নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ লগত পাঁচ বছৰৰ বাবেহে মিত্রতা হৈছিল বিজেপিৰঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অহা বিধানসভা নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সৈতে বিজেপিৰ মিত্রতা নহয়৷ – সন্ধিয়া মহানগৰীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত এখন সংবাদ মেলত ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰি দিয়ে৷

সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে বিজেপিৰ লগত বি পি এফৰ ৫ বছৰৰ বাবে মিত্রতা আছিল৷ ৫ বছৰ পাছত সেই মিত্রতা নৱীকৰণ নহয়৷ ২০২১ৰ বিধানসভা নির্বাচনত বিটিচিৰ অধীনস্থ প্রতিটো বিধানসভা সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰিব৷ মন্ত্রী ড০ শর্মাৰ আজিৰ এই ভাষ্যৰ পাছত বিজেপি–বি পি এফৰ ৫ বছৰীয়া বন্ধুত্বৰ অৱসান ঘটাটো স্পষ্ট হৈ পৰিল৷ আনহাতে, আসন্ন বিটিচি নির্বাচনৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে পৰিষদীয় নির্বাচনত বিজেপিয়ে ২৭টা সমষ্টিত প্রার্থিত্ব আগবঢ়াইছিল৷ সেই ২৭টা সমষ্টিত বিজেপিৰ বি পি এফৰ সৈতে প্রত্যক্ষ প্রতিদ্বন্দ্বিতা হ’ব৷ ইউ পি পি এল সেই সমষ্টিকেইটাত তৃতীয় বা চতুর্থ স্থানত থাকিব৷ পৰিষদৰ বাকী ১৩টা সমষ্টিত বি পি এফ আৰু ইউ পি পি এলৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব৷

ইপিনে আছুৰ উদ্যোগত গঠিত নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত গঠিত ৰাইজৰ দলক একপ্রকাৰ কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই দুয়োটা দলকে একত্রিত হোৱাৰ আহ্বান জনায়৷ নতুনকৈ আত্মপ্রকাশ কৰা দলসমূহক তেওঁ ইতিপূর্বে একত্রিত হ’বলৈ পৰামর্শ দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে দলবোৰে তেওঁৰ সেই পৰামর্শ গ্রহণ কৰি প্রত্যেকেই এটা সমষ্টিত এজনকৈ প্রার্থী থিয় কৰোৱাৰ বিষয়ে কৈছে৷

অনাগত দিনত তেওঁলোক মহাজোঁটৰ অংশীদাৰ হ’ব লাগে নে নালাগে, সেই সম্পর্কত তেওঁ পাছত পৰামর্শ আগবঢ়াব৷ অহা জানুৱাৰী–ফেব্রুৱাৰী মাহত তেওঁ সেই বিষয়ে ক’ব৷ ইফালে দুলীয়াজানত চলি থকা আছুৰ অধিৱেশনৰ পাছতেই একাংশ আছু নেতাই ৰাজনৈতিক দলত যোগদান কৰাৰ প্রসংগত তেওঁ কয় যে ছাত্র হৈ থকা অৱস্থাত কোনেও ৰাজনীতিলৈ আহিব নালাগে৷ শিক্ষামন্ত্রী হিচাপে তেওঁ সেই পৰামর্শ আগবঢ়াইছে৷ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পাছতহে কোনোবা ৰাজনীতিলৈ আহিলে আহক৷ কিন্তু আধাতে পাঠ্যক্রম সামৰি ৰাজনীতিলৈ আহিব নালাগে৷ কাৰণ পিতৃ–মাতৃয়ে বহু কষ্ট কৰি তেওঁলোকক পঢ়ুৱাই আছে৷ আছুৱে বিভিন্ন সময়ত অমুকক উৎখাত কৰিম, তমুকক উৎখাত কৰিম বুলি দিয়া হুংকাৰক কটাক্ষ কৰি তেওঁ লগতে কয় যে কোনেও মই অমুকক উৎখাত কৰিম বুলি ক’ব নালাগে৷ উৎখাত কৰাৰ মালিক হৈছে অসমৰ তিনি কোটি লোক৷ ৰাইজক আহ্বান জনাব পাৰে, কিন্তু নিজে উৎখাত কৰিম বুলি ক’ব নালাগে৷ অৱশ্যে ছাত্রই ৰাজনীতিৰ ইমান উমান নাপায় বাবেই তেনেদৰে কৈ আহিছে বুলি মন্তব্য কৰে ড০ শর্মাই৷

You might also like