গগৈবিহীন কংগ্রেছ
কোনেও কাৰো ৰিক্ত স্থান পূর্ণ কৰিব নোৱাৰে৷ মৃত্যুৰ এইটোৱে সবাতকৈ ডাঙৰ ট্রেজেডী৷ মানুহ এজন যিমানেই সাধাৰণ নতুবা নগণ্য নহওক কিয়, তেওঁৰো এটা সুকীয়া সত্তা থাকে৷ এটা নির্দিষ্ট পৰিমণ্ডলত জুখিব নোৱাৰাকৈ এটা গুৰুত্ব থাকে৷ কিন্তু ব্যক্তিগৰাকী যদি তৰুণ গগৈ হয়, তেন্তে মৃত্যুৱে সৃষ্টি কৰা শূন্যতাটো কাৰোবাৰ বাবে মহাসাগৰতকৈ গভীৰ, আকাশতকৈ সীমাহীন বিশাল হৈ পৰে৷ তেনে মৃত্যুৱে এটা যুগক লগত লৈ যায়৷ এটা সম্ভাৱনাৰ কবৰ খান্দি থৈ যায়৷ এই কথাটো আজিৰ তাৰিখত অসমৰ তৃণমূল পর্যায়ৰ কংগ্রেছীসকলতকৈ আন লোকে সহজে অনুধাৱন কৰিব নোৱাৰে৷ পৰিয়ালৰ লোকৰ কথাটো ইয়াত ক’ব বিচৰা নাই৷ তেওঁলোকে যি হেৰুৱালে, তাক পৃথিৱীৰ কোনো শক্তিয়ে ওভতাই আনি দিব নেৱাৰে৷ ইয়াত তৰুণ গগৈৰ অবর্তমানত কংগ্রেছৰ কি দুর্দশা হ’ব পাৰে, সেইটোকহে জুখি চাব খোজা হৈছে৷ মূল বিষয়টোলৈ যোৱাৰ পূর্বে ভাৰতবর্ষ তথা অসমত কংগ্রেছৰ বর্তমান স্থিতি নতুবা অৱস্থান কি, সেইটো জানি থোৱা দৰকাৰ৷ অৱশ্যে ইয়াৰ বিস্তৃত ব্যাখ্যাৰ প্রয়োজন নাই৷ ৰাষ্ট্রীয় তথা ৰাজ্যিক প্রেক্ষাপটত দলটোৰ অৱস্থা কি, সেয়া সকলোৱে ভালদৰে জানে৷ দলটোৱে এসময়ত প্রায় সমগ্র দেশখন শাসন কৰিছিল৷ এতিয়া এখন ৰাজ্যৰ ক্ষমতা দখলৰ বাবে দলটোৱে প্রবল সংগ্রাম কৰিবলগীয়া হৈছে৷ ইমানেই নহয়, যিকেইখন ৰাজ্যত দলটোৱে শাসন চলাই আছে৷ তাতো শাসন ক্ষমতা বর্তাই ৰাখিবলৈ কঠিন সংগ্রাম কৰিবলগীয়া হৈছে৷ যেন যিকোনো মুহূর্ততে চৰকাৰখন সংখ্যালঘিষ্ঠ হৈ ক্ষমতাৰ পৰা অপসাৰিত হ’ব৷ প্রতিনিয়ত সতর্ক হৈ থাকিবলগীয়া হৈছে দলটোৰ নেতৃত্ব৷ ইয়াৰ প্রধান কাৰণ দুটা৷ প্রথমটো হ’ল, দুর্বল নেতৃত্ব আৰু দ্বিতীয়টো শক্তিশালী প্রতিপক্ষ৷ সৰল অর্থত ক’বলৈ গ’লে, এইমুহূর্তত ইতিহাসৰ সবাতকৈ কঠিন সময়ৰ মাজেৰে গতি কৰি আছে কংগ্রেছ নামৰ ভাৰতবর্ষৰ সবাতকৈ প্রাচীন দলটো৷ দুর্বল নেতৃত্বই দলটোক ভিতৰৰ পৰা উঁই পোকে খোৱাৰ দৰে এফালৰ পৰা খাই গৈ আছে৷ দলটোক ভিতৰি ভিতৰি ফোঁপোলা কৰি গৈ আছে৷ আনহাতে, শক্তিশালী প্রতিপক্ষই প্রতিনিয়ত দলটোৰ সৈতে যুক্ত হৈ থকাসকলৰ আত্মবিশ্বাস খহাই গৈ আছে৷ কংগ্রেছে সম্ভৱতঃ এনে সংকটময় সময়ৰ সন্মুখীন হোৱা নাছিল৷ দল এটাক এনে ভয়ংকৰ বিপৰীত পৰিস্থিতিত ধৰি দৰকাৰ প্রবল আত্মবিশ্বাসী, দূৰদর্শী, অভিজ্ঞতাৰে পৰিপুষ্ট নেতাৰ৷ ঠিক তেনে নেতায়েই আছিল তৰুণ গগৈ৷ তেওঁ সংকটৰ সময়ত দলৰ ছত্রভংগ দিয়া নেতা নাছিল৷ ইয়াৰ বিপৰীতে তৰুণ গগৈ আছিল এজোপা বটবৃক্ষৰ দৰে যিকোনো পৰিস্থিতিত নিজৰ বিশ্বাস অটল হৈ থকা ব্যক্তি৷ তৰুণ গগৈ আছিল প্রতিকূল পৰিস্থিতিতো দলৰ বাবে সম্ভাৱনাৰ সুযোগ বিচাৰি ফুৰা এজন নেতা৷ সেয়ে তেওঁ অল্পধতুৱা নেতাৰ কথাত মন–কাণ নিদি এটা নির্দিষ্ট সংকল্প লৈ আগবাঢ়িছিল৷ তেওঁৰ সেই দৃঢ়তা মহাজোঁট বন্ধনৰ ক্ষেত্রতো লক্ষণীয়ভাৱে পৰিলক্ষিত হৈছিল৷ অৱশ্যে ইয়াৰ বাবে তেওঁৰ কিছুমান অতিৰিক্ত সুবিধাও আছিল৷ বিশেষকৈ গান্ধী পৰিয়ালৰ সৈতে থকা ঘনিষ্ঠ সম্পর্কই তেওঁক বহুক্ষেত্রত দৃঢ়তাৰে সিদ্ধান্ত গ্রহণ আৰু সংকল্প লোৱাত অতিৰিক্ত সুবিধা প্রদান কৰিছিল৷ তেওঁ অসমৰ ৰাজনীতিৰ ক্ষেত্রত গ্রহণ কৰা সিদ্ধান্ত তথা পৰিকল্পনাত কংগ্রেছৰ শীর্ষ নেতৃত্বত থকা গান্ধী পৰিয়ালৰ আছিল অগাধ বিশ্বাস৷ নহ’লে, অসমত এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ মিত্রতা একপ্রকাৰ অসম্ভৱ আছিল৷
কংগ্রেছৰ বাবে আজিৰ তাৰিখত সবাতকৈ কঠিন প্রত্যাহ্বানটো হ’ল, ধাৰাবাহিক ব্যর্থতাৰ পৰা নিজকে তুলি ধৰাটো৷ কথাটো ইমান সহজো নহয়৷ দলটোৰ ৰাষ্ট্রীয় নেতৃত্ব এতিয়া ব্যর্থ লোকেৰে ভৰা৷ তেওঁলোকে না কংগ্রেছ কর্মীক সাফল্যৰ সপোন দেখুৱাব পাৰে, না নিজেও কিবা বৈপ্লৱিক পৰিকল্পনা লৈ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিব পৰা অৱস্থাত আছে৷ সঁচা কথা ক’বলৈ গ’লে, দলটো এতিয়া ব’ঠাবিহীন নাও এখনৰ দৰে চলি আছে৷ সেয়ে দলটোৰ মজিয়াত অভিযোগ–প্রতিভিযোগ হৈ পৰিছে নৈমিত্তিক কাম–কাজৰ অবিচ্ছেদ্য অংগ৷ আচলতে ধাৰাবাহিক ব্যর্থতাৰ এইটো অৱশ্যম্ভাৱী পৰিণতি৷ দল এটা সফল হৈ থাকিলে, সকলো ঠিকে–ঠাকে থাকে৷ ব্যর্থতাতহে দুর্বল দিশবোৰ ওলাই পৰে৷ লগতে হলা গছত বাগি কুঠাৰ মাৰিবলৈ লোকৰ অভাৱ নোহোৱা হয়৷ দলটোৰ ২০১৪ চনৰ লোকসভা নির্বাচনত যি ছন্দপতন আৰম্ভ হ’ল, তাৰ পৰা দলটোৱে আজিও নিজকে ডত্তৰণ ঘটাব নোৱাৰিলে৷ মাজতে দুখনমান ৰাজ্যৰ বিধানসভা নির্বাচনত জয়ী হৈ দলটোৱে আশাৰ বতৰা কঢ়িয়াইছিল যদিও অন্তিমটো লোকসভা নির্বাচনত কংগ্রেছে তাৰ সুফল আদায় কৰিব নোৱাৰিলে৷ ব্যর্থতাৰ গ্রাফডাল নিম্নমুখী হৈয়েই থাকিল৷ এই মুহূর্তত কংগ্রেছক এটা মধুৰ বিজয় লাগে অথবা বিজেপিৰ পৰাজয় লাগে৷ বিহাৰ বিধানসভা নির্বাচনত সেইটো সম্ভৱ নাছিল৷ পশ্চিমবংগ বিধানসভা নির্বাচনতো সেই সম্ভাৱনা শূন্য৷ ৰাজ্যখনত কংগ্রেছ স্থিতিহীন৷ সম্ভাৱনা আছে মাথোঁ অসমত৷ কিন্তু