নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰ পৰিদর্শন কৰি অভিভূত হোমেন বৰগোহাঞি

‘সাউদৰ পুতেকে নাও মেলি যায়’ উপন্যাসৰ অনুপ্রেৰণাত আগিয়াত স্থাপিত পুথিভঁৰাল

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ  কোনো এগৰাকী ঔপন্যাসিকে নিজস্ব দৃষ্টিভংগী, সূক্ষ্ম চিন্তা আৰু বিবেচনাৰে কোনো এটা বিষয়ক আলফুলীয়া কল্পনাৰ ৰহণ সানি শব্দৰ মালিতাৰে পাঠক সমাজলৈ আগবঢ়োৱাৰ পিছত লেখকৰ কল্পনাৰ সেই বিষয়টোৰ পৰা অনুপ্রাণিত হৈ যদি কোনোবাই তাক বাস্তৱত প্রতিফলিত কৰি দেখুৱায়, তাতকৈ সুখ আৰু লেখকৰ বাবে কি হ’ব পাৰে এখন উপন্যাসে যদি এটা পুথিভঁৰালৰ জন্ম দিব পাৰে, সেয়া উপন্যাসখনৰ সার্থকতাক যেন দুগুণ ঊর্ধ্বগামী কৰি তোলে৷ সেয়ে কালি গোৱালপাৰাৰ আগিয়াত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মুখৰ পৰাই ওলাই গ’ল– ‘মই ‘সাউদৰ পুতেকে নাও মেলি যায়’ উপন্যাসখন লিখাটো সার্থক হৈছে৷’ উল্লেখ্য যে স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ উপন্যাসখনত বর্ণিত এটা পুথিভঁৰালৰ পৰা অনুপ্রাণিত হৈ মনজিত নাথৰ তত্ত্বাৱধানত ২০০৯ বর্ষতে গোৱালপাৰা জিলাৰ আগিয়াত স্থাপন কৰা হৈছিল মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰ৷ ২০১৫ চনত প্রথমবাৰ এই পুথিভঁৰালত পদার্পণ কৰি ঔপন্যাসিক বৰগোহাঞি অভিভূত হৈ পৰিছিল আৰু পৰৱর্তী সময়ত তেওঁ নিজে দুই শতাধিক গ্রন্থ পুথিভঁৰালটোলৈ আগবঢ়াইছিল৷ কালি তেওঁ দ্বিতীয়বাৰৰ বাবে গ্রন্থাগাৰটোত প্রৱেশ কৰি নিজৰ উপন্যাসখন যেন পুনৰ বাস্তৱত প্রত্যক্ষ কৰে৷ কথাশিল্পীগৰাকী উপস্থিত হোৱাৰ সময়ত পুথিভঁৰালত সমৱেত হয় আগিয়া শাখা সাহিত্য সভাৰ সভাপতি পদ্ম বাহাদুৰ গুৰুঙৰ নেতৃত্বত এটা প্রতিনিধি দল, ‘বাদুংদুপ্পা’ৰ সম্পাদক লক্ষীকান্ত ৰাভা, লেখক ৰিপুঞ্জয় কুমাৰ নাথৰ লগতে বহুসংখ্যক সাহিত্যানুৰাগী৷ ৰাইজৰ সৈতে মত বিনিময় অনুষ্ঠানটোৰ আঁত ধৰে ৰাজ্যিক বঁটাপ্রাপ্ত কৃতী শিক্ষয়িত্রী হিৰণপ্রভা দেৱীয়ে৷ আগিয়াৰ স্থানীয় লোকসকলে সাহিত্যিকগৰাকীক স্থানীয় লেখকে লিখা কেইবাখনো গ্রন্থ উপহাৰ দিয়ে৷ মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰৰ পৰা কথাশিল্পীগৰাকী ৰামপুৰস্থিত নাট্যচর্চাৰ কেন্দ্র ‘বাদুংদুপ্পা’লৈ যায়৷ ‘আণ্ডাৰ দ্য শাল ড্রী’ শীর্ষক আন্তঃৰাষ্ট্রীয় পর্যায়তো সমাদৃত ব্যতিক্রমী নাট্যধাৰাৰ স্রষ্টা বিশিষ্ট নাট্যকর্মী শুক্রাচার্য ৰাভাৰ বিয়োগৰ পিছত কেনেদৰে চলিছে ‘বাদুংদুপ্পা’, তাৰো তেওঁ খা–খবৰ কৰে৷ শুক্রাচার্য ৰাভাৰ পত্নী চিনা ৰাভাৰ সৈতে বহু সময় মত বিনিময় কৰি ‘বাদুংদুপ্পা’ৰ নাট্য পৰিৱেশ, নাট্যচর্চা, পৰিচালনা কেনেকৈ চলিছে, তাৰ বুজ লয়৷ উল্লেখ্য যে বর্তমানলৈ ‘বাদুংদুপ্পা’ৰ ব্যতিক্রমী নাট্যধাৰা নিৰৱচ্ছিন্নভাৱে চলি থকাত অতিশয় সুখ অনুভৱ কৰে বিশিষ্ট কথাশিল্পীগৰাকীয়ে৷ ক’ৰোনাকালীন সকলো প্রট’কল মানি অহা ১৫ ডিচেম্বৰৰ পৰা ‘আণ্ডাৰ দ্য শাল ড্রী’ নাট্য সমাৰোহখন অনুষ্ঠিত হ’ব বুলি জানি তেওঁ হিয়া উজাৰি শুভকামনা জনায়৷ উল্লেখ্য যে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে সম্পূর্ণ ব্যক্তিগত কাৰণত গোৱালপাৰালৈ আহিছিল৷ ব্যস্ত সময়সূচীৰ মাজতে আগিয়াৰ মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰ আৰু ৰামপুৰৰ ‘বাদুংদুপ্পা’লৈ গৈ খবৰ কৰা বিশিষ্ট সাহিত্যিক বৰগোহাঞিৰ মহানুভৱতাত অভিভূত হৈ পৰিছে স্থানীয় লোকসকল৷

You might also like