গোলাঘাট আৰু নগাঁও জিলা আৰক্ষীক আৰণ্যকৰ বলেৰো কেম্পাৰ বাহন প্ৰদান
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়ঁৰ লগতে অন্যান্য জীৱ জন্তু সমূহৰ বিৰুদ্ধে চলি অহা অপৰাধ জনিত কাৰ্যকলাপ সমূহ ৰোধ কৰাত অধিক উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে আৰণ্যকে Wildlife Conservation Network ৰ Rhino Rescue Fund ৰ সহায়ত শনিবাৰে গোলাঘাট জিলা আৰক্ষী আৰু নগাঁও জিলা আৰক্ষীক একোখনকৈ বলেৰো কেম্পাৰ বাহন প্ৰদান কৰে। উল্লেযোগ্য যে গোলাঘাট আৰু নগাঁও জিলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৭০-৮০% ঠাই অধিকাৰ কৰি আছে আৰু গড়ঁৰ চোৰাং চিকাৰ ৰোধ কৰাত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।
লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি কহঁৰা আৰক্ষী অতিথিশালাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. চিবকুমাৰ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপ লগতে আন আন আৰক্ষী বিষয়া সকল উপস্থিত থাকে। এই অনুষ্ঠানত আৰণ্যকৰ সচিবপ্ৰধান ড০ বিভৱ কুমাৰ তালুকদাৰে আনুষ্ঠানিক ভাবে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু কলিয়াবৰৰ SDPO মৃন্ময় দাসক বাহন দুখন হস্তান্তৰ কৰে।