বিটিচিত বিজেপিৰ ছুনামি আহিছেঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ “বিটিচিত বিজেপিৰ ছুনামি আহিছে। গতিকে বিটিচিত বিজেপিৰ চৰকাৰ হ’বই।”-নিৰ্বাচনী সভাত ৰাইজৰ বিপুল সঁহাৰি দেখি এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
বিটিচিত বিজেপিৰ একপ্ৰকাৰ ছুনামি হৈছে বুলি কৈ বিপুল সংখ্যাগৰিষ্ঠতাৰে কোকৰাঝাৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হ’ব বুলি দাবী কৰে ড০ শৰ্মাই।
বিটিচি অঞ্চলত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নহয়,ৰাইজৰ দাদাগিৰি চলিব লাগে বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰী আৰু ভিচিডিচিক মেকুৰী আখ্যা দিয়াৰ পাছত সুৰ সলনি কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ভিচিডিচিৰ নিৰ্বাচন নপতাটো ভুল হৈছিল বুলি স্বীকাৰ কৰে মহিলাৰীয়ে।