তৰুণ গগৈৰ মৃত্যুত ৩ দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ “এগৰাকী পিতৃ সদৃস ব্যক্তিক হেৰুৱালোঁঃ” জিএমচিএইছত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি এই মন্তব্য কৰে।
মুখ্যমন্ত্ৰী সোণোৱালে লগতে ঘোষণা কৰে যে আজিৰ পৰা ৩ দিনলৈ ৰাজ্য চৰকাৰে ৰাজ্যিক শোক পালন কৰিব।
ইফালে ৰাষ্ট্ৰীয় মৰ্যাদাৰে কাইলৈ শেষকৃত্য কৰা হ’ব বুলি জনাইছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।