নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাডোনাৰ সম্পত্তিক লৈ হ’ব পৰিয়ালকেন্দ্রিক বিবাদ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ স্বর্ণিল কেৰিয়াৰ আৰু বহু বিতর্কিত জীৱনৰ পৰিসমাপ্তি ঘটাই ফুটবলৰ ৰাজপুত্র ডিয়েগ’ মাৰাডোনাই এই সংসাৰক বিদায় জনোৱাৰ পাছত তেওঁৰ সম্পত্তিক কেন্দ্র কৰি পৰিয়ালকেন্দ্রিক বিবাদ সৃষ্টি হোৱাৰ আগজাননী পোৱা গৈছে৷ আর্জেণ্টিনাৰ কিংবদন্তি ফুটবলাগৰাকীৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতে এই আশংকা প্রকাশ কৰিছে তেওঁৰ ব্যক্তিগত অধিবক্তাই৷ যোৱাবছৰ কন্যা জিয়ানিনাৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ পাছত মাৰাডোনাই তেওঁৰ সকলো সম্পত্তি, বিলাসী বাহন আৰু স্প’নছৰশ্বিপ চুক্তিৰ ধন দাতব্য প্রতিষ্ঠানলৈ হস্তান্তৰ কৰিব বুলি ঘোষণা কৰিছিল৷ ইয়াক কেন্দ্র কৰি আগন্তুক দিনত প্রাক্তন ফুটবলাৰগৰাকীৰ পত্নী–কন্যা আৰু পুত্রৰ মাজত সংঘাত সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে অধিবক্তাগৰাকীয়ে৷

উল্লেখ্য যে উচ্ছৃংখল জীৱন কটোৱা মাৰাডোনাই জীৱিতকালত বার্চিলোনা, নেপ’লিকে ধৰি কেইবাটাও আগশাৰীৰ ক্লাবৰ সৈতে খেলি যথেষ্ট ধন উপার্জন কৰিছিল৷ তেওঁৰ পৰিয়ালৰ সূত্রই দাবী কৰা অনুসৰি মৃত্যুৰ সময়ত ফুটবলৰ ৰাজপুত্রই প্রায় ৯০ মিলিয়ন ডলাৰৰ সম্পত্তি এৰি থৈ গৈছে৷ জীৱিতকালত মাৰাডোনাৰ সৈতে সম্পর্ক বজাই নাৰাখিলেও তেওঁৰ দুগৰাকী প্রাক্তন পত্নী আৰু পুত্র–কন্যা শেষকৃত্য অনুষ্ঠানত উপস্থিত আছিল৷

You might also like