নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজিৎ দৈমাৰীয়ে শিক্ষকৰ চাকৰি দিয়াৰ নামত ৪.৩৭ কোটি টকা আত্মসাৎ কৰিছে

গোৰেশ্বৰত বিপিএফৰ সভাত হাগ্রামা মহিলাৰী

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ বিশ্বজিৎ দৈমাৰী এবছুৰ পৰা খেদা খোৱা নেতা আৰু হিমন্ত বিশ্ব শর্মা আছুৰ পৰা খেদা খোৱা নেতা, সংগঠনৰ পৰা খেদা খোৱা নেতা এতিয়া লগ লাগি বিটিচিত অশান্তি সৃষ্টি কৰাৰ স্বার্থত বিটিচি তথা বিপিএফ দলৰ বিৰুদ্ধে অপপ্রচাৰত নামিছে৷ বিশ্বজিৎ দৈমাৰীয়ে ১৯৯৯ চনত শিক্ষকক চাকৰি দিয়াৰ নামত ৪.৩৭ কোটি টকা আত্মসাৎ কৰিছিল৷ –এই বিস্ফোৰক অভিযোগ বিপিএফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ৷ আজি বাক্সা জিলাৰ ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্রার্থী মহেশ্বৰ বসুমতাৰীৰ সমর্থনত সমষ্টিটোৰ খন্দিকৰ হাইস্কুল খেলপথাৰত আয়োজিত এক বিশাল নির্বাচনী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এনেদৰে কয় মহিলাৰীয়ে৷ লগতে তেওঁ বিজেপি দলৰ প্রসংগ উত্থাপন কৰি বিটিচিত সম্প্রতি পদুম ফুল মৰহি আছে আৰু নির্বাচনৰ সময়লৈকে মৰহি থাকিব বুলি কৈ হিমন্তই বিটিচিৰ বাহিৰৰ মানুহ আনি মিটিং পাতি আছে, কিন্তু বিটিচিত হিমন্ত যিমানে প্রৱেশ কৰিব সিমানেই বিপিএফৰ লাভ হ’ব বুলি উল্লেখ কৰে৷ ইউপিপিএল বা হিমন্তই পৰিৱর্তনৰ কথা কয়, কিন্তু এই পৰিৱর্তন মাত্র অশান্তিৰ পৰিৱর্তনহে৷ আনহাতে, বিটিআৰ চুক্তিৰ প্রসংগ উত্থাপন কৰি মহিলাৰীয়ে চুক্তিৰ ভিতৰত কি আছিল তাক লুকুৱাই ৰাখি একাংশ এনডিএফবি নেতা আৰু তেওঁক স্বাক্ষৰ কৰিবলৈ দিয়া হৈছিল বুলি কৈ বিটিচিত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ ভূমিক অবৈধ হিচাপে প্রতিপন্ন কৰাই বিটিআৰ চুক্তিৰ লক্ষ্য বুলি অভিযোগ কৰে৷ ড০ হিমন্ত বিশ্বৰ প্রসংগৰে তেওঁ পুনৰ কয় যে মন্ত্রীগৰাকীয়ে বিটিচিত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আৰু অনাগত দিনত অশান্তিৰ সৃষ্টি হ’লে তাৰ বাবে একমাত্র হিমন্ত বিশ্ব শর্মাই দায়ী হ’ব বুলি কৈ বিপিএফৰ নেতৃত্বতে পুনৰবাৰ বিটিচিত চৰকাৰ হ’ববুলি মন্তব্য কৰি হিমন্তই বিটিচিত মাথা মাৰি লাভ নাই, তেওঁ নোৱাৰিব বুলি কয়৷ ইপিনে, বিপিএফৰ চৰকাৰ গঠন হ’লে বিটিচিত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ দীর্ঘদিনীয়া সমস্যা মাটিৰ পট্টা প্রদানৰ লগতে চাকৰিৰ ক্ষেত্রত জিলা তথা মহকুমা হিচাপে নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে৷ গোৰেশ্বৰব্লক সমিতি বিপিএফৰ সাধাৰণ সম্পাদক আহমেদ হুছেইনে আঁত ধৰা সভাত আদৰণী ভাষণ দি প্রার্থী মহেশ্বৰ বসুমতাৰীয়ে বিপিএফৰ বিগত শাসনকালছোৱাত বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত মিলা–প্রীতি আৰু সম উন্নয়ন হৈছে যদিও একাংশব্যক্তি তথা ৰাজনৈতিক দলে পৰিৱর্তনৰ নামত বিটিচিত ভাতৃঘাতী সংঘর্ষ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে৷আনহাতে, কৌতুক অভিনেতা বিপুল ৰাভায়ো ভাষণত অন্য দলৰ কাম নাই বিপিএফ দলেহে পুনৰ বিজয় সাব্যস্ত কৰিব বুলি কয়৷ সভাৰ মাজতে জনপ্রিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ লগতে কোকৰাঝাৰৰ পৰা আমন্তিত শিল্পীৰ দল, অভিনেত্রী ছমাইনা নার্জাৰীৰ নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰে৷ সভাত প্রাক্তন অবডো নেতা ৰফিক আহমেদ, কেন্দ্রীয় যুৱ বিপিএফৰ সাধাৰণ সম্পাদক শৰৎ দাস, জমিয়ত–ই–হিন্দ–উল ৰাজ্যিক সাধাৰণ সম্পাদক কলিমুদ্দিন আহমেদ আদিকে ধৰি বহুকেইগৰাকী নেতা–কর্মী উপস্থিত থাকে

You might also like