অসমতো কংগ্রেছে একক শক্তিৰে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত নাই৷ কিন্তু শক্তিশালী মিত্রজোঁট গঠনৰ জৰিয়তে বিজেপিৰ দিছপুৰ যাত্রাত বাধাৰ সৃষ্টি কৰিব পাৰি৷ কেনেবাকৈ যদি বিজেপিক ৪০–৪৫খন আসনৰ মাজত সীমাবদ্ধ কৰি ৰাখিব পৰা যায়, নির্বাচনোত্তৰ মিত্রতাৰে কংগ্রেছ শাসনলৈ আহিব পাৰে৷ কিয়নো বিজেপি নেতৃত্বাধীন মিত্রজোঁটতো কেৰোণ আছে৷ অগপৰ সৈতে দলটোৰ মিত্রতা অব্যাহত থাকিলেও অসন্তুষ্টিও যথেষ্ট আছে৷ নির্বাচনত আসন বুজাবুজিয়ে সেই অসন্তুষ্টিক অধিক তীব্র কৰি তুলিব পাৰে৷ তেনেদৰে আন দল বা প্রার্থীৰ পৰাও সমর্থন পাব পৰাৰ সম্ভাৱনা এটা নথকা নহয়৷ ৰাজনীতিত সকলো সম্ভৱ৷ সদ্যপ্রয়াত তৰুণ গগৈয়ে সেই কথাটো মর্মে মর্মে ডপলব্ধি কৰিব পাৰিছিল৷ সেয়ে তেওঁ অসমত এ আই ইড ডি এফৰ সৈতে কংগ্রেছৰ মিত্রতা বিচাৰিছিল৷ তেওঁ সুস্থ হৈ থকা অৱস্থাত দুয়ো দলৰ মিত্রতাৰ কথা–বতৰা ভালেখিনি আগবাঢ়িছিল৷ কিন্তু অসুস্থ হৈ পৰাৰ পাছৰে পৰা মহাজোঁট বন্ধনেই হওক বা এ আই ইড ডি এফৰ সৈতে মিত্রতা, দুয়োটা গেঁঠেলা মাৰি থাকিল৷ গতিকে, তৰুণ গগৈৰ অবর্তমানত কংগ্রেছৰ এই মিত্রতাৰ ৰাজনীতি সফল হ’বনে, তাক লৈ প্রশ্ণ ডঠা স্বাভাৱিক৷ এতিয়া দলটোত দ্বিধাগ্রস্ত নেতাসকল মূৰ দাঙি ডঠাৰ সম্ভাৱনা আছে৷ লগতে মিত্রতাৰ ৰাজনীতিৰ ফলত সমষ্টি হেৰুওৱাৰ আশংকাত ভুগি থকা নেতাসকলো গা–মূৰ জোকাৰি সন্মুখলৈ আহিব পাৰে৷
তৰুণ গগৈৰ অবর্তমানত এতিয়া কংগ্রেছত কি হ’ব পাৰে? প্রথম কথা গ্রহণযোগ্য নেতাৰ অভাৱ ঘটিব৷ এ আই ইড ডি এফ নতুবা মিত্রতাৰ বাবে আগ্রহী আন দলক আসনৰ বুজাপৰাৰ ক্ষেত্রত সৈমান কৰিব পৰাকৈ কংগ্রেছৰ ৰাজ্যিক নেতৃত্বত তেনে ব্যক্তি এই মুহূর্তত নাই বুলিবই পাৰি৷ দলটোত যিকেইজন নেতা আছে, তেওঁলোকৰ কোনোৱে এশখন, কোনোৱে নব্বৈখন আসনত কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰি থৈছে৷ এটা শক্তিশালী দলক পৰাজিত কৰিবলৈ ওলোৱা প্রধান দলটোৰ নেতাৰ মুখত এনেধৰণৰ কথা শোভা নাপায়৷ ইয়ে মিত্রতাত আডল লগাবই লগাব৷ এ আই ইড ডি এফে ১০–১৫খন আসনত সন্তুষ্ট হৈ থাকিব বুলি আশা কৰিব নোৱাৰি৷ দিল্লীতো দলটোৰ প্রভাৱশালী নেতা নাই৷ ধাৰাবাহিক ব্যর্থতাই ছোনিয়া গান্ধী, প্রিয়ংকা ৱদ্রা, ৰাহুল গান্ধীৰ ভাবমূর্তি বহুখিনি ম্লান কৰি পেলাইছে৷ তদুপৰি, দলটোৰ সন্মুখত এটা ডাঙৰ প্রত্যাহ্বান আছে বিজেপিৰ প্রচাৰ৷ যেতিয়াৰে পৰা কংগ্রেছ আৰু এ আই ইড ডি এফৰ মিত্রতা হ’ব বুলি চর্চা আৰম্ভ হৈছে, তেতিয়াৰে পৰা বিজেপিয়ে দুয়োটা দলৰ মিত্রতাত হেঙাৰৰ সৃষ্টি কৰিবলৈ যিমানখিনি পাৰি, কৰিবলৈ আৰম্ভ কৰি দিছে৷ ইয়াৰ প্রভাৱ ইতিমধ্যে কংগ্রেছৰ বহু নেতাৰ মানসিক জগতখনত পৰিছেই৷ ডজনিত সমষ্টি হেৰুৱাব বুলি ভয় খাই এ আই ইড ডি এফৰে মিত্রতা হ’ব নালাগে বুলি ডজনিৰ কেইবাজনো নেতাই মুকলিকৈ ঘোষণা কৰি ৰাজ্যিক নেতৃত্বৰে সংঘাততো লিপ্ত হৈছে৷ কাৰণ, প্রতিপক্ষৰ তৰফৰ পৰা জোৰদাৰভাৱে সেই প্রচাৰটো চলোৱা হৈছে৷ অকল সেয়াই নহয়, বিজেপি বা আন কংগ্রেছবিৰোধী দলে দুয়োটা দলৰ মিত্রতাক ‘অশুভ মিত্রতা’ বুলিও প্রচাৰ অব্যাহত ৰাখিছে৷ ইয়াৰ লক্ষ্য এটাই, অৱশেষত যদি দল দুটাৰ মিত্রতা গঢ়িও ডঠে, জনসাধাৰণৰ মাজত যেন অশুভ মিত্রতাৰ বার্তাটো যায়৷ এনে প্রচাৰৰ সন্মুখত তৰুণ গগৈ আছিল নির্বিকাৰ৷ তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা বহু বছৰৰ৷ সেই অভিজ্ঞতাৰে তেওঁ ভালদৰেই বুজিব পাৰিছিল যে পৰিসংখ্যাৰ খেলখন বেলেগ৷ বিৰোধীৰ ভোট বিভাজন ৰোধ কৰিব পাৰিলে, শক্তিশালী দলৰো বিজয় ৰথৰ গতি স্তব্ধ কৰি দিব পাৰি৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত কিমানটা সমষ্টিত বিৰোধীৰ ভোট বিভাজনৰ সুবিধা বিজেপি অথবা অগপই লাভ কৰিছিল, সেই হিচাপটো তেওঁ নকৰাকৈ থকা নাছিল৷ সেয়ে তেওঁ দৃঢ় হৈ আছিল৷ কিন্তু পৰৱর্তী নেতৃত্বই সেই দৃঢ়তা দেখুৱাব পাৰিবনে নাই, সেইটো এতিয়াও সন্দেহৰ আৱর্তত৷ অকল সেয়াই নহয়, ৰাজ্যিক কংগ্রেছত সফল নির্বাচনী ৰণকৌশল প্রস্তুতকর্তাৰো এতিয়া অভাৱ৷ তৰুণ গগৈয়ে মুখ্যমন্ত্রী হৈ থকা সময়ত কংগ্রেছত কেইবাজনো তেনে দক্ষ নেতা আছিল৷ এটা ‘টীম’ আছিল৷ কিন্তু এতিয়া সেই দলটো নাই৷ তাৰে বহুতেই কংগ্রেছ এৰিলে৷ দলটোৰ অভাৱ ২০১৬ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে বাৰুকৈয়ে অনুভৱ কৰিছিল৷ ৰাজ্যখনৰ জনসাধাৰণেও তাক লক্ষ্য কৰিছিল৷ এতিয়া দলটোত নীতি–নির্ধাৰকৰ ৰূপত থকা নেতাসকলৰ বেছিভাগেই নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ব্যস্ত থকা৷ তেনে নেতাই দিল্লীৰ পৰা দিছপুৰলৈ দক্ষ নেতাৰে ভৰি থকা দল এটাৰ ৰণকৌশলক ভোটা কৰিব পাৰিবনে নাই, সেইটোও সন্দেহৰ আৱর্তত৷ মুঠতে তৰুণ গগৈৰ মৃত্যু কংগ্রেছৰ বাবে এটা অকল্পনীয় আঘাত বুলি দ্বিধাহীনভাৱে ক’ব পাৰি৷ তেওঁৰ অবর্তমানে অসমত পৰৱর্তী চৰকাৰ গঠনৰ ক্ষেত্রত কংগ্রেছৰ সম্ভাৱনা ভালেখিনি হ্রাস কৰিলে৷