মৃত্যু
লিউয়িছ টমাছ আছিল কুৰি শতিকাৰ এজন শীর্ষস্থানীয় চিকিৎসা বিজ্ঞানী আৰু জীৱ বিজ্ঞানী৷ বহু বছৰ তেওঁ বিশ্ববিখ্যাত ইয়েল বিশ্ববিদ্যালয়ত পেথ’লজী বিভাগৰ মুৰব্বী অধ্যাপক আছিল৷ তাৰ পৰা অৱসৰ লৈ তেওঁMemorial Sloan-kettering Institute of Cancer Research–ৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিলে৷ বিজ্ঞানী হিচাপে তেওঁ যিমান বিখ্যাত, সিমানেই তেওঁ বিখ্যাত এজন অসাধাৰণ প্রতিভাশালী লেখক তথা প্রাবন্ধিক হিচাপে৷ বিজ্ঞানৰ বিষয়ক লৈ লিখা তেওঁৰ কিতাপ আৰু ৰচনাবোৰ উচ্চমানৰ সাহিত্য বুলি স্বীকৃত হৈছে৷ তেওঁৰ বহু–পৰিচিত বিখ্যাত কিতাপ হ’লLives of a Cell আৰুNotes of a Biology Watcher৷ লিউয়িছ টমাছৰ জীৱন আৰু কর্মৰ বিষয়ে সামান্যভাৱে পৰিচিত হোৱাৰ পিছত তেওঁৰLives of a Cell নামৰ কিতাপখন পঢ়িবলৈ মই প্রবল ইচ্ছা অনুভৱ কৰিছিলোঁ৷ সেই সময়ত অনলাইনযোগে কিতাপ আনিব পৰাৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল৷ মোৰ অনুৰোধত বিশিষ্ট লেখিকা আৰু প্রাণী বিজ্ঞানৰ অধ্যাপিকা ড০ নমিতা শর্মাই কিতাপখনৰ এটা ফটোকপী কলকাতাৰ পৰা অনাই দিছিল৷ মোৰ অশেষ ধন্যবাদ তেওঁৰ প্রাপ্য৷
টমাছ লিউয়িছৰ মৃত্যুৰ বাৰ দিনৰ আগতে নিউয়র্ক টাইম্ছৰ সংবাদদাতা ৰজাৰ ৰছেনব্লাটে তেওঁৰ এটা সাক্ষাৎকাৰ ল’বলৈ গৈছিল৷ ৰছেনব্লাটৰ এটা প্রশ্ণৰ উত্তৰত টমাছে তেওঁক কৈছিল– ‘মৃত্যু যেতিয়া এটা অধিবিদ্যা–মূলক তথা দার্শনিক ঘটনা আছিল, তেতিয়া মৃত্যুক একপ্রকাৰৰ শ্রদ্ধাৰ দৃষ্টিৰে চোৱা হৈছিল৷ কিন্তু আজিকালি মৃত্যুৰ প্রক্রিয়া অতি দীঘলীয়া হয়৷ ফলত তাক এটা ব্যর্থতাৰ প্রকাশ বুলি ধৰা হয়৷ এজন মৰিব ধৰা ৰোগী একপ্রকাৰৰ কিম্ভুত কিমাকাৰ জীৱ৷ সকলো অস্বাভাৱিকতাৰ ভিতৰত মৃত্যুৰ দীঘলীয়া প্রক্রিয়াটোৱেই হ’ল মানুহৰ কাৰণে আটাইতকৈ অগ্রহণীয়৷ ই যেন প্রকৃতিৰ বিৰুদ্ধে এটা অপৰাধ৷’
বার্নার্ড লৌন এজন বিশ্ববিখ্যাত হূদৰোগ বিশেষজ্ঞ৷ তেওঁ শান্তিৰ কাৰণে ন’বেল পুৰস্কাৰো পাইছিল৷ নিজৰ দীঘলীয়া চিকিৎসক জীৱনৰ পৰা আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত তেওঁ এখন কিতাপ লিখিছিল–The Lost Art Of Healing : Practicing Compassion in Medicine৷ কিতাপখন মই একাধিকবাৰ খৰচি মাৰি পঢ়িছোঁ৷ হাস্পতালত হোৱা মৃত্যুৰ বিষয়ে তেওঁ লিখিছে– ‘জৈৱ প্রযুক্তিৰ ক্ষেত্রত হোৱা বিপ্লৱে মানুহৰ মৃত্যুৰ প্রক্রিয়াটোক অনিশ্চিতভাৱে দীর্ঘায়িত কৰাটো সম্ভৱ কৰি তুলিছে৷ এই দেৱতা–সুলভ সম্ভাৱনা হ’ল চিকিৎসকসকলৰ মাত্রাধিক গর্বৰ এটা প্রধান উৎস৷ কিন্তু ই ৰোগীসকলৰ মনত এনে এটা প্রত্যাশা জগাই তোলে– যিটো প্রত্যাশা অবাস্তৱ আৰু তাক পূৰণ কৰাটো অসম্ভৱ৷ মৃত্যুক প্রত্যাহ্বান জনাব খোজা এই সঁজুলিবোৰ ব্যৱহাৰ কৰাৰ আগতে বহুতো প্রশ্ণৰ উত্তৰ বিচাৰিব লগা হয়৷ যদি মৃত্যুক বিলম্বিত কৰাটো সম্ভৱ হয়, তেন্তে কিমান দিনলৈ তাক বাধা দি ৰাখিব পৰা হ’ব? এই অতিৰিক্ত সময়খিনিয়ে ৰোগীজনৰ যন্ত্রণা দীঘলীয়া কৰাৰ বাহিৰে আন কি উদ্দেশ্য সাধন কৰিব? জীৱনৰ আন কিবা উদ্দেশ্য বাকী থাকিবনে? এই অতিৰিক্ত সময়খিনি আদায় কৰিবৰ কাৰণে ব্যক্তিগত, সামাজিক আৰু আর্থিক ক্ষেত্রত কিমান মূল্য দিব লাগিব? … …From my observation, doctors have a penchant to emphasize the successes and downplay the possible aggravation that may make one’s remaining days a veritable living hell.’
এলবার্ট আইনষ্টাইনৰ মৃত্যু হৈছিল ৭৬ বছৰ বয়সত৷ তেওঁ মহাধমনীৰ ৰোগত Aortal aneurysm) আক্রান্ত হৈছিল৷ চিকিৎসকসকলে তেওঁৰ প্রাণ ৰক্ষাৰ কাৰণে অস্ত্রোপচাৰ কৰিবলৈ সিদ্ধান্ত ল’লে৷ কিন্তু অস্ত্রোপচাৰ কৰাবলৈ আইনষ্টাইন কোনোমতেই সন্মত নহ’ল৷ চিকিৎসকসকল নাচোৰবান্দা৷ মানৱ জাতিৰ ইতিহাসৰ সর্বশ্রেষ্ঠ বিজ্ঞানীজনৰ জীৱন যদি মাত্র কেইদিনমানৰ কাৰণেও ৰক্ষা কৰিব পাৰি, তেনেহ’লে সেইটো কৰিবলৈ তেওঁলোক দৃঢ়প্রতিজ্ঞ৷ কিন্তু আইনষ্টাইনে চিকিৎসকসকলক বাধা দি ক’লে– ‘It is tasteless to prolong life artificially. I have done my share; it is time to go.’
আইনষ্টাইনৰ ইচ্ছামতেই তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ল কোনোধৰণৰ ধর্মীয় বা সামাজিক অনুষ্ঠান নকৰাকৈ৷ তেওঁৰ শৱটো দাহ কৰা হৈছিল৷ ছাইবোৰ সিঁচৰতি কৰি দিয়া হৈছিল এখন অজ্ঞাত ঠাইত– যাতে তেওঁৰ সমাধিস্থল কোনেও এখন তীর্থস্থানত পৰিণত কৰিব নোৱাৰে৷
মৃত্যু হোৱা উচিত এনেকুৱাই৷ মানুহৰ যেতিয়াই মৃত্যুৰ সময় হয়, তেতিয়াই তেওঁক ৰুচিসন্মতভাৱে মৰিবলৈ দিব লাগে৷
মোৰ নিজৰো যথেষ্ট বয়স হৈছে৷ মৃত্যু খুব বেছি দূৰত নাই৷ মই বহুত দিনৰ আগতেই সংকল্প লৈ থৈছোঁ যে কৃত্রিমভাৱে মোক জীয়াই ৰাখিবলৈ মই কোনো চিকিৎসকক অনুমতি নিদিম৷ মোৰ পুত্র দুজনে যেন এই কথা মনত ৰাখে৷ মই এজন অতি সামান্য মানুহ৷ কিন্তু মোৰ অন্তিম সংস্কাৰ হ’ব লাগিব অসামান্য মানুহ এলবার্ট আইনষ্টাইনৰ নিচিনাকৈ৷ জীৱনৰ অনিবার্য পৰিণতি হ’ল মৃত্যু৷ মৃত্যুক কোনেও জয় কৰিব নোৱাৰে৷ মৃত্যুক সুন্দৰভাৱে গ্রহণ কৰিব পৰাটোৱেই হ’ল জীৱনত শেষবাৰৰ কাৰণে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম৷