নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান সমষ্টিৰ ১৫ হাজাৰ হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ— অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত দুলীয়াজান সমষ্টিৰ ১৬ খন পঞ্চায়তৰ ১৫ হাজাৰ হিতাধিকাৰীৰ মাজত অনুমোদন পত্ৰ বিতৰণ কৰে বিধায়ক তেৰছ গোৱালাই । কালিৰে পৰা দুদিনীয়াকৈ সমষ্টিৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত ৰাজহুৱা সভাৰ জৰিয়তে অৰুণোদয় আঁচনিৰ অধীনত অবিবাহিতা, বিধৱা আৰু বিবাহ বিচ্ছেদ মহিলাৰ লগতে দৰিদ্ৰ মহিলাসকলৰ সবলীকৰণৰ উদ্দেশ্যে এই অনুমোদন পত্ৰ বিতৰণ কৰা হয় । এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ মহিলাসকলক সামৰি মাহেকত ৮৩০ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে । চিচিয়া বকুলনী ছোৱালী হাইস্কুল, পুৰণা ডিৰিয়েল চাহবাগিছাৰ খেলপথাৰ, ভূপেন হাজৰিকা ৰংগমঞ্চ, ধৰীয়া দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয় আৰু গোপীনাথ বৰদলৈ মেম’ৰিয়েল হাইস্কুল প্ৰা‌ংগণত অনুষ্ঠিত সভাত ক্ৰমে দুলীয়াজান সমষ্টিৰ অন্তগৰ্ত গাঁও পঞ্চায়ত ৰঙাগড়া, ভাদৈ, বকুলনী, টিপলিং, দুলীয়াজান, কঠালগুৰী, খেৰেমীয়া, নাওহলীয়া, টেঙাখাটৰ নকাৰী ভেকুলাজান, টেঙাখাট পঞ্চায়ত, গন্ধীয়া ভাজনী, তেলপানী বামুণীকূৰীয়া, নখঙীয়া হাতীবন্ধা, ধৰীয়া দীঘলীয়া, লেংৰাই আৰু ৰংচং গাঁও পঞ্চায়তৰ মুঠ ১৫ হাজাৰ হিতাধীকাৰীৰ মাজত বিতৰণ কৰে অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ । বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক তেৰছ গোৱালাৰ লগতে ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যাম, দুলীয়াজান জিলা পৰিষদৰ সদস্যা কমলা বাউৰী, দুলীয়াজান বিজেপি মণ্ডল সভাপতি সূদৰ্শন বসুমতাৰী প্ৰমুখ্যে পঞ্চায়তৰ সভাপতি, মৰ্চাৰ সভাপতি, বুথ কৰ্মীকে ধৰি দলীয় কাৰ্যকৰ্তাসকল ।

You might also like