আজমল সঁচাকৈয়ে ঔৰংগজেৱ নেকি?
ইক্রামূল হুছেইন
মই কোনো ৰাজনৈতিক দলৰ সমর্থক নহওঁ, কিন্তু নির্বাচন অহাৰ লগে লগে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ বিপক্ষে বিভিন্ন ধৰণৰ মন্তব্য শুনি শুনি কাণ ঘোলা হোৱাৰ উপক্রম হৈছে৷ শাসকীয় দলৰ মুখ্য আক্রমণৰ বিন্দু হৈ পৰা আজমলক কোনোবা পাকত ঔৰংগজেৱ হিচাপে সজাইছে যদি আন কোনোবা পাকত আকৌ অসম আক্রমণকাৰী ‘মোগল’ আখ্যা দিছে, কোনোবা পাকত তেওঁক আকৌ অসমত থকা বাংলাদেশীৰ ত্রাণকর্তা বুলি কোৱাৰ উপৰি তেওঁৰ সৃষ্ট সভ্যতাৰে অসমীয়া হিন্দু লোকৰ ৰাজনৈতিক অধিকাৰ কাঢ়িব বিচৰা বুলি কৈছে, সেয়ে এইবাৰৰ নির্বাচন হেনো দুটা সভ্যতাৰ যুঁজ৷ এনেধৰণৰ ৰাজনৈতিক আক্রমণৰ দ্বাৰা দেশৰ সংবিধানৰ ‘ধর্মনিৰপেক্ষ’ চৰিত্রক ধূলিসাৎ কৰি এইবুলিও ক’বলৈ কুণ্ঠাবোধ কৰা নাই যে ১০ বছৰৰ পিছত দিছপুৰৰ মুখ্যমন্ত্রীৰ চকীত আজমলৰ দৰে কোনোবা এজন যাতে বহিব নোৱাৰে, তাৰ বাবে অসমৰ ৬৫ শতাংশ লোক এক হ’ব লাগিব৷ এনেধৰণৰ আক্রমণাত্মক মন্তব্যৰ দ্বাৰা আজমলক ব্যক্তিগতভাৱে অপমানিত কৰাৰ লগতে ‘সাংসদ’ চকীখনকো অপমান কৰা হৈছে৷ দেশৰ ‘সাংসদ’ হ’ব পৰা ব্যক্তি এজন অসমৰ মুখ্যমন্ত্রীৰ চকীত বহাৰ সঁচাকৈয়ে অনুপযুক্তনে? ঔৰংগজেৱ আখ্যাৰে আজমলৰ মোগলসকলক অসমৰ ৰাজনীতিৰ পৰা খেদি পঠিওৱাৰ এক হুংকাৰ দিয়া হৈছে৷ আচলতে এই আক্রমণ অসমত বাস কৰা ৩৫ শতাংশ ইছলামধর্মী লোকৰ বিপক্ষে, নহ’লে ১০ বছৰৰ পিছত দিছপুৰৰ মুখ্যমন্ত্রীৰ চকীত আজমলৰ দৰে কোনোবা এজন বহাত বাধা দিবলৈ অসমৰ সকলো অমুছলিম লোকক আহ্বান নজনালেহেঁতেন৷ আজমল সঁচাকৈয়ে ঔৰংগজেৱ হয় নে নহয়, সেই বিষয়ে চোৱাৰ বা মতামত দিয়াৰ আগতে তেওঁ সম্বন্ধে অসমৰ এজন জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱী, লেখক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি হোমেন বৰগোহাঞিদেৱে কি কৈছে, সেয়া জানি লওঁ আহক৷ যোৱা ২৮ আগষ্টত ‘নিয়মীয়া বার্তা’ কাকতৰ ‘প্রথম কলম’ শিতানত ‘বদৰুদ্দিন আজমল’ শিৰোনামৰ লেখাটোত বৰগোহাঞিদেৱে কৈছে– ‘তেওঁ ফখৰুদ্দিন আলী আহমেদতকৈ বহুত বেছি শুদ্ধ আৰু শুৱলা অসমীয়া কয়৷ ধর্মনিৰপেক্ষতাৰ নামাৱলী পিন্ধা বহুতো কংগ্রেছী মুছলমান নেতাতকৈ বেছি ধর্মনিৰপেক্ষ, ৰাজহুৱাভাৱে আৰু উদাত্ত কণ্ঠেৰে অসমীয়া ভাষাৰ প্রতি নিঃচর্ত আনুগত্য প্রকাশ কৰিছে আৰু অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ অংগীকাৰ কৰিছে, হিন্দু অসমীয়াসকলে ভুল নকৰিলে ফখৰুদ্দিন আলী আহমেদৰ পিছতেই আজমল হৈ উঠিব পাৰে এজন নতুন উদাৰ নৈতিক মুছলমান নেতা, যিজনে মুছলমান সমাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ উপৰি অসমবাসীক একতাৰ ডোলেৰে বন্ধাৰ কামত কিছু সহায় কৰিব পাৰে৷’ বৰগোহাঞিদেৱে বিচাৰ কৰি পোৱা উক্ত মতৰ বিপক্ষে আজিলৈকে কোনো লেখা বা যুক্তি বাতৰিকাকতত প্রকাশ পোৱা দেখা নাই৷ তেখেতৰ বিচাৰত প্রকাশ পোৱা এজন উদাৰ নৈতিক মুছলমান নেতা, যিজনে একতাৰ ডোলেৰে অসমবাসীক বন্ধাৰ কামত কিছু সহায় কৰিব পাৰে, তেনে এজন লোক অসম আক্রমণকাৰী ঔৰংগজেৱ হ’ব পাৰেনে?
ভাৰতীয় ৰাজনীতি ধর্মীয় মেৰুকৰণৰ দিশে গতি কৰাৰে পৰা নির্বাচনৰ সময়ত ‘বদৰুদ্দিন আজমল’ বিভিন্ন ৰাজনৈতিক নেতাৰ আক্রমণৰ লক্ষ্য হৈ পৰে৷ তেওঁক লৈ ধর্মীয় আৱেগ–নুভূতি তথা ৰাজনৈতিক ভাৱাবেগক আঘাত হনাকে ধৰি বিভিন্ন মন্তব্য কৰিবলৈ শাসকীয় দলে অলপো কুণ্ঠাবোধ নকৰে৷ কেতিয়াবা এনে মন্তব্যই আজমলৰ ব্যক্তিগত জীৱনৰ সীমাৰেখা পাৰ হৈ সংখ্যালঘু ধর্মীয় জনগোষ্ঠীকো আঘাত কৰা দেখা যায়৷ তেওঁৰ বিপক্ষে কৰা বিভিন্ন মন্তব্যৰে অসমীয়া মানুহৰ মনত এনে এক সাম্প্রদায়িক ভাব সৃষ্টি কৰিব বিচাৰিছে যে আজমল তথা অসমৰ মুছলমানসকল যেন এক অস্পৃশ্য জাতি, তেওঁলোকৰ কাৰো দিছপুৰত বহাৰ কোনো অধিকাৰ নাই, অসমীয়াৰ বৰঘৰত সোমালে বৰঘৰ অশুচি হ’ব, সেয়ে তেওঁলোকক বাধা দিয়া প্রয়োজন৷ এজন অসমবাসী তথা সাংসদ হিচাপে বদৰুদ্দিন আজমল বা আন যিকোনো মুছলমান নাগৰিক মুখ্যমন্ত্রী হোৱাৰ যোগ্য৷ তেনেক্ষেত্রত আজমলক লৈ অসমৰ ৩৫ শতাংশ মুছলমানৰ বিপক্ষে কৰা মন্তব্যবোৰে সমগ্র ধর্মীয় সংখ্যালঘু লোকৰ মনতো আঘাত হানিছে৷ আজমল মুখ্যমন্ত্রী হৈ অসমীয়াৰ বৰঘৰ অশুচি কৰিব বুলি অসমীয়া লোকক ধর্মীয়ভাৱে আৱেগিক কৰাৰ বিপৰীতে বদৰুদ্দিন আজমল কোনোদিন অসমৰ মুখ্যমন্ত্রী নহয় বুলি এ আই ইউ ডি এফ দলে নিজেই প্রস্তাৱ লৈছে৷ উক্ত প্রস্তাৱে এ আই ইউ ডি এফৰ প্রতিষ্ঠাপক সভাপতিগৰাকীৰ ধৈর্য আৰু অসমীয়া হিন্দু–মুছলমানৰ মাজত ঐক্য–সমন্বয় ৰক্ষাৰ প্রচেষ্টা বুলি ক’ব লাগিব৷ তেওঁ কিন্তু কোনো ধৰণৰ অশালীন মন্তব্য কৰাও দেখা নাযায়৷
আজমলক বাহিৰৰ পৰা যিমানে সাম্প্রদায়িক নেতা, অসমত থকা বাংলাদেশীৰ মিত্র, অভিভাষী মুছলমানৰহে উন্নতি বিচাৰে আদি অপবাদ নিদিয়ক, তেওঁৰ কাম–কাজে কিন্তু এখন বেলেগ ছবিহে দাঙি ধৰে৷ ২০০৫ চনত গঠন কৰা ‘আজমল ফাউণ্ডেচন’ৰ জৰিয়তে জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলো নাগৰিককেModern education, Skill Development and Employment Generation, Women Empowerment, Poverty alleviation, Relief and Rehabilitation, Environment awareness and Health aid Programme আদি বিষয়ত সহায়ৰ হাত আগবঢ়াই আহিছে৷ উক্ত ফাউণ্ডেচনৰ দ্বাৰা সাহায্যপ্রাপ্ত গোৱালপাৰাত অৱস্থিত ‘দাৰুল য়াতামা’ নামৰ অনাথ আশ্রমখন স্বচক্ষে দেখাৰ সৌভাগ্য হৈছিল৷ পিতৃ–মাতৃ হেৰুওৱা সন্তানসকলৰ আশ্রয়স্থলৰ লগতে আৱাসিক শিক্ষানুষ্ঠান৷ বিটিএডি এলেকাত হোৱা সাম্প্রদায়িক সংঘর্ষত পিতৃ–মাতৃ হেৰুৱাই যিসকল নাবালক সন্তান ৰক্ষা পৰিছিল, তেওঁলোকক বিনামূলীয়াকৈ আশ্রয়, শিক্ষা আৰু জীয়াই থকাৰ সুবিধা প্রদানেৰে ‘দাৰুল য়াতামা’ৰ যাত্রা আৰম্ভ হয়৷ ল’ৰা আৰু ছোৱালীৰ বাবে পৃথকে সজা ঘৰত পিতৃ–মাতৃহীন সন্তানসকলে বাস কৰে, খোৱা–বোৱা কৰে আৰু কাষতে থকা শিক্ষানুষ্ঠানত শিক্ষাগ্রহণ কৰে৷ তাতে ডাঙৰ–দীঘল হৈ বিবাহোপযুক্ত হোৱা ছোৱালীৰ বিয়া–বাৰুও ‘দাৰুল য়াতামা’ৰ পৰাই দিয়া হয় আৰু প্রতিগৰাকীৰ বিয়াত পঁচিশ হাজাৰ টকাৰ প্রয়োজনীয় বস্তু–বাহানি দিয়াৰ বিষয়ে ‘দাৰুল য়াতামা’ৰ এজন বিষয়ববীয়াই প্রকাশ কৰে৷ অসম চৰকাৰে দুখীয়া ছোৱালীৰ বিয়াৰ বাবে এক তোলা সোণ উপহাৰ দিয়া আঁচনি এখন অলপতে প্রৱর্তন কৰে, কিন্তু আজমলে ‘দাৰুল য়াতামা’ত থকা দুখীয়া পিতৃ–মাতৃহীন ছোৱালীক আজি বহুদিনৰ আগৰ পৰাই বিয়া দি আহিছে৷ গোৱালপাৰাৰ উপৰি মণিপুৰ, হাতীপোটা আৰু উদালিত ল’ৰাৰ বাবে তিনিখন আৰু কচুৱাত ছোৱালীৰ বাবে এখন ‘দাৰুল য়াতামা’ (অনাথ আশ্রম) আছে৷ হোজাইত অৱস্থিত ‘হাম’ হাস্পতালত নিঃসহায়, দুখীয়া লোকক নিৰৱচ্ছিন্নভাৱে চিকিৎসা সাহায্য দি অহাটো আজমলৰ আন এক জনহিতকৰ কামৰ উদাহৰণ৷ আনহাতে, শিক্ষা প্রসাৰৰ বাবে অসমৰ বিভিন্ন ঠাইত ২৭খন শিক্ষানুষ্ঠানেৰে প্রতিষ্ঠিত ‘আজমল গ্রুপ অৱ ইনষ্টিটিউচন’ৰ জৰিয়তে দুখীয়া লোকক শিক্ষাৰ পোহৰ বিলাই আহিছে৷ ২০১৬ চনত আৰম্ভ কৰা ‘ছুপাৰ ফ’টী’ আঁচনিৰ জৰিয়তে জাতি– ধর্ম–বর্ণ নির্বিশেষে দুখীয়া মেধাৱী ছাত্র–ছাত্রীক প্রতিযোগিতামূলক মেডিকেল, ইঞ্জিনীয়াৰিং পৰীক্ষাত উত্তীর্ণৰ দ্বাৰা উক্ত বিষয়ত উচ্চ শিক্ষা লাভৰ ব্যৱস্থা কৰিছে৷ উক্ত জনহিতকৰ কামসমূহ কোনো এক বিশেষ ধর্মীয় লোকৰ বাবে নহয়, জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোৰে বাবে৷ তথাপি কিন্তু তেওঁক ৰাজহুৱাকৈয়ে অসম আক্রমণকাৰী ‘মোগল’ আখ্যা দিয়া হৈছে৷ আজমল ফাউণ্ডেচনৰ জৰিয়তে অসমৰ সকলো লোকৰ বাবে কাম কৰাৰ পিছতো যেতিয়া ‘ঔৰংগজেৱ’ আখ্যা পাব লগা হৈছে, সেয়ে আজমললৈ অনুৰোধ– ‘ছুপাৰ ফ’টী’ আঁচনিৰ দৰে স্নাতক ডিগ্রীধাৰী মেধাৱী মুছলমান ছাত্র–ছাত্রীৰ বাবে আন এক আঁচনি গ্রহণ কৰক, তেওঁলোকক প্রয়োজনীয় ক’চিঙৰ দ্বাৰা কেন্দ্রীয় লোকসেৱা পৰীক্ষাত বহিবলৈ উপযুক্ত হিচাপে গঢ়ি তোলক, যাতে তেওঁলোকে আই এ এছ, আই পি এছ আদি পৰীক্ষাত কৃতকার্য হ’ব পাৰে৷ দেশৰ আমোলাসকলৰ শীর্ষ চকীখনত বহিব পৰা শিক্ষিত মুছলমান ছাত্র–ছাত্রী বিচাৰি উলিওৱাৰ আঁচনি এখন আজিৰ পৰিস্থিতিত শীঘ্রে গ্রহণ কৰাটো প্রয়োজনীয় হৈ পৰিছে৷
