’২৪ৰ ভিতৰত ৬৩.৩৫ লাখ পৰিয়ালক পানী যোগানৰ লক্ষ্য
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে আজি জলজীৱন মিছন, অসমৰ অধীনত দক্ষতা বর্ধন প্রশিক্ষণৰ কার্যসূচীৰ সামূহিকভাৱে গুৱাহাটীত শুভাৰম্ভ কৰে৷ জলজীৱন মিছন ভাৰত চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি৷ যাৰ জৰিয়তে ভাৰত চৰকাৰে প্রতিঘৰ পৰিয়াললৈ ঘৰুৱা পানী যোগান নলৰ জৰিয়তে খোৱাপানী যোগান ধৰিবৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনৰ প্রকল্পটোৱে ভৱিষ্যৎ প্রজন্মৰ কাৰণে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে সুৰক্ষা প্রদান কৰিব৷ অসমতো ঘৰুৱা পানী যোগান নলৰ জৰিয়তে ৬৩.৩৫ লাখ ঘৰত ২০২৪ৰ ভিতৰত পানী যোগান ধৰাৰ বাবে লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ বিত্তীয় বর্ষ ২০২০–২১ৰ ভিতৰত প্রায় ১৩ লাখ কার্যক্ষম ঘৰুৱা পানী যোগান নলৰ সংযোগ প্রদান কৰা হ’ব৷ জলজীৱন মিছনৰ অধীনত ৰাজ্যৰ প্রতিটো পৰিয়ালকে প্রতিজন সদস্যৰ বিপৰীতে ৫৫ লিটাৰ পানী প্রতিদিনে যোগান ধৰিব পৰাকৈ ২০২৪ চনৰ ভিতৰত বহু সংখ্যক পানী সৰবৰাহ প্রকল্প কার্যক্ষম কৰা হ’ব৷ ২০২৪ চনৰ ভিতৰত নির্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে আগৰ পৰাই উপলব্ধ ৮০৩৩টা পানী সৰবৰাহ প্রকল্পৰ পুনঃনির্মাণ কৰাৰ লগতে অইন ১৫,০০০ৰ পৰা ২০,০০০টা নতুন পানী সৰবৰাহ প্রকল্পৰ সংযোজন কৰা হ’ব৷ প্রশিক্ষণ কার্যসূচীৰ উদ্বোধনী ভাষণত মন্ত্রী দৈমাৰীয়ে প্রশিক্ষণপ্রাপ্তসক জলজীৱন মিছনত কর্মসংস্থাপন পালে নিবনুৱা সমস্যা কিছু পৰিমাণে লাঘৱ হ’ব বুলি তেওঁ মত প্রকাশ কৰে৷ এই প্রশিক্ষণ ৫০,০০০ ব্যক্তিক প্রদান কৰাৰ পৰিকল্পনা আছে৷