নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনত কংগ্রেছ ইউডিএফৰ মিত্রতা অপৱিত্র মিত্রতা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ‘কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা অপৱিত্র মিত্রতা৷ কংগ্রেছ–এআইইউডিএফ এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ এই অপশক্তিক কোনো কাৰণতে প্রশ্রয় দিয়া নহ’ব৷ বিজেপি মানে উন্নয়ন, বিজেপি মানে মর্যাদা, বিজেপি মানে পৰিৱর্তন, উন্নয়ন৷’–এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ বিটিচিৰ মথনগুৰি সমষ্টিৰ নিমুৱাত বিজেপিৰ নির্বাচনী প্রচাৰ সভাত উপস্থিত থাকি লগতে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক অসৎ শক্তি বুলি আখ্যা দি মুখ্যমন্ত্রী সোণোৱালে এই অসৎ শক্তিয়ে যাতে আগন্তুক দিনত অসমৰ বৰাক, ব্রহ্মপুত্র, পাহাৰ, ভৈয়ামৰ বৃহত্তৰ অসমীয়া জাতিক কোনো কাৰণতে ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে জাগ্রতপ্রহৰীৰ ভূমিকাত প্রধান ভূমিকাত বিজেপি আছে৷ গতিকে বিজেপিয়ে এনেধৰণৰ অপশক্তিক গা কৰি উঠিব নিদিয়ে৷ বিটিআৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷

বিটিআৰৰ চাৰিখন জিলাৰ ৰাইজ, সকলো জাতি–জনগোষ্ঠীয়ে বিগত পোন্ধৰটা বছৰত চলোৱা অপশাসন, দুর্নীতিৰ দৃশ্য দেখিলে৷ তিক্ত অভিজ্ঞতা পালে৷ ইয়াৰ পৰিত্রাণ বিচাৰিছে৷ পৰিত্রাণ দিব পৰা শক্তি বর্তমান ভাৰতবর্ষত বিজেপি৷ প্রতিগৰাকী নাগৰিকৰ নিৰাপত্তাৰ বাবে, উন্নয়নৰ স্বার্থত এইবাৰ বিটিআৰত বিজেপিৰ চৰকাৰ নিশ্চিত৷ বিটিচিত বসবাস কৰা ৰাইজৰ সর্বাংগীণ উন্নয়নৰ বাবে, জীৱন–সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰু প্রতিটো পৰিয়ালক কর্মসংস্থাপন দিয়াৰ বাবে আগন্তুক দিনত বিটিআৰত বিজেপিৰ চৰকাৰ হ’ব৷

ইতিমধ্যে বিটিচিৰ চাৰিখন জিলাৰ ৰাইজে নিশ্চিত কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে বিপিএফক চোকা সমালোচনা কৰি বিগত দিনৰ দুর্নীতি, অপশাসনৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে বিটিচিৰ ৰাইজে বুলি মন্তব্য কৰে৷ এই অপশক্তিক কোনো কাৰণতে প্রশ্রয় দিয়া নহ’ব আৰু বিজেপি আছে মানে কোনো কাৰণতে ৰাইজৰ ক্ষতি হ’ব নোৱাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

২০নং মথনগুৰি সমষ্টিৰ বিজেপিৰ প্রার্থী গৌতম দাসৰ হৈ চলোৱা নির্বাচনী প্রচাৰ সভাখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সংগ দি ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে বিটিআৰত বিজেপি চৰকাৰ নিশ্চিত বুলি দাবী কৰে৷ সভাপতি ৰঞ্জিত কুমাৰ দাসে ওদালগুৰিৰ ১০খন আসনৰ ৮খন, বাক্সাত ৭খন আৰু কোকৰাঝাৰ, চিৰাং মিলাই একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি কয়৷

You might also like