৰামর্শ দি অহা ড০ ভট্টাচার্যক শেহতীয়াকৈ একাংশই অৱজ্ঞা আৰু উপেক্ষাৰ দৃষ্টিৰে চোৱা লি সংবাদ মাধ্যমত খবৰ ওলাই আছে৷ আছু ত্যাগ কৰা দুই–এজন নেতাৰ মুখতো শুনা গৈছে অনুৰূপ অভিযোগ৷ এই পৰিস্থিতিত ড০ ভট্টাচার্যই পৰৱর্তী আৰু এটা কার্যকালৰ বাবে আছুৰ সৈতে প্রত্যক্ষভাৱে জডিত থকাৰ সম্ভাৱনা কম৷ তেওঁ ইতিমধ্যে তেনে ইংগিতকে দি থৈছে৷ অৱশ্যে ৰাজনীতিৰ পৰা আঁতৰত থাকি আছুৱে সেৱা কৰি যাব লিও কৈছে৷ একেদৰে ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰো আছু এৰাৰ সম্ভাৱনা আছে৷ দুয়োগৰাকী নেতাই অসম জাতীয় পৰিষদৰ নেতৃত্ব ল’ব লাগিব৷ আৰু যদি তেওঁলোকে অসম জাতীয় পৰিষদৰ নেতৃত্ব নলয়, তাৰ বাবে দলটোৰ নেতা–কর্মীৰ ওচৰত, আঞ্চলিকতাবাদী ৰাজনীতিত বিশ্বাসী একাংশৰ প্রশ্ণৰ সন্মুখীন হ’ব পাৰে৷

সদৌ অসম ছাত্র সন্থাত শেহতীয়াকৈ ৰাজনৈতিক দলটোক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ তাৰে একাংশই মুকলিকৈ সেই অসন্তুষ্টি প্রকাশ কৰিছে৷ সেইটো অকল আছুৰ বাবেই নহয়, ৰাজনৈতিক দলটোৰ ভৱিষ্যতৰ বাবেও স্বাস্থ্যকৰ কথা নহয়৷ আছুৰ পৰা ওলাই অহাৰ বাবে সীমান্ত ঠাকুৰীয়া, মনোৱাৰ হুছেইনে প্রায় একে ধৰণৰ যুক্তি আগ্বঢ়াইছে৷ তেওঁলোকৰ যুক্তি যিয়েই নহওক, জনসাধাৰণৰ মাজত কিন্তু ছিবখন বেলেগ ধৰণে দেখা দিছে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সৈতে মিলি আছুৱে নতুন ৰাজনৈতিক দলটো গঠনত আগভাগ ল’লেও ৰাজনৈতিক দলটোক লৈ আছুৰ ভিতৰচ’ৰাত আত্মিবশ্বাসৰ অভাৱ আছে৷ সেই আত্মিবশ্বাসৰ অভাৱেই আন ৰূপত প্রকাশ পাইছে৷ ২০২০ চনৰ পৰা যদি ১৯৮৫ চনলৈ পিছুৱাই যোৱা যায়, তেতিয়া ছবিখন স্পষ্ট হৈ পৰে৷

অসম চুক্তি স্বাক্ষৰৰ পিছত গঠন হোৱা অসম গণ পৰিষদৰ নেতৃত্বও সেই সময়ৰ আছু নেতৃত্বই লৈছিল৷ সেই সময়ত ছাত্র সংগঠনৰ নেতৃত্ব ইমানেই আত্মিবশ্বাসী আছিল যে কোনোৱে আছু এৰি আঁতৰি যাব, সেইটো কল্পনাৰো অগোচৰ আছিল৷ কিন্তু অসম জাতীয় পৰিষদ গঠনৰ সময়ছোৱাৰ পৰা এতিয়ালৈকে সেইটো পৰিৱেশ দেখা পোৱা যোৱা নাই৷ ৰং ৰাজনৈতিক দলটোৰ প্রসংগ তুলি এজন–দুজনকৈ নেতাৰ আছুৰ পৰা প্রত্যাৱর্তনহে ঘটিছে৷ অৱশ্যে ইয়ে আছুৰ দৰে শক্তিশালী ছাত্র সংগঠনটোৰ ক্ষতি কৰ্বি নোৱাৰে৷ কিন্তু অসম জাতীয় পৰিষদক লৈ সন্দেহৰ আঙুলি উঠিব পাৰে৷ ভৱিষ্যতক লৈ কোনো কোনোৱে শংকা ক্ত কৰ্বি পাৰে৷ এতিয়া সকলো নির্ভৰ কৰ্বি তমানৰ শীর্ষনেতাৰ সিদ্ধান্তৰ ওপৰত৷ তেওঁলোকে যদি অজাপৰ সৈতে দূৰত্ব জাই ৰখা নীতি হাতত লৈ আছুতে থাকি যায়, অসম জাতীয় পৰিষদক লৈ তেওঁলোকৰ আত্মিবশ্বাসহীনতাৰ প্রশ্ন উঠিব পাৰে৷

You might also like