সংসদৰ ৩১টা কনিষ্ঠ সহায়কৰ লিখিত পৰীক্ষাত হোৱা নাই বিসংগতি
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষৰ দাবী
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩১টা কনিষ্ঠ সহায়কৰ নিযুক্তি প্রক্রিয়াত ভয়ংকৰ কেলেংকাৰি হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে৷ আজি গুৱাহাটীত শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অধ্যক্ষ ড০ বৰগোহাঁয়ে কয়– ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কনিষ্ঠ সহায়কৰ পৰীক্ষা জামাৰ ৰাখি অনুষ্ঠিত কৰা হৈছিল৷ গতিকে উক্ত পৰীক্ষাত কোনো জালিয়াতি হোৱা নাছিল৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ নতুন পুৰুষৰ বাবে জীৱন ৰেখা৷ ১৯৮৪ চনত প্রতিষ্ঠা হোৱা সংসদক বর্তমান বদনামী কৰিবলৈ এটা চক্রই অহৰহ ষড়যন্ত্র কৰি আছে৷ বহু বেয়া অৱস্থাত মই শিক্ষা সংসদৰ অধ্যক্ষৰ দায়িত্ব লৈছিলোঁ৷ সংসদক নিকা কৰিবলৈ অহৰহ চেষ্টা কৰি আছোঁ যদিও ক’ৰবাত আমি বিফল হৈছোঁ৷ অৱশ্যে বহু চেষ্টাৰ অন্তত সংসদক নিকা কৰিবলৈ কিছু পৰিমাণে সফলো হৈছোঁ৷ পূর্বতে প্রশ্ণকাকত ফাদিল আৰু প্রায়ে প্রশ্ণকাকতৰ বিসংগতি হৈছিল৷ কিন্তু আমি দায়িত্ব লোৱাৰ পাছত যোৱা তিনি বছৰত সংসদত এনেধৰণৰ কোনো ঘটনা ঘটা নাই৷’
উল্লেখ্য যে অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ ৩১টা কনিষ্ঠ সহায়ক পদৰ লিখিত পৰীক্ষাত অ’ এম আৰ শ্বীটৰ বিসংগতি হোৱাৰ তথ্য পোহৰলৈ অহাত শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই সমগ্র প্রক্রিয়াটোক বাতিল কৰি নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছে৷ ২০১৮ চনৰ ১৬ ছেপ্ঢেম্বৰত অনুষ্ঠিত লিখিত পৰীক্ষাত অ’ এম আৰ শ্বীটত জালিয়াতি হোৱা বুলি অভিযোগ উঠিছিল৷ মহানগৰীৰ পাণ্ডু কলেজত অনুষ্ঠিত কনিষ্ঠ সহায়কৰ পৰীক্ষাত অ’ এম আৰ শ্বীটত নিৰীক্ষকৰ চহী ৰৈ যোৱা বুলি পৰীক্ষাৰ দহ মাহ পাছত সংসদৰ তৰফৰ পৰা অ’ এম আৰ শ্বীট পাণ্ডু কলেজলৈ পঠিয়াই দি তাত চহী কৰিবলৈ কোৱা হৈছিল৷ সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে স্বাক্ষৰ কৰিবলৈ কলেজ কর্তৃপক্ষক বাৰম্বাৰ ফোন কৰিছিল৷ কিন্তু নিৰীক্ষকৰ স্বাক্ষৰবিহীন অ’ এম আৰ শ্বীট জমা দিলেও যিহেতু গ্রহণ কৰা নহয়, সেয়ে সংসদৰ তৰফৰ পৰা পঠিয়াই দিয়া অ’ এম আৰ শ্বীটত নিৰীক্ষকৰ দায়িত্বত থকা কলেজখনৰ সংশ্লিষ্ট কর্তৃপক্ষই স্বাক্ষৰ কৰিবলৈ অমান্তি হৈছিল৷ আনহাতে, সংসদৰ তৰফৰ পৰা পৃথক অ’ এম আৰ শ্বীট পঠিয়াই দিয়া হৈছিল আৰু পূর্বৰ অ’ এম আৰ শ্বীটখনৰ সৈতে ক্রমিক নম্বৰৰ মিল নাই বুলি কলেজ কর্তৃপক্ষই অভিযোগ দিছিল৷ এনে অভিযোগৰ ভিত্তিত শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই ছেবাৰ অধ্যক্ষ আৰ চি জৈনক তদন্ত কৰিবলৈ দায়িত্ব দিয়ে৷ তদন্তৰ অন্তত অধ্যক্ষ জৈনে শিক্ষা বিভাগক প্রতিবেদন দাখিল কৰি শিক্ষা সংসদৰ কনিষ্ঠ সহায়কৰ নিযুক্তিত জালিয়াতি হোৱা বুলি স্পষ্টকৈ উল্লেখ কৰে৷
ইয়াৰ পাছতে আয়ুক্ত সচিব প্রীতম শইকীয়াই সমগ্র নিযুক্তি প্রক্রিয়া বাতিল কৰি নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু চৰকাৰৰ এই নির্দেশক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে অধ্যক্ষ ড০ বৰগোহাঁয়ে৷ তেওঁ কয়– ‘ছেবাৰ অধ্যক্ষ আৰ চি জৈন শিক্ষা সংসদৰ সদস্য৷ গতিকে এজন সদস্যই কেনেকৈ এই তদন্ত কৰিব পাৰে? নিযুক্তি বাতিলৰ সিদ্ধান্ত একপক্ষীয় হৈছে৷ ইয়াৰ পূর্বে চৰকাৰে আমাৰো মতামত ল’ব লাগিছিল৷’ পাণ্ডু কলেজৰ পৰীক্ষা কেন্দ্রত অনুষ্ঠিত কনিষ্ঠ সহায়কৰ এখন অ’ এম আৰ শ্বীটত চহী কৰা হোৱা নাছিল বুলি দাবী কৰি ড০ বৰগোহাঁয়ে পুনৰ কয়– ‘অ’ এম আৰ শ্বীটত চহী কৰিবলৈ পাণ্ডু কলেজ কর্তৃপক্ষক ফোন কৰাটো সঁচা৷ অৱশ্যে চহী কৰাৰ বাবে অফিচিয়েলী লিখিতভাৱে জনোৱা হোৱা নাছিল৷ ফোন কৰাটো মোৰ ভুল হৈছিল৷’ ইফালে সংসদৰ পূর্বৰ সচিবজনে কোনো কাম–কাজত সহযোগ কৰা নাছিল বুলি উল্লেখ কৰি ড০ বৰগোহাঁয়ে কয়– অৱশেষত চৰকাৰে বিষয়টো বুজি সেই সচিবজনৰ ঠাইত আন এজনক সচিব হিচাপে নিযুক্তি দিয়ে৷ উল্লেখ্য যে এমটেকে পতা উক্ত পৰীক্ষাত জালিয়াতি সন্দর্ভত পাণ্ডু কলেজ কর্তৃপক্ষকে জগৰীয়া কৰে অধ্যক্ষ বৰগোহাঁয়ে৷ লগতে পৰৱর্তী পৰীক্ষা সন্দর্ভত ন্যায়ালয়ে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰে বৰগোহাঁয়ে৷ চৰকাৰে দিয়া নির্দেশ মতে, পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় বুলিও কয় অধ্যক্ষজনে৷ আনহাতে, সংসদত বেমেজালি চলি থকা বুলি উল্লেখ কৰি ড০ বৰগোহাঁয়ে কয়– ‘ছেবাৰ প’র্টেলৰ পৰা প্রথম বেমেজালি আৰম্ভ হয়৷ এটা গোটে সংসদে দিব লগা স্কুটী আৰু পাব লগা ছাত্রীৰ তালিকা ছেবাৰ প’র্টেলত ৰাজহুৱা কৰিব বিচাৰিছিল৷ এনেধৰণৰ কাম–কাজত মই হতাশ হৈছোঁ৷ মোক খেদিবলৈ এইবোৰ ষড়যন্ত্র কৰা হৈছে৷ সেয়ে মই সংসদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি বিচাৰি চৰকাৰক অনুৰোধ জনাম৷’