কংগ্ৰেছ-AIUDFৰ বুজাবুজিক ৰাইজে মানি নলয়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ “কংগ্ৰেছ-এ আই ইউ ডি এফৰ বুজাবজিক ৰাইজে মানি নলয়।”-কংগ্ৰেছ-এ আই ইউ ডি এফৰ চিটিং-গেটিং ফৰ্মুলাক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বুজাবুজিক ৰাইজে কেতিয়াও মানি নলয়। দুয়োটা দলে যাকে টিকট প্ৰদান নকৰক কিয়, নিৰ্বাচনত পৰাস্ত হ’ব বুলি মন্তব্য কৰে ড০ শৰ্মাই।
উল্লেখ্য যে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ওদালগুৰি জিলাৰ ভেৰগাঁৱত এক বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে। উক্ত সভাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ লগতে বিগত ১৭ বছৰীয়া শাসনকালত সংঘটিত দুর্নীতি–নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে ।