নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃগেন শইকীয়াৰ জবানবন্দী গ্রহণৰ নির্দেশ বিশেষ আদালতৰ

এপিএছচিঃ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ অসম লোকসেৱা আয়োগত (এ পি এছ চি) সংঘটিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ জবানবন্দী গ্রহণ কৰিবলৈ নির্দেশ দিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ ফৌজদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতক এই জবানবন্দী গ্রহণৰ নির্দেশনা দিছে বিশেষ আদালতে৷ এই গোচৰটোত দালাল হিচাপে একাধিক প্রার্থীৰ পৰা ধন সংগ্রহ কৰা মৃগেন শইকীয়া দীর্ঘদিন ধৰি পলাতক অৱস্থাত আছিল৷ কিছুদিন পূর্বে তেওঁ আত্মসমর্পণ কৰাৰ লগতে এই গোচৰটোত ৰাজসাক্ষী হ’বলৈ আগ্রহ প্রকাশ কৰিছে৷ ইতিমধ্যে ৰাজসাক্ষী হিচাপে গ্রহণ কৰাৰ প্রার্থনাৰে ডাঃ শইকীয়াই বিশেষ আদালতত এখন আবেদনো দাখিল কৰিছিল৷ অৱশ্যে ফৌজদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত জবানবন্দী গ্রহণৰ পাছতহে এইক্ষেত্রত নির্দেশনা দিব বিশেষ আদালতে৷ একে সময়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত প্রদান কৰা ডাঃ শইকীয়াৰ জবানবন্দী বন্ধ খামত বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিবলৈও নির্দেশনা দিছে৷ পৰৱর্তী শুনানি ১১ ডিচেম্বৰত গ্রহণ কৰিব আদালতে৷ ইফালে, আজি অসম লোকসেৱা আয়োগত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত অভিযুক্তসকল আদালতত হাজিৰ হয়৷ কেইবাজনো অভিযুক্তই আজি গুৱাহাটী এৰি যাবলৈ অনুমতি বিচাৰি আবেদন দাখিল কৰে৷ বিশেষকৈ বর্ণালী দাস নামৰ অভিযুক্তগৰাকীয়ে দিল্লীলৈ যোৱাৰ বাবে আবেদন দাখিল কৰিছে৷ তেওঁক এমাহৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতৰ অধীনস্থ অঞ্চল এৰিবলৈ অনুমতি প্রদান কৰিছে৷ আনহাতে, গোচৰটোৰ মূল অভিযুক্ত তথা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালে চিকিৎসাৰ বাবে নতুন দিল্লী অথবা চেন্নাইলৈ যোৱাৰ অনুমতি বিচাৰি বিশেষ আদালতত এখন আবেদন দাখিল কৰিছে৷ এই আবেদনৰ শুনানি গ্রহণ কৰি আদালতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালক এখন মেডিকেল ব’ড গঠন কৰি সমগ্র বিষয়টো বিবেচনা কৰিবলৈ নির্দেশ দিছিল৷ এই ব’র্ডে আদালতক অৱগত কৰোৱা অনুসৰি ৰাকেশ পালৰ চিকিৎসা সংশ্লিষ্ট হাস্পতালতে সম্ভৱ৷ সেয়েহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে তেওঁৰ প্রয়োজনীয় চিকিৎসা কৰিবলৈ আদালতে নির্দেশ দিছে৷ জে’ল কর্তৃপক্ষই প্রয়োজন সাপেক্ষে পালক হাস্পতালত চিকিৎসাৰ বাবে অনাৰ অনুমতিও দিছে আদালতে৷ উল্লেখ্য যে শুনানিকালত বহুসংখ্যক অভিযুক্তই আইনী হিচাপত পাবলগীয়া নথি–পত্র লাভ কৰা নাই বুলি আদালতক অৱগত কৰিছে৷ অৱশ্যে চৰকাৰী অধিবক্তাই অভিযুক্তসকলক নথি–পত্র প্রদানৰ বাবে সাজু কৰা হৈছে বুলি সদৰী কৰে৷ আদালতে দুয়োপক্ষৰ যুক্তি শুনি তদন্তকাৰী ১৬৪ ফৌজদাৰী বিধিৰ অধীনত গ্রহণ কৰা সাক্ষীৰ জবানবন্দী, সকলো জব্দকৃত নথিৰ তালিকা, ফৰেনছিকৰ প্রতিবেদন আৰু আন আন নথি–পত্র প্রদান কৰিবলৈ নির্দেশ দিয়ে৷

You might also like