কাইলৈ কলাক্ষেত্ৰত ৰাইজে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ চিৰতৰুণ তৰুণ গগৈ আৰু নাই। আজি আবেলি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জনপ্ৰিয় ৰাজনীতিবিদ তথা অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এতিয়া গগৈৰ নশ্বৰ দেহ চৰকাৰী বাসভৱনলৈ লৈ যোৱা হ’ব।
তাৰপাছত কাইলৈৰ পুৱাৰে পৰা কলাক্ষেত্ৰত ৰখা হ’ব গগৈৰ নশ্বৰ দেহ।
উল্লেখ্য যে কাইলৈ পুৱাৰে পৰা কলাক্ষেত্ৰত সাধাৰণ জনতাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।
ইফালে ৰাষ্ট্ৰীয় মৰ্যাদাৰে কাইলৈ শেষকৃত্য কৰা হ’ব বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী ড০ হিমনত্ব বিশ্ব শৰ্মাই।