দুলীয়াজানত আছুৰ নৱনিৰ্বাচিত সাঃ সম্পাদক শংকৰজ্যোতিক আনুষ্ঠানিক সম্বৰ্ধনা বৰকোলা নৱজ্যোতি পুথিভঁৰাল আৰু যুৱক সংঘৰ
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ সদৌ অসম ছাত্র সন্হাৰ নৱনিৰ্বাচিত সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজানৰ বৰকোলা নৱজ্যোতি পুথিভঁৰাল আৰু যুৱক সংঘই শুকুৰবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । স্হানীয় মহিলা সমিতি আৰু বৰকোলাবাসী ৰাইজৰ সহযোগত বিয়লি যুৱক সংঘৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত এক সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু পিতলৰ জাপিৰে উষ্ম আদৰণি জনায় । এই সভাতে ছাত্ৰ সন্হাৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য তচেন ডেকাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাখনি সৰস্বতী বন্দনাৰে মংগলাচৰণ কৰে ডিমিত্ৰী বড়াই । সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই স্হানীয় বয়োজ্যেষ্ঠ ব্যক্তি দিপাংকৰ বড়াই । বয়োজ্যেষ্ঠ কনক বড়াই পৌৰোহিত্য কৰা সভাখনত অঞ্চলটোৰ গৌৰৱ তথা শক্তিশালী জাতীয় সংগঠনটোৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰা শংকৰজ্যোতি বৰুৱাই ৰাইজৰ আশীষ লোৱাৰ লগতে উষ্ম আদৰণিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানতে বহ্নিমান বড়াৰ কবিতা পাঠ আৰু বৰষা গগৈৰ সত্ৰীয়া নৃত্য পৰিৱেশনে সকলোকে আপ্লুত কৰে । বৃক্ষৰোপণ কৰে সম্বৰ্ধিত ছাত্ৰনেতাদ্বয়ৰ লগতে বিশিষ্ট অতিথিসকলে । অনুষ্ঠানৰ শেষত সকলোৱে সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আত্মাৰ সদ্গতি কামনা কৰে । উপস্থিত থাকে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰনৱ গগৈ, বয়োজ্যেষ্ঠ তথা সমাজ সেৱক ইন্দ্ৰজিত গগৈ, অঞ্চলটোৰ পৰা প্ৰথম স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বয়োজ্যেষ্ঠ ব্যক্তি অকণ কুমাৰ গগৈ, আছু ডিব্ৰুগড় জিলাৰ শিক্ষা সম্পাদক আব্দুল ছাত্তাৰ, দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি বুবুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক দিপাংকৰ গগৈ প্ৰমুখ্য স্হানীয় যুৱ সমাজ আৰু মহিলাসকল ।