কেবিনেট ছেক্রেটেৰিয়েটত ১২ পদ
ভাৰত চৰকাৰৰCabinet Secretariatত খালী হৈছেField Assistant-GDৰ ১২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় অবৰ সচিবে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ভাষাভিত্তিকField Assistant-GDৰ ১২ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Angami, Arakanese, Bodo, Bru/Reang, Burmese, Chine, Dzonkha, Konyak, Lai, Mara, Sema, Zeliangrong৷ নিযুক্তিপ্রাপ্তইCabinet Secretariatৰ অধীনত অসম, অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্রিপুৰা আৰু মিজোৰামত কার্য সম্পাদন কৰিব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০ টকাসহ কেন্দ্রীয় চৰকাৰৰ অন্যান্য ভাট্টা লাভ কৰিব৷ প্রার্থীৰ বয়স ১৫ মে’, ২০২০লৈ ১৮–২৭ বছৰ৷ আবেদনকাৰী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷
আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনUnder Secretary (Pers.F) Cabinet Secretariat, Govt. of India, Room No-1001, B-1 wing, 10th Floor, Pt.Deendayal Antyodaya Bhavan, CGO Complex, Lodhi Road, New Delhi-110003 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০২০৷