নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মাৰ্ঘেৰিটা মহকুমাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ খুনচাত আজি দুজন দুৰ্ধৰ্ষ আলফা (স্বাঃ)ৰ কেডাৰ ভাৰতীয় সেনাৰ ৬নং আছাম ৰাইফলছে আটক কৰিবলৈ সক্ষম হয়। আলফা সদস্য দুগৰাকী হৈছে গোলাঘাট জিলাৰ চাৰ্জেণ্ট ইমটিয়াজ অসম ওৰফে মঃ আস্তহৰ হুচেইন(৩২) আৰু তিনিচুকীয়া জিলাৰ নীলাচল অসম ওৰফে বিন্দুদ মৰাণ(২৫)। সেনাই এক গোপন সূত্ৰৰ পম খেদি আলফা স্বাধীনৰ সদস্য দুজনক আটক কৰাৰ সময়ত দুটা পিস্তল, দুটা মেগজিনসহ ভালেসংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি সূত্ৰত প্ৰকাশ। ম্যানমাৰ পৰা প্ৰশিক্ষণ লৈ ওভতাৰ সময়তেই উগ্ৰপন্থী কেডাৰ দুজন সেনাৰ জালত পৰে বুলি জানিব পৰা গৈছে। বৰ্তমানে কেডাৰ দুজনক খুনচা আৰক্ষীৰ জিম্মাত সেনাই প্ৰদান কৰিছে।