অসমীয়া সংস্কৃতিৰ প্রতি থকা আকর্ষণৰ বাবে আজমলে সুধাকণ্ঠৰ কুঠৰীস্থিত ঘৰটো ‘আজমল ফাউণ্ডেচন’ৰ ফালৰ পৰা মেৰামতিৰ জৰিয়তে সংৰক্ষণ কৰিব বিচাৰিছিল, কিন্তু আৰক্ষীয়ে সেই কাম কৰিব নিদিলে৷ চৰকাৰে নিজে কৰিব নোৱাৰা কাম এটা আজমলে কৰিবলৈ আগবাঢ়ি অহাত ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰিয়ে হয়তো চৰকাৰে আৰক্ষীৰ দ্বাৰা বাধা প্রদান কৰোৱায়৷ আজমল অসমীয়া হোৱা বাবেই অসমৰ আর্থ–সামাজিক উন্নতিৰ কথা চিন্তা কৰি আজমল ফাউণ্ডেচনৰ জৰিয়তে বিভিন্ন বিষয়ত সামাজিক কামসমূহ কৰি আছে৷ তেওঁক ঔৰংগজেৱ আখ্যা দিব বিচৰাসকলে জনা দৰকাৰ, আজমল ঔৰংগজেৱৰ দৰে অসম আক্রমণকাৰী নহয়, বৰং শিক্ষা, পুনঃসংস্থাপন, স্বাস্থ্য আৰু চিকিৎসা, মহিলা সবলীকৰণ আদি বিষয়ত অসমৰ উন্নতিৰ হকে কাম কৰা ব্যক্তি৷ তেওঁৰ উক্ত কামসমূহে তেওঁক ঔৰংগজেৱ বা বদনৰ শাৰীত ৰাখিব নে অসমপ্রেমীৰ উচ্চ আসনত ৰাখিব, সেয়া আজিৰ পৰিস্থিতিত এক লাখটকীয়া প্রশ্ণ৷ তেওঁক ঔৰংগজেৱ আখ্যা দিয়াৰ সময়তে তেওঁ অসমত আৰবী ভাষা প্রচলনৰ ব্যৱস্থা লোৱা বুলি এক বিতর্কলৈ টানি অনা হয়৷ এটা কথা ঠিক যে আৰবী ভাষাৰ এখন বেনাৰ বা ফলকে অসমীয়া ভাষাৰ কোনো ধৰণৰ বিপদ ঘটাব নোৱাৰে, কাৰণ বেলেগ ভাষাৰ শ শ শিক্ষানুষ্ঠান অসমত চলি থকাৰ পিছতো অসমীয়া ভাষাৰ কোনো ধৰণৰ বিপদ হোৱা দেখা নাযায়৷ গোৱালপাৰাৰ অনাথ আশ্রম ‘দাৰুল য়াতামা’ত অনুষ্ঠিত এখন সভাৰ বেনাৰখন কিবা এক প্রয়োজনত হয়তো আৰবী ভাষাত লিখা হৈছে, সেইবাবেই ইয়াক বিতর্কৰ মাজলৈ টানি অনাটো কিমান দূৰ যুক্তিসংগত, সেয়া নিশ্চয় অসমীয়া ৰাইজে বুজি পাইছে৷ হয়তো সেই বেনাৰ বা ফলকত আৰবীৰ লগতে অসমীয়া ভাষা ব্যৱহাৰ কৰা হ’লে এনেদৰে বিতর্ক নহ’লহেঁতেন৷
শেষত হোমেন বৰগোহাঞিদেৱৰ কথাৰে এই লেখাৰ মোখনি মাৰিব বিচাৰিছেছা৷ আজমলক ৰাজনৈতিকভাৱে প্রতিহত কৰাৰ পৰিৱর্তেDemonize কৰিবলৈ চেষ্টা কৰি অসমৰ বৃহৎসংখ্যক মুছলমানক অসমীয়াৰ শত্রু সজাবলৈ চেষ্টা কৰিলে অসমীয়াৰে ক্ষতি হ’ব৷