ষ্ট্রীট লাইট জ্বলা অসমৰ প্রথমখন গাঁও…
নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ মানুহজনৰ নাম চন্দ্র ফুকন৷ সকলোৱে মানুহজনক শিল্পপ্রাণ চন্দ্র ফুকন বুলিয়েই জানে৷ এইজন ব্যক্তিয়ে ৫০ৰ দশকতে বিজুলী উৎপাদন কৰিছিল৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰেই নহয়, সম্ভৱতঃ সমগ্র ভাৰতৰ ভিতৰতে সর্বপ্রথমে ষ্ট্রীট লাইটৰ পোহৰেৰে চৌপাশ আলোকিত কৰিছিল এখন গাঁৱক৷ পাহাৰ চূডাৰ খৰস্রোতা জুৰিত কংক্রিটৰ বান্ধ সাজি আজিৰ পৰা প্রায় ৬০ বছৰৰ আগতে নামনিত টার্বাইন ঘূৰাই বিজুলী উৎপাদন কৰিছিল নগাঁও জিলাৰ কলিয়াবৰৰ কুঠৰীৰ চন্দ্র ফুকনে৷ নগাঁও জিলাৰ পূব সীমান্তৰ কলিয়াবৰ মহকুমাৰ অন্তর্গত এইখন কুঠৰীতেই একালত কার্বি পাহাৰৰ খৰস্রোতা জুৰিত বান্ধ সাজি বিজুলী উৎপাদনেৰে এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছিল কুঠৰীৰ সিংহপুৰুষ শিল্পপ্রাণ চন্দ্র ফুকনৰ নেতৃত্বত একাংশ লোকে৷ নগাঁও–কার্বি আংলং সীমান্তৰ বাগৰিৰ পৰা কার্বি পাহাৰৰ দিশলৈ উঠি গৈ দেখা পোৱা বর্তমানৰ ভালুকজুৰি নামৰ পর্যটকৰ আকর্ষণৰ অন্যতম কেন্দ্রবিন্দু হৈ পৰা জলপ্রপাতটোৰ লগতে ইয়াৰ ওপৰ অংশৰ পাহাৰ চূডাত ৫০ৰ দশকতে থলুৱা প্রযুক্তি আৰু বিজ্ঞানৰ সংমিশ্রিত কাৰিকৰী বিদ্যাৰে সজা বান্ধটোৰ লগতে পকাৰ খুঁটাৰে পাহাৰৰ পৰা বৃহৎ বৃহৎ লোহাৰ নলী সংযোগ কৰি নামনিলৈ পানী বোৱাই আনি এটা ডাঠ শিলৰ বেৰেৰে নির্মিত ঘৰটোৱে সোঁৱৰাই দিয়ে তাহানিৰ সেই স্বর্ণময় যুগৰ কথা৷ একালত এই পাহাৰখণ্ডত বহুসংখ্যক ভালুক থকাৰ বাবেই ঠাইখণ্ডৰ লগতে জলপ্রপাতৰ নাম হ’ল ভালুকজুৰি৷ এই ভালুকজুৰি পাহাৰৰ নামনিত শিলৰ ডাঠ বেৰেৰে সজা ঘৰটোৰ ভিতৰত টার্বাইন ঘূৰাই উৎপাদন কৰা হৈছিল বিজুলী৷ সেই বিজুলীৰে চলিছিল কিছু সৰু–বৰ উদ্যোগ, পথত জ্বলিছিল ‘ষ্ট্রীট লাইট’৷
শিল্পপ্রাণ চন্দ্র ফুকনৰ হাতৰ পৰশত প্রাণ পোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ হেঁপাহৰ ঠাই এই কুঠৰী৷ যি ঠাইৰ পৰা সুধাকণ্ঠই বিশ্ববাসীক উপহাৰ দি গৈছে বহুকেইটা চিৰযুগমীয়া গীত৷ এই কুঠৰীৰ সেউজ প্রকৃতিৰ লগত একাত্ম হৈ চন্দ্র ফুকনে অকল সাংস্কৃতিক শিল্পই সৃষ্টি কৰা নাছিল, সৃষ্টি কৰিছিল আন এক শিল্পৰ৷ এই সৃষ্টি আছিল উদ্যোগৰ জৰিয়তে অর্থনৈতিক বিপ্লৱ গঢ়ি তোলা৷ কুঠৰীৰ সমীপৱর্তী বাগৰি নামৰ সৰু ঠাইখনৰ গাতে লাগি আছে পর্যটনৰো বহু সম্ভাৱনীয়তা থকা ভালুকজুৰি নামৰ এখন মনোমোহা ঠাই৷ কার্বি পাহাৰৰ সুউচ্চ পাহাৰ চূডাৰ পৰা থিয়কৈ নামি আহিছে এটা খৰস্রোতা জলপ্রপাত, মালভূমিত এখন সেউজ চাহ বাগিচা আৰু পানীৰ সুঁতিটোৱে সমতলত একা–বেঁকাকৈ গতি কৰিছে৷ সমতলৰ জুৰিটোৰ দক্ষিণত থকা টিলাটোৰ ওপৰত আছে পকী ১X১২ ফুট জোখৰ এটা পৰিত্যক্ত পকীঘৰ৷ সাধাৰণ সৃষ্টিত আজি সেই পৰিত্যক্ত ঘৰটোতেই একালত শিল্পপ্রাণ চন্দ্র ফুকনে ৰচনা কৰিছিল এক ঔদ্যোগিক বিপ্লৱৰ৷ উল্লেখ্য যে এই