নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়–নাগালেণ্ডৰে সীমা বিবাদ শীঘ্রে নিষ্পত্তিৰ আশ্বাস মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত অসম, মেঘালয় আৰু নাগালেণ্ডৰ দীর্ঘদিনীয়া সীমা বিবাদ সন্দর্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালৰ উপৰি সাংসদ কুইন ওজা, আইন আৰু প্রেছ উপদেষ্টাদ্বয় শান্তনু ভৰালী আৰু হূষীকেশ গোস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱা, আইন আৰু শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান মুকেশ আগৰৱালা উপস্থিত থাকে৷ বৈঠকখনত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত সাংসদ হৰেনছিং বে’ আৰু প্রাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপিসহ দহটা সংগঠনে অংশগ্রহণ কৰে৷ সংগঠনকেইটাই শীঘ্রে মেঘালয় আৰু নাগালেণ্ড চৰকাৰৰ সৈতে সীমা বিবাদ সন্দর্ভত অসম চৰকাৰে আলোচনা অনুষ্ঠিত কৰা, নাগালেণ্ডৰ বেদখলকাৰীয়ে উচ্ছেদ কৰা সীমান্তৰ খুঁটা পুনৰ নির্মাণ কৰা, কার্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ পৰা আই আৰ বি এনৰ শিবিৰ উঠাই দিয়াৰ লগতে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা স্থায়ী–স্থায়ী ঘৰ আৰু বৈদ্যুতিক খুঁটা উঠাই দিয়া, নাগালেণ্ড চৰকাৰে লাহৰীজান আউট পোষ্টৰ অধীনৰ মাটিত প্রদান কৰা মাটিৰ পট্টা ৰদ কৰা আৰু দলদলি সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত লাহৰীজানত ব’টানিকেল গার্ডেন আৰু চেণ্ড্রেল নার্ছাৰী স্থাপনৰ দাবীৰে মুখ্যমন্ত্রীক এখন স্মাৰক–পত্র প্রদান কৰে৷ সংগঠনকেইটাৰে হোৱা এক দীঘলীয়া আলোচনাৰ অন্তত মুখ্যমন্ত্রীয়ে আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাজেৰে সীমা বিবাদ শীঘ্রে সমাধান কৰাৰ লগতে বেদখলকাৰীৰ পৰা সুৰক্ষা প্রদানৰ নিমিত্তে ব’টানিকেল গার্ডেন স্থাপনৰ কাৰণে বিশেষ পুঁজি আবণ্টন কৰাৰ আশ্বাস দিয়ে৷

You might also like