নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ বিৰুদ্ধে প্রতিবাদত নৱ শৰণীয়াৰ ৰাজহুৱা মুণ্ডন

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৰাজহুৱা মুণ্ডন কৰি চাঞ্চল্য সৃষ্টি কৰে৷  বাক্সা জিলাৰ অদালবাৰীৰ মনসা চ’কত ২৪নং মুছলপুৰ সমষ্টিৰ প্রার্থী খনীন ডেকাৰ সমর্থনত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত ভাগ লৈ সাংসদগৰাকীয়ে কয় যে বি টি এ ডিত অসমীয়া ভাষাক নিঃশেষৰ ষড়যন্ত্র কৰিছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বি টি আৰ চুক্তিৰ জৰিয়তে হাগ্রামা মহিলাৰী আৰু প্রমোদ বড়োৰ সৈতে লগ লাগি অসমীয়া ভাষাক চতুর্থ স্থানলৈ অৱনমিত কৰিছে৷

এতিয়া বিটিচি অথবা বি টি আৰত অসমীয়া ভাষাৰ স্থান চতুর্থ৷ অসমত অসমীয়া ভাষা প্রথম হোৱাৰ দৰে বি টি এ ডিতো প্রথম হোৱা উচিত৷ আমি আন ভাষাৰ বিৰোধী নহয়, কিন্তু অসম চৰকাৰে বি টি এ ডিত অসমীয়া ভাষাক চতুর্থ স্থানত অৱনমিত কৰা কার্যক তীব্র বিৰোধিতা কৰে৷

ইয়াৰ পাছতে এনে কার্যৰ বিৰোধিতাৰে কৰা হয় ৰাজহুৱা মুণ্ডন৷ ৰাজহুৱা মঞ্চত কেইবাগৰাকী লোকৰ সৈতে সাংসদ নৱ কুমাৰ শৰণীয়াই মুণ্ডন কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ মুণ্ডন কৰি বি টি এ ডিত অসমীয়া ভাষা সদায়েই প্রথম স্থানত থাকিব লাগিব বুলি মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷

You might also like