ভালুকজুৰি পাহাৰ ভৌগোলিকভাৱে কার্বি আংলং জিলাত পৰে, কিন্তু সুচল পথ আছে কলিয়াবৰৰ বাগৰিৰ পৰাহে৷ ১৯৬০ চন মানত ভালুকজুৰিৰ সেই খৰস্রোতা জুৰিটোৰ পৰা ধাতুৰ নলীৰে কোবাল পানীৰ সোঁত এই পৰিত্যক্ত ঘৰটোৰ মজিয়াৰ তলত স্থাপন কৰা দুটা কোঠালিত সংগ্রহ তথা জমা কৰি পানীৰ সেই দুই ধাৰাৰ লগত মজিয়াৰ সোঁমাজত স্থাপন কৰা হৈছিল দুটাকৈ টার্বাইন৷ পানীৰ কোবাল সোঁতত টার্বাইন ঘূৰাই জল শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিছিল৷ ১৯৬৩–৬৪ ত সেই বিদ্যুৎ শক্তিৰে কুঠৰী অঞ্চলত ষ্ট্রীট লাইট জ্বলিছিল৷ বর্তমানৰ কুঠৰী তিনিআলিত শালকাঠৰ খুঁটাত লাগি থকা টিউব লাইটৰ খোলাকেইটা এতিয়াও ইয়াৰ এক জীৱন্ত সাক্ষী হৈ আছে৷
বর্তমানৰ কুঠৰীৰ সমীপৰ ন–বস্তি অঞ্চলৰ বিশাল অংশত গঢ়ি তুলিছিল আনাৰসৰ বাগান, গঢ়ি তুলিছিল এক উদ্যোগ৷ তাত তেওঁ প্রস্তুত কৰা জাম–জেলি তেতিয়াই কলকাতালৈ ৰপ্তানি কৰা হৈছিল৷ অকল কলকাতাই নহয় ফ্রান্স, ৰাছিয়া, ব্রিটেইন আদি দেশলৈও ৰপ্তানি হৈছিল৷ ইয়াৰ উপৰি তেওঁ মৎস্য উৎপাদন, হঁাহ–কুকুৰা উৎপাদনতো হাত দিছিল৷ যাৰ দ্বাৰা উপকৃত হৈছিল বহুসংখ্যক স্থানীয় লোক৷ এইগৰাকী চন্দ্র ফুকনৰ ঘৰত তেতিয়াই ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদকে প্রমুখ্য কৰি হেম বৰুৱা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈকে সকলোৱে পদার্পণ কৰিছিল৷ তেতিয়াৰ ঐতিহাসিক সম্পদবোৰ ঘৰখনত এতিয়াও সিঁচৰতি হৈ আছে৷
এতিয়া অৱশ্যে অসম চৰকাৰৰ পর্যটন বিভাগে চন্দ্র ফুকনৰ কুঠৰী তিনিআলিৰ গাতে লাগি থকা গৃহ চৌহদটোত কেইটামান পর্যটকৰ বাবে আৱাস নির্মাণ কৰি আছে আৰু প্রায় সম্পূর্ণ হোৱাৰ পথত৷ পিয়লি ফুকন নাটকৰ স্রষ্টা আৰু নাম ভূমিকাত অভিনয়েৰে পিয়লি ফুকনক অসমীয়াৰ মনত চিৰ শাশ্বত ৰূপত প্রতিষ্ঠা কৰোৱা এইগৰাকী ব্যক্তিয়ে ১৯৪৯ত ‘পাৰঘাট’ ছবিৰ নায়কৰ ভূমিকাতো অভিনয় কৰিছিল৷ ১৯৫১ চনত ‘বিপ্লৱী’ৰ নায়কৰ ভূমিকাত অভিনয় কৰাৰ লগতে তেতিয়াই কলকাতাত কথাছবিৰ শ্বুটিং চাই তবধ মানিছিল সত্যজিৎ ৰায়ৰ দৰে পৰিচালকেও৷ তেওঁৰ একমাত্র কাব্যগ্রন্থ ‘চন্দ্রমল্লিকা’৷ ১৯৬৩–৬৪ ত ভালুকজুৰি জলপ্রপাতত বান্ধ নির্মাণ কৰি ক্ষুদ্র জলবিদ্যুৎ প্রকল্প স্থাপন কৰি তেওঁ খাদ্য সংৰক্ষণ কাৰখানা ‘দ্য গ্রীন ভিউ প্রজেক্ট’ ত বিজুলী সংযোগৰ লগতে কুঠৰীৰ পদপথ বন্তিৰে পোহৰাই তুলিছিল৷ কলকাতা বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ অনার্ছ গ্রেজুৱেট ফুকনে চৰকাৰী চাকৰি নকৰি ১৯৩৬ ত সাধাৰণ মৌজা এটাৰ মৌজাদাৰ ৰূপে কার্যনির্বাহ কৰে৷ য’ত তেওঁ দুখীয়া খেতিয়কৰ পৰা খাজনা উঠোৱাৰ পৰিৱর্তে সহায় কৰিব লগা হৈছিল আৰু ব্রিটিছ চৰকাৰৰ পৰা ধমক খাব লগাও হৈছিল৷ দুখীয়া লোকেৰে পৰিপূর্ণ অঞ্চলটোত ভালেসংখ্যক বিদ্যালয় স্থাপন কৰিছিল এইগৰাকী মহান ব্যক্তিয়ে৷ এইখন কুঠৰী এতিয়া দেশী–বিদেশী পর্যটকৰ কেন্দ্রবিন্দু৷