নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত খালী হৈ আছে পশু চিকিৎসকৰ ২০০টাকৈ পদ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ কৃষিখণ্ডৰ লগতে ৰাজ্যৰ অর্থনীতিত সমানেই গুৰুত্বপূর্ণ পশুপালন খণ্ডত আন্তঃগাঁথনিৰ অভাৱ দীর্ঘদিনীয়া৷ বিশেষকৈ এটা বিয়াগোম বিভাগ থকা সত্ত্বেও পশুপালন ক্ষেত্রখনক আগবঢ়াই নিয়াৰ ক্ষেত্রত গ্রহণ কৰিবলগীয়া পদক্ষেপত ব্যর্থ হোৱাৰ উদাহৰণেই অধিক৷ বিশেষকৈ পশুপালনৰ ক্ষেত্রত অত্যন্ত গুৰুত্বপূর্ণ এটা অংশ হৈছে পশু চিকিৎসা৷ কিন্তু সম্প্রতি ৰাজ্যত পশু চিকিৎসা ক্ষেত্রখনত দেখা গৈছে চৰম অৱহেলা৷ ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে ৰাজ্যত খালী হৈ থকা পশু চিকিৎসকৰ পদ৷

এক সূত্রই সদৰী কৰা অনুসৰি বর্তমানে ৰাজ্যত খালী হৈ আছে ২০০ পশু চিকিৎসকৰ পদ৷ ফলত ৰাজ্যত হাহাকাৰ কৰিবলগীয়া হৈছে পশুপালকসকলে৷ ৰাজ্য চৰকাৰে আত্মনির্ভৰশীল অসম গঢ়িবলৈ কৰা আহ্বানৰ প্রতি সঁহাৰি জনাই গ্রামাঞ্চলত পশুপালনৰ পথ লৈছে বহু নিবনুৱা যুৱক–যুৱতীয়ে৷ কিন্তু শেহতীয়াকৈ কেইবাটাও পশু ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাত পশুপালকসকল বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছে৷ কিয়নো ৰাজ্যত প্রয়োজন অনুপাতে নাই পশু চিকিৎসক৷

সূত্রটোৱে সদৰী কৰা অনুসৰি সম্প্রতি ৰাজ্যত পশু চিকিৎসকৰ অনুমোদিত পদৰ সংখ্যা হৈছে ১,০০৩টা৷ ইয়াৰ বিপৰীতে সম্প্রতি কর্মৰত হৈ আছে মাত্র ৮০০গৰাকী পশু চিকিৎসক৷ ইয়াৰেও বহুকেইগৰাকী পশু চিকিৎসকক বিভাগটোৰ প্রশাসনিক কাম–কাজত নিযুক্ত কৰা হৈছে৷ জানিব পৰা মতে, প্রায় ১৫০গৰাকী পশু চিকিৎসকক বিভাগটোৰ প্রশাসনীয় কাম–কাজৰ দায়িত্ব অর্পণ কৰা হৈছে৷ অর্থাৎ প্রায় ৬৫০গৰাকী পশু চিকিৎসকহে প্রকৃতার্থত এই ক্ষেত্রখনত নিয়োজিত হৈ আছে৷ আনহাতে, ৰাষ্ট্রীয় কৃষি আয়োগ–১৯৭৬ৰ নিয়মাৱলী অনুসৰি প্রতিখন ৰাজ্যৰ পশু চিকিৎসকৰ সংখ্যা নির্ধাৰণ কৰি দিয়া হৈছে৷ এই নিয়মাৱলী অনুসৰি অসমত প্রয়োজনীয় পশু চিকিৎসকৰ সংখ্যা হৈছে ২,৫০০ৰ পৰা ৩,০০০গৰাকী৷ আনহাতে, দীর্ঘদিনে বিভাগটোত পশু চিকিৎসকৰ নিযুক্তি বন্ধ হৈ থকাৰ ফলত নিবনুৱা হৈ আছে ৮০০ৰ পৰা ৯০০গৰাকী পশু চিকিৎসক৷ সম্প্রতি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় আৰু লখিমপুৰস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্রতি বছৰে ১০০ৰ পৰা ১৫০গৰাকী শিক্ষার্থীয়ে স্নাতক ডিগ্রী লাভ কৰি আহিছে৷ সেয়েহে দিন বাগৰাৰ লগে লগে বৃদ্ধি পাইছে নিবনুৱা পশু চিকিৎসকৰ সংখ্যাও৷

উল্লেখ্য যে শেহতীয়াকৈ গাহৰি পালকসকলৰ বাবে আতংকৰ সৃষ্টি কৰিছিল আফ্রিকান ছোৱাইন ফিভাৰ নামৰ ৰোগে৷ এই ৰোগত আক্রান্ত হৈ ৰাজ্যত হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হৈছিল৷ তদুপৰি বিভাগীয়ভাৱেও এই ৰোগ প্রতিৰোধৰ বাবে নিধন কৰা হৈছে ৰোগাক্রান্ত গাহৰি৷ ইপিনে, লাম্পি স্কীন আৰু চবকা ৰোগতো ৰাজ্যত বহুসংখ্যক পশুধন আক্রান্ত হোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে পশুপালকসকলে৷ পশুপালনৰ ক্ষেত্রখনত অধিকাংশ গ্রামাঞ্চলৰ লোক জড়িত হৈ আছে৷ এই অঞ্চলসমূহত পশু চিকিৎসাৰ উন্নত সা–সুবিধা নথকা বাবে পশুপালকসকলে সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে৷ লক্ষণীয় যে ৰাজ্যত বর্তমান এখন ভেটেৰিনেৰী পলিক্লিনিক, ৫১৭খন হাস্পতাল, ৭৬৭টা উপ–কেন্দ্র, এটা ভেকচিন উৎপাদন গোট আৰু ১৮টা বিভিন্ন গৱেষণাগাৰ আছে৷

প্রাপ্ত তথ্য অনুসৰি হাস্পতাল আৰু বহুসংখ্যক উপ–কেন্দ্রত নাই চিকিৎসা৷ চৰকাৰৰ অধীনস্থ প্রদর্শনীমূলক পামৰ সংখ্যা হৈছে ৬১খন৷ ইয়াৰে ১৬খনেই অকার্যক্ষম হৈ আছে৷ মাত্র দুখনতহে আছে সঠিক আন্তঃগাঁথনি৷ এনে পৰিপ্রেক্ষিতত পশুপালকসকলে কেৱল নিজৰ প্রচেষ্টাতহে পশুপালনৰ ক্ষেত্রখন আগবঢ়াই নিবলগীয়া হৈছে৷ এইক্ষেত্রত বিয়াগোম বিভাগটোক নেতৃত্ব দি থকা মন্ত্রী অতুল বৰাই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া হ’ব লক্ষণীয়৷

You might also like