নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলৰ সমর্থকৰ আক্রমণত গুৰুতৰভাৱে আহত বিপিএফ কর্মী

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ পৰিষদীয় নির্বাচনলৈ মাজত মাত্র সাত দিন বাকী থকাৰ সময়তে বাক্সাত পুনৰ সংঘটিত হৈছে নির্বাচনী হিংসাৰ ঘটনা৷

ঘটনাৰ বিৱৰণী মতে, দেওবাৰে সন্ধিয়া বি পি এফৰ কেইজনমান যুৱকে নির্বাচনী প্রচাৰ চলাই আছিল ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভালুকদঙাত৷ সেই সময়তে কেইগৰাকীমান ইউ পি পি এলৰ সমর্থকে উক্ত স্থানত নির্বাচনী প্রচাৰ বন্ধ কৰিবলৈ নির্দেশ দিয়ে বি পি এফৰ সমর্থকসকলক৷ প্রথমে দুই পক্ষৰ মাজত কথাৰ কটাকটি আৰম্ভ হয়৷ তেনে অৱস্থাতে বি পি এফৰ সমর্থক মনোজ কলিতা নামৰ যুৱক এজনে ৰাস্তাত ৰখাই থোৱা তেওঁৰ বাইকখন পথৰ দাঁতিৰ পৰা আঁতৰাবলৈ অহাত নির্বাচনী প্রচাৰ চলাই অহা ইউ পি পি এলৰ সমর্থকে ৰাজপথতে তেওঁক চোকা অস্ত্রৰে আক্রমণ কৰে৷ ফলত মূৰ আৰু চকুত গুৰুতৰভাৱে আঘাতপ্রাপ্ত মনোজ কলিতাক প্রথমে বৰমা প্রাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্রেৰণ কৰে চিকিৎসকে৷

ইফালে ইউ পি পি এলৰ সমর্থকে প্রকাশ কৰা মতে, তেওঁলোক নির্বাচনী প্রচাৰ চলাবলৈ অহাত ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ মেদাঘাটৰ বি পি এফৰ কার্যালয়ৰ সন্মুখত প্রায় ২৫জনীয়া দল এটাই তেওঁলোকৰAS-01 DA-3014 নম্বৰৰ চাৰিচকীয়া বাহনখনত শিলগুটি নিক্ষেপ কৰাত বাহনখনৰ পিছফালৰ গ্লাছ চূর্ণ–বিচূর্ণ হোৱাৰ ফলত বাহনৰ ভিতৰত থকা ঘনকান্ত ৰামচিয়াৰী নামৰ এজন কর্মী মূৰত আঘাতপ্রাপ্ত হোৱা বুলি অভিযোগ কৰে৷ বাহনত শিলগুটি নিক্ষেপ কৰি এজন ইউ পি পি এলৰ কর্মী আহত কৰা ঘটনাত জড়িত থকা ৰিনদাও বসুমতাৰী আৰু ৰাজীৱ বডোৰ বিৰুদ্ধে বৰমা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ইউ পি পি এলে৷

You might also like